জুবিন হত্যা গোচৰৰ ফাষ্টট্ৰেক আদালতত প্রথম শুনানি আৰম্ভ 

জুবিন হত্যা গোচৰৰ ফাষ্টট্ৰেক আদালতত প্রথম শুনানি আৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পীৰ হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ফাষ্টট্রেক আদালতত আৰম্ভ হৈছে শুনানি। ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতত পৰা আৰম্ভ হোৱা প্রথম শুনানিত চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে আদালতক গোচৰটোৰ সকলো দিশ তন্ন তন্নকৈ অৱগত কৰে। শুনানিত অমৃতপ্রভা মহন্তৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি দর্শায়। আদালতে অধিবক্তাৰ সকলো যুক্তি শুনে। জুবিন হত্যাকাণ্ডৰ অভিযুক্ত নন্দেশ্বৰ বৰাই নিজৰ ফোনটো বিচাৰি আদালতত আবেদন জনাইছিল যদিও আদালতে উক্ত আবেদন খাৰিজ কৰে। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে সদৰী কৰা মতে আদালতে গোচৰটোৰ প্ৰতিটো দিশ পুনৰ নতুনকৈ শুনিব। কাইলৈ পুৱা ১০.৩০ বজাত হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাৰ শুনানি আদালতে গ্ৰহণ কৰাৰ লগতে বিয়লিৰ ভাগত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ শুনানি গ্ৰহণ কৰিব। তেওঁ কয় যে যিহেতুকে আজিৰে পৰা প্ৰতিদিনেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ শুনানি আদালতত অনুষ্ঠিত হ’ব। গতিকে, পৰৱৰ্তী পর্যায়ত বাকী আচামীকেইজনৰো গোচৰ বৰ্খাস্তকৰণৰ শুনানি আদালতে গ্ৰহণ কৰি নিজৰ সিদ্ধান্ত ল’ব। উল্লেখ্য যে আজি এছআইটিয়ে অভিযুক্তৰ আনফ্রীজ বেংক একাউণ্ট পুনৰ জব্দ কৰাৰ অনুমতি বিচাৰি আদালতত আবেদন দাখিল কৰিছে। ইপিনে, ফাষ্টট্রেক আদালতত আৰম্ভ হোৱা জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমটো শুনানিত অংশ লৈ সন্তুষ্টি প্রকাশ কৰিছে শিল্পপত্নী গৰিমা শইকীয়া গার্গে। তেওঁ কয় যে আজিৰে পৰা এটা নতুন দিন-নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ জুবিন গাৰ্গে এইবাৰ ন্যায় লাভকৰিব। সকলো কথা আমি বিশ্বাস আৰু আস্থাৰে গ্ৰহণ কৰিছোঁ। সদায়েই ভাল, এটা পজিটিভ মন লৈ আদালতলৈ আহিছোঁ। ন্যায়াধীশে যিহেতু বিচাৰ এতিয়া প্রতিদিনে হ’ব বুলি কৈছে, গতিকে ক্ষিপ্ৰতাৰে কিবা এটা হ’ব বুলি আশা ৰাখিছোঁ। কাইলৈ শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ শুনানি আদালতে ল’ব। আমাৰ বাবে সেয়ে কাইলৈৰ দিনটো অতি গুৰুত্বপূৰ্ণ।