আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ-নীতিন গাডকাৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী দুয়ো পক্ষৰে ষ্টাৰ কেম্পেইনাৰে ভৰি পৰিছে অসম। দিছপুৰ দখলৰ লক্ষ্যৰে উজনিৰ পৰা নামনিলৈ সকলোৱে চলাইছে ধাৰাবাহিক নির্বাচনী প্ৰচাৰ। আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। বিয়লি ২ বজাত অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৩ বজাত মিছা হাইস্কুল খেলপথাৰত অমিত শ্বাহে অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত। বৃহস্পতিবাৰে নিশাটো কইনাধৰাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে গোলকগঞ্জ, দুধনৈ আৰু পলাশবাৰীত অমিত শ্বাহে চলাব নিৰ্বাচনী প্ৰচাৰ। অৱশ্যে ভোটৰ পূৰ্বে সাত এপ্ৰিলত তেওঁ পুনৰ অসমলৈ আহি পাথাৰকান্দি, হাইলাকান্দি আৰু শিলচৰত অন্তিমখন নির্বাচনী সভাত অংশ ল’ব।ইফালে, আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও। দুটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব গাডকাৰীয়ে। নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাব গাডকাৰীয়ে। লগতে পলাশবাৰীৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ হৈ চলাব প্ৰচাৰ। ইয়াৰ পাছত অহা তিনি এপ্ৰিলৰ দিনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ অসমলৈ আহি বৰপেটা, বৰচলাত প্ৰচাৰ চলাব। একেদৰে সেই দিনাই দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব লগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটীত তিনিখনকৈ জনসভাত অংশ গ্রহণ কৰিব। চাৰি এপ্ৰিলৰ দিনাও দলৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে বৰাকৰ ৰামকৃষ্ণ নগৰ আৰু লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্রহণ কৰিব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে পাঁচ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহানে বোকাখাত আৰু নদুৱাৰত প্ৰচাৰ চলোৱাৰ পাছত ছয় এপ্ৰিলৰ দিনা কেন্দ্রীয় মন্ত্রী তথা দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ডুমডুমা আৰু নাওবৈচা সমষ্টিত নির্বাচনী সভাত অংশ ল’ব। দলৰ এইসকল জ্যেষ্ঠ নেতাৰ উপৰি বাবুলাল মাৰান্দি, মনোজ তিৱাৰীকে ধৰি আন বহু কেইগৰাকী নেতা নির্বাচনী প্ৰচাৰ চলাবলৈ আহিব। আনহাতে, আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। বোকাজান আৰু তিতাবৰত প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ আজিৰে পৰা অসমত আছাদুদ্দিন ওৱেইছীয়ে চলাব প্ৰচাৰ। বৃহস্পতিবাৰে মাৰাথন প্ৰচাৰ চলাব এ আই এম আই এমৰ নেতাগৰাকীয়ে। ধিং, লাহৰীঘাট, দলগাঁও, পাকাবেতবাৰী সমষ্টিত ওৱেইছীয়ে চলাব প্ৰচাৰ। ৰূপহীহাট, চামগুৰি আৰু বিন্নাকান্দিতো আজি ওৱেছিৰ সভা। শুকুৰবাৰে গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত ওৱেইছীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ।
