ঢেকীয়াজুলি-চামতাত অমিত শ্বাহৰ বিজয় সংকল্প সভা

ঢেকীয়াজুলি-চামতাত অমিত শ্বাহৰ বিজয় সংকল্প সভা

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ঢেকীয়াজুলি আৰু নলবাৰী জিলাৰ চামতাত দুখন বিশাল বিজয় সংকল্প সভাত অংশ লৈ নির্বাচনী ৰণডংকা বজায়। দুয়োখন জনসভা সম্বোধন কৰি তেওঁ পুনৰবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ৰাজ্যৰ ৯খন জিলা অনুপ্ৰৱেশকাৰীৰে ভৰি পৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাতো অনুপ্রৱেশকাৰীয়ে বেদখল চলাইছে। বটদ্ৰৱাৰ বেদখলীকৃত ভূমি বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা মুক্ত কৰিলে। অকল সেয়াই নহয়, অসমত মুঠ ১ লাখ ২৫ হাজাৰ একৰ ভূমি মুক্ত কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ সুৰক্ষিত। এতিয়া ভাৰতৰ এক ইঞ্চি ভূমিও কোনেও ল’ব নোৱাৰে। এই প্ৰসংগতে অনুপ্ৰৱেশকাৰীৰ পক্ষত নে বিৰুদ্ধে আছে, সেই কথা অসমৰ ৰাইজৰ সমুখত স্পষ্ট কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্রত্যাহ্বান জনায়। জৱাহৰলাল নেহৰুৱে দেশ বিভাজন কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক একত্ৰিত কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পুনৰ কয় যে কংগ্রেছে লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান নকৰিলে। কিন্তু বিজেপিয়ে দুয়োগৰাকীকে ভাৰত ৰত্ন দি গৌৰৱান্বিত হৈছে। অসম আন্দোলনৰ শ্বহীদসকলক কংগ্রেছে যথাযথ সম্মান জনাব পৰা নাছিল। যিটো কাম কৰি দেখুৱালে বিজেপি চৰকাৰে। এই সময় কংগ্রেছক উচিত শিক্ষা দিয়াৰ। কংগ্ৰেছৰ শাসনকালত কোনো লোকে শান্তিত থাকিব পৰা নাছিল। অনাগত দিনত অসমতো ইউচিচি বলবৎ কৰি বহু বিবাহ বিজেপিয়ে নিষিদ্ধ কৰিব বুলি তেওঁ ঘোষণা কৰে। এছআইআৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীক্ষ্ণ কটাক্ষ কৰে। তেওঁ কয় যে ৰাহুল বাবা এণ্ড কোম্পানীয়ে এছআইআৰৰ বিৰোধ কৰিছে। অসমৰ যুৱপ্ৰজন্মই ক’ব- বিদেশীক খেদিব লাগে নে নাই। সেইদৰে প্ৰাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ শাসনকালৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ গুৰুতৰ অভিযোগ- কেন্দ্ৰৰ পৰা অহা ধনৰ সঠিক হিচাপ তেতিয়া দিয়া হোৱা নাছিল। মই বণিয়াৰ সন্তান, সকলো হিচাপ লৈ আহিছোঁ।

