বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্ৰ। গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংকল্প পত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্ৰতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্রকাশ কৰিছে নির্বাচনী ইস্তাহাৰ। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আদৰণী ভাষণ প্রদান কৰে। অনুষ্ঠানটিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্ৰী ৰঞ্জিত দাস, কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি নেতৃবর্গ উপস্থিত থাকে। ইস্তাহাৰ মুকলি কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে অসম দ্রুত উন্নয়নশীল ৰাজ্য হিচাপে চিহ্নিত হৈছে। অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে। ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ অসমৰ বাবে এক শক্তিশালী পদক্ষেপ। এই ইস্তাহাৰ অসমৰ এটা দশকৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিটো কাম কংগ্রেছ দলে ৬০ বছৰতো কৰা নাছিল। তদুপৰি তেওঁ কয়- উত্তৰ-পূব অঞ্চলৰ দীর্ঘম্যাদী উন্নয়নত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাছিল। ৰাজ্যত বিজেপিৰ শাসন কালত সুযোগ যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল পুনৰ ৰাজ্যলৈ ঘূৰি আহিছে। অসমত বিজেপিয়ে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰখনত ৩১টা সংকল্প ৰখা হৈছে। ইয়াৰ ভিতৰত ৫ বছৰত ২ লাখ যুৱক-যুৱতীক চাকৰি, ১০ লাখ যুৱক-যুৱতীক কর্মসংস্থাপনৰ লক্ষ্য ৰখাটো উল্লেখ কৰে। তদুপৰি অৰুণোদয়ৰ আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধিৰ সংকল্প গ্রহণ কৰা হৈছে। ৰাজ্যজুৰি ৪০ লাখ মহিলাক স্বাৱলম্বী কৰাৰ বাবে এককালীন ২৫,০০০ টকা আর্থিক সহায় আগবঢ়োৱাৰ প্ৰতিশ্রুতিও দিছে দলটোৱে। চাহ বাগিচা সমাজৰ বহুদিনীয়া দাবীও এই সংকল্প পত্ৰত অন্তর্ভুক্ত কৰা হৈছে। চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰাৰ লগতে চাহ বাগিচাত বাস কৰা শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ‘সংকল্প পত্র’ত ঘোষণা কৰা অনুসৰি আগন্তুক পাঁচ বছৰত অসমৰ প্ৰতিখন জিলাত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত প্ৰদানৰ লক্ষ্য লোৱাৰ কথাও দলটোৱে ঘোষণা কৰিছে। আনহাতে, বাংলাদেশীয়ে দখল কৰা ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিব বুলিও প্রতিশ্রুতি প্ৰকাশ কৰিছে। শেষত, এই ‘সংকল্প পত্ৰ’ত কৃষক আৰু শ্রমিকসকলৰ কল্যাণৰ বাবে অবিৰতভাৱে কাম কৰি যোৱাৰ দৃঢ় প্রতিশ্রুতি প্ৰকাশ কৰা হৈছে, যাতে অসমৰ উন্নয়নৰ গতি অবিৰতভাৱে অব্যাহত থাকে।
