ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তৃতীয় শুনানিত মহাধিবক্তা দেৱজিৎ শইকীয়া উপস্থিত
ৰঙিলী বাৰ্ত্তাসেৱা- ফাষ্টট্রেক আদালতত চলি থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ তৃতীয় দিনটোত বুধবাৰে শুনানিত উপস্থিত থাকে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া । ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত উপস্থিত থাকি মহাধিবক্তাগৰাকীয়ে শুনানি প্ৰক্ৰিয়াৰ বুজ লয় ।অসম চৰকাৰৰ মোকৰ্দমা সঞ্চালক (Director of Prosecution) মাখন ফুকনৰ সৈতে আদালতত উপস্থিত থাকি মহাধিবক্তাই কেইবাঘণ্টা ধৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, যুক্তিপৰ্ব নিৰীক্ষণ কৰে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই কয় যে জুবিন গাৰ্গৰ মৃত্যু গোচৰত যাতে কোনো বিসংগতি নাথাকে সেয়া ৰাজ্য চৰকাৰে পৰ্যায়ক্রমে নিৰীক্ষণ কৰি আছে। সংবাদ মাধ্যমৰ আগত দেৱজিৎ লন শইকীয়াই কয় যে গোচৰটোৰ দৈনিক শুনানি হৈ আছে। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বৰ স্পেচিয়েল প্রচিকিউচন টীমে গোচৰটো খুব ভালকৈ চাই আছে। ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে মই গোচৰৰ শুনানিত উপস্থিত থাকোঁ। গোচৰটোত যাতে কোনো বিসংগতি বা সুৰুঙা থাকি নাযায় তাক নিৰীক্ষণ কৰি আছোঁ। গোচৰটো যাতে সুকলমে নিষ্পত্তি কৰিব পৰা যায় তাকো নিৰীক্ষণ কৰি থকা হৈছে। এই গোচৰটোক অসম চৰকাৰে প্রথম অগ্ৰাধিকাৰ দিছে। সেই কাৰণে আদালতলৈ মই নিজে আহিছোঁ। আমাৰ সাতজনীয়া প্রচিকিউচন টীমে বিপৰীত পক্ষৰ যুক্তিবোৰ টুকি লৈছে আৰু বিপৰীত পক্ষৰ যুক্তিবোৰ শেষ হোৱাৰ পিছত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব। এইক্ষেত্ৰত যদি প্রয়োজন হয় মই নিজেও আদালতত যুক্তি দিম। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ফাষ্টট্রেক আদালতত ক্রমাগত তৃতীয় দিনৰ কাৰণে শুনানি সম্পন্ন হয়। আদালতত প্রথমগৰাকী অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ শুনানি লোৱা হয় যদিও ই অসমাপ্ত হৈ ৰয়। সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ শুনানি কাইলৈকো লোৱা হ’ব। আনহাতে চতুৰ্থগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তাৰ শুনানিও অসমাপ্ত হৈ ৰয়। অমৃতপ্রভা মহন্তৰ অধিবক্তাৰ শুনানি দ্বিতীয় পর্যায়ত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। গোচৰৰ দ্বিতীয়গৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাৰ শুনানি সম্পূর্ণ হয়। স্মৰ্তব্য যে তৃতীয় দিনৰ শুনানিৰ সময়তো আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। আদালত কক্ষৰ পৰা ওলাই আহি গৰিমা গাৰ্গে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ পুনৰ আহ্বান জনায়।