প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ সূচী লৈ আহিছোঁ। এই সূচী পঢ়ি শেষ কৰিব নোৱাৰাকৈ দীঘল। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ ভাষণত স্থান লাভ কৰে লালে টাপুৰ নৰসংহাৰ আৰু ধেমাজিৰ বোমা বিস্ফোৰণৰ বিষয়েও। তেওঁ পুনৰ কয় যে আজি কাজিৰঙাৰ গঁড় হত্যা বন্ধ হৈছে। বড়ো চুক্তি সম্পন্ন হোৱাৰ লগতে কার্বি, আদিবাসী আৰু আলফা সমস্যা সমাধান হৈছে। বিগত ১০ বছৰত বন্দুকৰ গুলীৰ শব্দৰ পৰিৱৰ্তে অসমত পদুম ফুলিছে। ১০ হাজাৰ যুৱকে অস্ত্র সম্বৰণ কৰি উভতি আহিছে মূলসুঁতিলৈ। এটা সময়ত অসমত বোমা-বাৰন্দৰ শব্দত নিশা পাৰ হৈছিল।  সেই পৰিস্থিতি আজি অসমত নাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকাশমূলক পৰিকল্পনাক তেওঁ ভূয়সী প্রশংসা কৰে। এই সন্দৰ্ভত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত মহাবীৰ লাচিত বৰফুকনৰ বীৰগাথা সমগ্ৰ দেশতে প্ৰচাৰ কৰা হৈছে। অসমৰ প্ৰতিখন জিলাতে চিকিৎসা-অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা চলি আছে। প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকাল আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুন দিগন্তৰ সূচনা হৈছে। ৰাজ্যখনত উন্নয়নৰ ধাৰা বোৱাই নিয়া হৈছে বিজেপি চৰকাৰৰ শাসনকালত। প্রধানমন্ত্রী মোদীয়ে অসমৰ প্ৰতিখন ঘৰলৈ হাঁহি ঘূৰাই আনিছে। প্রধানমন্ত্রী মোদীৰ হাত শক্তিশালী কৰিবলৈ হ’লে এনডিএৰ প্ৰাৰ্থীসকলক আগন্তুক নির্বাচনত ভোট দি জয়যুক্ত কৰিব লাগিব। উল্লেখ্য যে ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত বিজয় সংকল্প সভাখনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ঢেকীয়াজুলি, বৰছলা আৰু দলগাঁৱৰ বিজেপি প্রার্থী ক্রমে অশোক সিংহল, ঋতুবৰণ শৰ্মা আৰু কৃষ্ণা সাহাৰ সমর্থনত নির্বাচনী প্ৰচাৰ চলায়। সেইদৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত তেওঁ প্ৰচাৰ চলায় নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, টিহুৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰীৰ বিজেপি প্রার্থী নাৰায়ণ ডেকাৰ  হৈ। লক্ষণীয়ভাবে প্রতিকূল বতৰৰ বাবে দুয়োখন জনসভা নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ অনুষ্ঠিত হয়। যাৰ বাবে উপস্থিত ৰাইজৰ ওচৰত তেওঁ দুখ প্রকাশ কৰে। জয় শ্রীৰাম ধ্বনিৰে কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে ভাষণ সামৰা ঢেকীয়াজুলিত আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে সমষ্টিটোৰ দলীয় প্রার্থী অশোক সিংহলে। নিজ ভাষণত তেওঁ কয় যে কংগ্রেছ মানেই বাকী আৰু ফাঁকি। কংগ্রেছে দুর্নীতিৰ ৰাজনীতি কৰে আৰু সাপ হৈ খুঁটি বেজ হৈ জাৰে। এতিয়া কংগ্ৰেছ শাসনত নাই। যাৰ কাৰণে দুর্নীতি কৰিব নোৱাৰি দলটোৰ নেতাসকল চিন্তাত আছে। পুনৰ চৰকাৰ হ’লে ঢেকীয়াজুলিত আৰক্ষী আৰু সেনাবাহিনীৰ চাকৰিৰ বাবে বিশেষ প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ তেওঁ প্রতিশ্রুতি দিয়ে। বিশাল জনসভাখনত বৰছলাৰ দলীয় প্রার্থী ঋতুবৰণ শৰ্মা আৰু দলগাঁৱৰ দলীয় প্রার্থী কৃষ্ণা সাহাৰ লগতে শোণিতপুৰ জিলা তথা বিজেপিৰ স্থানীয় নেতৃবৃন্দ উপস্থিত আছিল। অনুৰূপ ধৰণে চামতাত ভাষণৰ আৰম্ভণিতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক স্মৰণ কৰে। লগতে নৱদ্বীপ খ্যাত নলবাৰীৰ বিলেশ্বৰ দেৱালয়, বালিৰ কালী মন্দিৰসহ বিভিন্ন মঠ-মন্দিৰেৰে জিলাখন ভৰপূৰ বুলিও উল্লেখ কৰে তেওঁ। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ আগমনৰ পূৰ্বে ৰাইজৰ সন্মুখত ভাষণ দিয়ে জয়ন্ত মল্লবৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে। লক্ষণীয়ভাবে জনসভাত উপস্থিত থকা মহিলাসকলে উৰুলি দি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহক আদৰণি জনায়। বিজয় সংকল্প সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক অনুপ বৰ্মন, হাৰিয়ানাৰ শিক্ষামন্ত্রী মহিপাল ধাণ্ডাকে ধৰি নেতৃবৃন্দ উপস্থিত আছিল।