ৰাজনীতিত যুৱনেতাকো প্ৰাধান্য দিয়া উচিত
– সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক চতুৰ্থ ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনকলৈ ব্যাপক প্ৰস্তুতি। ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে অসমত প্ৰায় সকলো দলৰে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে। কিন্তু বহু দলৰে ৭০-৭৫ বছৰ পাৰ হোৱা পুৰণি কাৰ্যকৰ্তাই প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ পৰিলক্ষিত হৈছে। গতিকে নিশ্চিতভাৱে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা মই ক’বলৈ বিচাৰোঁ যে দলত নিষ্ঠাসহকাৰে ৰাইজৰ হকে কাম যুৱনেতাকো বিধানসভা নিৰ্বাচনত প্ৰাধান্য দিয়া উচিত। এনে নকৰি পুৰণি মন্ত্ৰী-বিধায়ককে প্ৰাৰ্থিত্বৰ দুৱাৰ খুলি দিয়াৰ দৃষ্টিগোচৰ হৈছে। এনেকুৱা হ’লে কেৱল দলৰেই নহয়, ৰাজনীতিলৈও স্থবিৰতা আহে। নতুন উঠি অহা নেতাকো সুযোগ প্ৰদান কৰি উন্নয়নৰ বীজ ৰোপণ কৰিব দিব লাগে।
