প্ৰণৱ বড়োক হত্যা কৰিছিল অখিল গগৈয়েঃমুখ্যমন্ত্ৰী 

প্ৰণৱ বড়োক হত্যা কৰিছিল অখিল গগৈয়েঃমুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্র আক্রমণাত্মক ৰূপ লৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কাৰ্বি আংলঙৰ ৫টা বিধানসভা সমষ্টিৰ বিজেপি প্রার্থীসকলৰ হৈ ডিফুত ‘বিজয় সংকল্প’ৰ জৰিয়তে প্ৰচাৰ চলোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  অখিল গগৈ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীৰ সন্দর্ভত অখিল গগৈয়ে অনা অভিযোগসমূহো নস্যাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।   অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গগৈয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে আনক হত্যাকাৰী সজাবলৈ কুণ্ঠাবোধ নকৰে। ডিফুত নির্বাচনী প্ৰচাৰ অভিযানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই অখিল গগৈয়ে তদানীন্তন সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰণৱ বড়োক কিদৰে ব্যৱহাৰ কৰি হত্যা কৰিছিল, তাৰো বিশ্লেষণ আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অখিল গগৈক ক্ষুৰধাৰ সমালোচনা কৰি কয়- গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে প্ৰণৱ বড়োক হত্যা কৰা হত্যাকাৰীজন আছিল অখিল গগৈ। সেইটো সকলোৱে জানে। গুৱাহাটীৰ মাজমজিয়াত কেৰাচিন ঢালি হত্যা কৰা হত্যাকাৰী অখিল গগৈ। আগদিনাখন ৰাতিৰ পৰাই প্ৰণৱ বড়োক প্রস্তুত কৰোৱা হৈছিল। এতিয়া অখিল গগৈয়ে যে কৈ আছে কুশল দুৱৰী হত্যাকাৰী, বেয়া মানুহ, তাৰমানে ডিমৌৰ ৰাইজ বেয়া মানুহ নেকি? কুশল দুৱৰী ইয়াৰ পূৰ্বে দুবাৰ বিধায়ক আছিল। এতিয়া প্ৰণৱ বড়োক হত্যা কৰা অখিল গগৈয়ে বেলেগৰ কথা কোৱাৰ কোনো অধিকাৰ নাই। অখিল গগৈয়ে ডিমৌৰ ৰাইজক অপমান কৰিছে। শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক গালি পাৰি নিৰ্বাচন খেলিব খুজিছে অখিল গগৈয়ে। অখিল গগৈ হত্যাকাণ্ডৰ এনছাইক্ল’পেডিয়া নেকি বুলি প্রশ্ন উত্থাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে তেওঁ অসমৰ ল’ৰা-ছোৱালীক টায়াৰ জ্বলাবলৈ শিকালে। ৰে’ল লাইন উৰুৱাবলৈ শিকাই অসমখন জুলাই ৰাখিছিল। অসম বিধানসভাত পাঁচ বছৰ কটোৱাৰ পাছত অখিল গগৈয়ে প্ৰণৱ বড়োৰ নাম এবাৰলৈও লৈছেনে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আজি হিমন্ত বিশ্ব শৰ্মাই প্ৰণৱ বড়োৰ নামটো কওঁতেই অখিলে প্ৰণৱ বড়োক শ্বহীদ বুলি কৈছে। ইমান দিন অখিল গগৈ ক’ত আছিল? প্ৰণৱ বড়োক হত্যা কৰা অখিল গগৈৰ কিয় এতিয়া লাজ নালাগিল বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে প্ৰণৱ বড়োক কেৰাচিন ঢালি যে মৰোৱালে, নিজে কিয় নিজৰ গাত কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক কয়, তেওঁ কয়- ই দুটা মাৰিছে, ই দহটা মাৰিছে। তুমি কিমান হত্যা কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। অখিল গগৈয়ে অসমখনক জুলাই ৰাখিছে। এই মানুহক মানুহে ভোট দিবনে? আজি যদি মহাত্মা গান্ধীয়েও কয়- অখিল গগৈ বেয়া তেতিয়া অখিল গগৈয়ে ঘূৰাই ক’ব মহাত্মা গান্ধীয়ে দুটা হত্যা কৰিছে। কোনে কাক হত্যা কৰিছে, তাৰ হিচাপ ল’বলৈ অখিল গগৈ চিত্রগুপ্ত নেকি বুলিও প্রশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কুশল দুৱৰীৰ লগত নির্বাচন খেলি অখিল গগৈয়ে ক’ব লাগিছিল শিৱসাগৰৰ উন্নয়ন কৰিছোঁ। ইমান ৰাস্তা বনালোঁ, ইমান দলং বনালোঁ। তেওঁ ৰংঘৰৰ উন্নয়ন কৰাৰ কথা কয়। কিন্তু এই ৰংঘৰৰ উন্নয়ন হিমন্ত বিশ্ব শৰ্মাই কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৰিছে। তাত অখিল গগৈৰ বিন্দুমাত্রও অৰিহণা নাই। নিৰ্বাচনৰ এই সময়ত শিৱসাগৰৰ বিধায়ক হৈ আছে অখিল গগৈ। আলোচনা হ’ব লাগে অখিল গগৈৰ ওপৰত। কুশল দুৱৰী বিধায়ক হৈ থকা নাই। আলোচনা হ’ব লাগে কোন কিমান আগুৱাই গ’ল। শিৱসাগৰ কিয় আগুৱাই নগ’ল। অখিল গগৈৰ ‘নিগেটিভ পলিটিক্স’ৰ বাবেই শিৱসাগৰ উন্নয়নত পিছপৰি গ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই আজিৰ দিনটোত শিৱসাগৰতকৈ ডিফু বহুগুণে উন্নয়নৰ দিশত আগুৱাই গ’ল বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। স্মৰ্তব্য যে ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চিত শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিধায়ক অখিল গগৈ আৰু বিজেপি প্রার্থী কুশল দুৱৰীৰ মাজত তীব্র বাক্যুদ্ধ অব্যাহত আছে। বিশেষকৈ অখিল গগৈয়ে কুশল দুৱৰীয়ে শিৱসাগৰকে ধৰি উজনি অসমৰ কেতবোৰ প্ৰান্তত গুপ্তহত্যা সংঘটিত কৰি বহু লোকক হত্যা কৰা বুলি অভিযোগ তুলি সমষ্টিটোত প্ৰচাৰ অব্যাহত ৰাখিছে। অখিল গগৈৰ এই অভিযোগৰ বিপৰীতে শাসকীয় বিজেপি দলেও নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰিছে।  ইফালে, বোকাজানত হোৱা বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি মুখমন্ত্রী ড° শৰ্মাই বিৰোধী মিত্ৰজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু কয় যে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী এপিএইচএলচিৰ নেতা জে আই কাথাৰক ভোট দিলে কার্বি আংলঙত অশান্তিৰ সৃষ্টি হ’ব। কংগ্রেছক ভোট দিলে অসমত হ’ব লুঙী-ধুতীৰ চৰকাৰ। বিজেপিক ভোট দিলে হ’ব উন্নয়নৰ চৰকাৰ।