ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত শ্ৰমিকৰ সৈতে চাহপাত তুলিলে প্রধানমন্ত্রী মোদীয়ে

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত শ্ৰমিকৰ সৈতে চাহপাত তুলিলে প্রধানমন্ত্রী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ চাহ শ্রমিকৰ সৈতে এক অন্তৰংগ সময় অতিবাহিত কৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে নিশা বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিশাটো মনোহাৰী চাহ বাগিচাৰ ৰিজ’ৰ্টত কটায় ৷ বুধবাৰে পুৱাই প্ৰচাৰ সভাত অংশ লোৱাৰ পূৰ্বে মনোহাৰী চাহ বাগিচাত উপস্থিতহৈ প্ৰধানমন্ত্ৰীয়ে বাগিচাৰ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে । বুধবাৰে পুৱা প্রধানমন্ত্রী মোদীয়ে পুৱাই বিশাল চাহ বাগিচাখন কিছু সময় ভ্ৰমণ কৰি আপ্লুত হয় আৰু শ্রমিকসকলৰ মাজত প্রায় ১০-১৫ মিনিট সময় কটায়। অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত ৰঙা পাৰি দিয়া বগা শাড়ী পৰিহিত মহিলা শ্রমিকসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে চাহপাত ছিঙাও পৰিলক্ষিত হয়।  প্রধানমন্ত্রীয়ে চাহ শ্রমিক মহিলাসকলৰ সৈতে অতি সহজ তথা সৰলভাৱে কথা পাতি তেওঁলোকৰ সন্তানৰ শিক্ষা, দৈনিক মজুৰি, কামৰ সময় আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য কার্ড লাভ কৰিছে নে নাই সেই বিষয়ে সোধা-পোছা কৰে।

ইয়াৰ উপৰি তেওঁ চাহ বাগিচাৰ ভিতৰত থকা চিকিৎসালয়ৰ সা-সুবিধাৰ বুজ লয়। প্রধানমন্ত্রীয়ে মহিলা চাহ শ্রমিকসকলে পৰিৱেশন কৰা পৰম্পৰাগত ঝুমুৰ নৃত্যও উপভোগ কৰে। প্ৰধানমন্ত্ৰীয়ে মনোহাৰী চাহ বাগিচাৰ মহিলা শ্ৰমিকৰ সৈতে বাৰ্তালাপৰ সময়ত ‘মই যে চাইৱালা আছিলোঁ তোমালোকে জানানে’ বুলি চাহ বিক্ৰী কৰাৰ কথা সুঁৱৰিলে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত আপ্লুত হৈ এগৰাকী মহিলা চাহ শ্রমিকে তেওঁলোকৰ কামৰ পৰিৱেশৰ সবিশেষ জানিবলৈ দি কয়, ‘তেওঁ আমাক বহুত কথা সুধিলে- আমাৰ ল’ৰা-ছোৱালী, কাম আৰু স্বাস্থ্যসেৱাৰ বিষয়ে। আমি তেওঁক ক’লোঁ যে আমি দিনে ২৫০ টকাকৈ পাওঁ, মাহত ২৪ দিন কাম কৰোঁ আৰু ৬ দিন ছুটী পাওঁ। আমাৰ কাম বিয়লি ৪.৩০ বজাত শেষ হয়।’ এই আদান-প্রদানৰ সময়ত শ্রমিকসকলৰ মাজত এক উষ্ম পৰিৱেশৰ সৃষ্টি হয় আৰু বহুতৰে বাবে প্ৰধানমন্ত্ৰীৰ সৈতে ছেলিল্ল্ফ লোৱাটো এক চিৰস্মৰণীয় মুহূৰ্ত হৈ পৰে।

পিছত মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ৰ জৰিয়তে চাহ জনজাতীয় সমাজৰ প্রতি শ্রদ্ধা নিবেদি লিখে- ‘প্রতিটো চাহ বাগান পৰিয়ালৰ প্রচেষ্টাক লৈ আমি অতি গৌৰৱান্বিত। তেওঁলোকৰ পৰিশ্ৰম আৰু দৃঢ়তাই অসমৰ গৌৰৱ বৃদ্ধিকৰিছে।’ আন এটা পোষ্টত তেওঁ আনন্দৰে লিখে- ‘চাহপাত ছিঙাৰ পিছত মহিলাসকলে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে কথা পাতিলে আৰু লগতে ছেল্ল্ফিও লোৱা হ’ল!’ বাগিচা ভ্রমণৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ধেমাজি জিলাৰ গোগামুখলৈ ৰাওনা হয় আৰু তাত অসমৰ প্ৰথমখন নির্বাচনী সভাত ভাষণ দি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।