ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ জাগীৰোড-বোকাখাতত নির্বাচনী প্ৰচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নবীনে জাগীৰোড আৰু বোকাখাতত বিজেপি মিত্রজোটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। জাগীৰোডৰ দেওশালত তেওঁ এখন বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে। কিন্তু প্রতিকূল বতৰৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আয়োজিত জনসভাত উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁ ফোনযোগে ভাষণ দিয়ে। নিজ ভাষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নবীনে সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছক। ইয়াৰ বিপৰীতে বিগত ১০ বছৰত অসমত হোৱা উল্লেখযোগ্য ৰূপান্তৰ, সাংস্কৃতিক গৰ্ব আৰু উন্নয়নৰ যাত্ৰাৰ বিষয়ে তেওঁ আলোকপাত কৰে। অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ কৃতিত্ব সম্পূৰ্ণভাৱে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰাপ্য বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক ৰাজ্যখনৰ পৰা বিতাড়িত কৰাৰ লক্ষ্যৰে কাম কৰি গৈছে। একাংশৰ এইক্ষেত্রত অভিযোগ- বিজেপিয়ে কঠোৰ সিদ্ধান্ত গ্রহণ কৰে। কিন্তু যদি দেশৰ সুৰক্ষা, নিৰাপত্তা আৰু মাতৃ-ভগ্নীৰ সুৰক্ষাৰ স্বাৰ্থত তেনে কিবা সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন হ’লে, আমাৰ দলে বিন্দুমাত্রও দ্বিধাবোধ নকৰে। কাৰণ বিজেপি সদায় জনসাধাৰণৰ ওচৰত দায়বদ্ধ। বিজেপিক যদি কঠোৰ আখ্যা দিয়া হয়, তাৰ কাৰণ হ’ল আমাৰ দলে মহিলাৰ নিৰাপত্তাক নিশ্চিত কৰা, যুৱক-যুৱতীক কর্মসংস্থাপন দিয়া, কৃষকসকলক সহায় আগবঢ়োৱা আৰু নতুন বিনিয়োগৰ সুযোগ সৃষ্টিত প্রতিশ্রুতিবদ্ধ। চলিত বৰ্ষৰ গণৰাজ্য দিৱসত বিৰোধী দলপতি তথা শীর্ষ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে গামোচাক অপমান কৰাৰ প্ৰসংগয়ো তেওঁৰ ভাষণত স্থান লাভ কৰে। এই সম্পৰ্কত তেওঁ কয় যে ৰাহুল গান্ধীৰ দৰে নেতাসকলে ‘টুপী’ পিন্ধিবলৈ অলপো দ্বিধা নকৰে। পিছে আজি অসমৰ জনসাধাৰণে তেওঁলোকৰ নিজস্ব পৰিচয়ক অৱমাননাকাৰীসকলক জবাবদিহিতাৰ আওতালৈ আনিবলৈ প্ৰস্তুত। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাহুল গান্ধীক যেতিয়া গামোচাৰে আদৰণি জনাবলৈ বিচৰা হৈছিল, তেতিয়া তেওঁ সেয়া আঁতৰাই দিছিল। যিয়ে অসমৰ প্রতীক, সংস্কৃতি আৰু ঐতিহ্যৰ প্রতি শ্রদ্ধাশীল নহয়, তেওঁলোকক জনসাধাৰণে সঠিকভাবে চিনি লোৱাটো উচিত। অসমবাসীৰ আত্মবিশ্বাস স্বাভাৱিকভাৱেই বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে ইয়াৰ কাৰণ সম্প্ৰতি দৰিদ্ৰ জনসাধাৰণৰ বাবে আৱাস প্রকল্পসমূহ বাস্তৱায়িত হৈছে। মহিলাসকলে সংযোগ লাভ কৰিছে ৰন্ধন গেছৰ। