সম্পৰ্ক: মানুহ জীৱনৰ মূল ভেটি আৰু সাফল্যৰ চাবিকাঠি
দৰ্শিতা নেওগ,
যোৰহাট
বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ মাজত মানুহৰ জীৱন যথেষ্ট সৰল হৈছে যদিও মানৱীয় সম্পৰ্কবোৰ ধীৰে ধীৰে জটিল হৈ পৰিছে। “সম্পৰ্ক” হৈছে মানুহ জীৱনৰ এক গুৰুত্বপূর্ণ অংশ, যাৰ অবিহনে সুখী আৰু শান্তিপূৰ্ণ জীৱন কল্পনা কৰিব নোৱাৰি। মানুহে জন্মৰ পৰা মৃত্যু পৰ্যন্ত বিভিন্ন ধৰণৰ সম্পৰ্কৰ মাজতেই জীৱন অতিবাহিত কৰে।
সম্পৰ্ক কেৱল ৰক্তৰ বন্ধনতেই সীমাবদ্ধ নহয়; ই মৰম, বিশ্বাস, সন্মান, সহানুভূতি আৰু বুজাবুজিৰ এক সুন্দৰ সংমিশ্ৰণ। এটা সুস্থ সম্পৰ্ক গঢ়ি তুলিবলৈ সততা, ধৈৰ্য্য আৰু একে-অন্যৰ প্ৰতি যত্নৰ প্ৰয়োজন। যদি এই মূল্যবোধবোৰ নাথাকে, তেন্তে যিকোনো সম্পৰ্কই সময়ৰ লগে লগে দুৰ্বল হৈ পৰে।
আজিৰ ব্যস্ত জীৱনত মানুহে নিজৰ কাম আৰু ব্যক্তিগত লাভত অধিক গুৰুত্ব দিয়ে, যাৰ ফলত পৰিয়াল আৰু বন্ধুত্বৰ সম্পৰ্কবোৰ অৱহেলিত হৈ পৰে। বিশেষকৈ সামাজিক মাধ্যম আৰু ডিজিটেল জগতৰ প্ৰভাৱে মানুহক একে ঠাইত থাকিও মানসিকভাৱে দূৰত্ব সৃষ্টি কৰিছে। আগতে মানুহে একেলগে বহি কথা পাতি, আনন্দ-বেদনা ভাগ কৰি সম্পৰ্ক দৃঢ় কৰিছিল; কিন্তু6 এতিয়া এই প্ৰৱণতা কমি গৈছে।
সম্পৰ্ক টিকাই ৰাখিবলৈ যোগাযোগ অতি প্ৰয়োজনীয়। সঁচা কথা কোৱা, একে-অন্যৰ মতামতক সন্মান কৰা আৰু সমস্যাৰ সময়ত একেলগে থাকিব পাৰিলেই সম্পৰ্ক অধিক শক্তিশালী হয়। লগতে ক্ষমা কৰাৰ গুণ আৰু সহনশীলতা সম্পৰ্কৰ সুস্থতাৰ বাবে অতি দৰকাৰী।
শেষত ক’ব পাৰি—সম্পৰ্ক হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। ধন-সম্পত্তি বা সাফল্যৰ পৰা বেছি গুৰুত্বপূর্ণ হৈছে মানুহৰ মাজত থকা স্নেহ আৰু বিশ্বাস। সেয়েহে আমি সকলোয়ে চেষ্টা কৰিব লাগে সম্পৰ্কবোৰক মৰমেৰে গঢ়ি তুলি, যত্নেৰে ৰক্ষা কৰিবলৈ। ইয়ে আমাৰ জীৱনক অধিক সুখী আৰু অৰ্থপূর্ণ কৰি তুলিব।