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকীঘৰ নিৰ্মাণ কৰা হৈছে। আয়ুষ্মান যোজনাৰ জৰিয়তে দুখীয়া মানুহে লাভকৰিছে বিনামূলীয়া চিকিৎসা সেৱা। এইবোৰেই অসমৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্ণ সমর্থন-স্নেহ লাভকৰাটোকে প্ৰমাণ কৰে। সম্ভৱতঃ মোদীয়েই প্রথম প্রধানমন্ত্রী, যিয়ে ৫০ বাৰতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্রমণ কৰিছে। অথচ ৫ বছৰত এবাৰো প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ নকৰাটো অত্যন্ত বিস্ময়কৰ ঘটনাৰূপে এসময়ত গণ্য কৰা হৈছিল। প্রধানমন্ত্রী মোদীয়ে কেৱল উত্তৰ-পূৰ্বাঞ্চল ভ্রমণতে ক্ষান্ত নাথাকে। বৰং প্রতিবাৰেই তেওঁ অসমৰ জনসাধাৰণৰ বাবে নতুন নতুন প্রকল্প-পৰিকল্পনা লৈ আহে। কিছুমানে বিজেপিৰ বিৰুদ্ধে তোষণ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰে। কিন্তু যেতিয়া অসমৰ জনসাধাৰণক তেওঁলোকৰ ন্যায্য অধিকাৰ ঘূৰাই দিয়াৰ প্ৰসংগ আহে, তেতিয়া সেই পদক্ষেপকেই তোষণ হিচাপে আখ্যা দিয়া হয়। ভূমিৰ অধিকাৰ, আৱাস আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ সুবিধা জনসাধাৰণৰ কাষলৈ ৰল যোৱাৰ প্ৰচেষ্টা চলালে তাক তোষণ বুলি কটাক্ষ কৰে। কংগ্ৰেছে অৱস্থান কৰে অনুপ্ৰৱেশকাৰীৰ পক্ষত। ইয়াৰ বিপৰীতে বিজেপিয়ে সৰ্বদা অসমৰ জনসাধাৰণৰ কাষত থাকে। বিজেপিক পুনৰবাৰ আশীৰ্বাদ কৰিব অসমে। ইয়াৰ লগে লগে প্রধানমন্ত্রী মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই উন্নয়নৰ গতিক অধিক শক্তিশালী কৰিব। তেওঁ জাগীৰোডৰ বিজেপি প্রার্থী তথা মন্ত্রী পীযূষ হাজৰিকা আৰু বোকাখাতৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্রী অতুল বৰাসহ মিত্ৰজোঁটৰ তৰফৰ পৰা এইবাৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা সকলোকে বিপুল ভোটৰ ব্যৱধানত বিজয় সুনিশ্চিত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নবীনে কয় যে ঠিক যেনেকৈ আমি এ ফৰ আপেল কওঁ, তেনেকৈ এ ফৰ আছাম কোৱা উচিত। এ আখৰটো আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ সৈতে যুক্ত। একে চেতনাই অসমকো আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে দ্রুতগতিত কাম চলাই থকা হৈছে। প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী ড° শৰ্মাই নিৰন্তৰ বিনিয়োগ লৈ আহিছে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে মাতৃ-ভগ্নীসকলক স্বাৱলম্বী কৰি তুলিবলৈ তথা স্ব-কর্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ উদ্যোগ গ্রহণ কৰিছে। এই ৰূপান্তৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ। এনে পৰিৱৰ্তনৰ জৰিয়তে এখন বিকশিত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়া সম্ভৱ। ১০ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যখনত হিংসাত্মক ঘটনা আছিল নিত্য- নৈমিত্তিক। মানুহে আতংকৰ মাজত দিন কটাবলগীয়া হৈছিল। কিন্তু এতিয়া সেই পৰিস্থিতিৰ অৱসান ঘটিছে। অসমৰ বিজেপি চৰকাৰে বিভিন্ন জনকল্যাণমূলক প্রকল্পৰ সুফল সাধাৰণ মানুহৰ কাষলৈ লৈ গৈছে। অৰুণোদয় প্ৰকল্পৰ জৰিয়তে ৪০ লাখ হিতাধিকাৰীক প্রতিমাহে ১,২৫০ টকাকৈ আর্থিক সাহায্য দিয়া হয়। অসমত এটা বিশাল ছেমিকণ্ডাক্টৰ হাব গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী মোদীয়ে যি সিদ্ধান্ত লৈছে সেয়া যুগান্তকাৰী। দেশৰ কিছুসংখ্যক ৰাজ্যইহে এনে সুফল লাভ কৰিছে। এনেধৰণৰ উন্নয়নমূলক কৰ্মৰ ফলত ৰাজ্যত ব্যাপক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। যাৰ ফলত যুৱ সমাজে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাবলগীয়া নহ’ব। ব্রহ্মপুত্র নদীৰ দুয়োপাৰে থকা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত দূৰত্ব যথেষ্ট আছিল। পিছে কুমাৰ ভাস্কৰ বৰ্মা সেতু নির্মাণ হোৱাৰ পাছত এই দূৰত্ব যথেষ্ট হ্রাস পাইছে। এয়া প্রধানমন্ত্রী মোদী আৰু বিজেপি চৰকাৰৰ দৃষ্টিভংগীৰেই প্ৰতিফলন। উল্লেখ্য যে জাগীৰোডৰ দেওশালত অনুষ্ঠিত সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, জাগীৰোড সমষ্টিৰ প্ৰাৰ্থী পীযূষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী, ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ড° তপন দাস, লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমান, চামগুৰি সমষ্টিৰ প্ৰাৰ্থী অনিল শইকীয়াকে ধৰি মিত্ৰজোঁটৰ নেতৃবৃন্দ উপস্থিত আছিল। জনসভাখনত ভাষণ দি জাগীৰোডৰ প্ৰাৰ্থী পীযূষ হাজৰিকাই কয় যে দলে দিয়া প্রার্থিত্ব লৈ ৰাইজৰ আশীৰ্বাদত পুনৰ জয়ী হ’লে এইবাৰ দুগুণ উৎসাহেৰে সমষ্টিৰ উন্নয়নৰ হকে কাম কৰিম। মই অসমৰ য’তেই নাথাকোঁ কিয়, জাগীৰোড সমষ্টি সদায় মোৰ হৃদয়ত আছে। সমষ্টিৰ উন্নয়নৰ বাবে মই যিমান পাৰোঁ কাম কৰিছোঁ। আজি হাজাৰ হাজাৰ জনতা ওলাই আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সন্মুখত জাগীৰোডৰ সন্মান বৃদ্ধি কৰিলে। সেইদৰে পুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণকো নেওচি বোকাখাতৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ সমৰ্থনত হাজাৰ হাজাৰ জনতা সমৱেত হয় ৰাজহুৱা খেলপথাৰত। মিত্ৰজোঁটৰ কেইবাজনো নেতা উপস্থিত থকা জনসভাখনত ভাষণ দি অতুল বৰাই কয় যে ২০১৬ চনৰ পৰা বোকাখাতত যিবোৰ কাম কৰিলোঁ, সেয়া সকলোৱে দেখিছে। ২০২৬ত আমি নির্বাচিত হ’লে আমাৰ লক্ষ্য এটাই হ’ব- বিকশিত-সমৃদ্ধিশালী বোকাখাত। বৰ্তমানৰ চৰকাৰৰ উন্নয়নমূলক কাম-কাজত ৰাইজ যথেষ্ট সন্তুষ্ট হৈছে। সেইবাবে এইবাৰো মিত্রজোটৰ প্ৰাৰ্থীসকলক ৰাইজে বিপুল ভোটত জয়ী কৰাব। প্রতিকূল বতৰৰ মাজতো নিজে হেলিকপ্টাৰ চলাই বোকাখাতত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা। জনসভাখনত বৈজয়ন্ত জয় পাণ্ডাৰ উপৰি অংশগ্ৰহণ কৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, ছত্তিশগড়ৰ বিত্তমন্ত্রী জয়প্রকাশ চৌধুৰী, অগপৰ উপ-সভাপতি ভবেন্দ্ৰ নাথ ভৰালী, অগপৰ সাধাৰণ সম্পাদক পোনাকণ বৰুৱাকে ধৰি মিত্ৰজোঁটৰ কেইবাজনো নেতা।
