কাঁচিজোন – তীৰ্থ পিন্টু বড়া

Pc Unsplash

কাঁচিজোন

তীৰ্থ পিন্টু বড়া

কৰ্মসূত্ৰে কিছুদিন গুৱাহাটীত বাস কৰিছিল প্ৰিয়ম ফুকনে। ফুকন পেচাত এগৰাকী অভিযন্তা। দিনৰ দিনটো কামত ব্যস্ত থাকি সন্ধিয়া ৰূমলৈ উভতি আহি ম’বাইলটো লিৰিকী বিদাৰিয়ে পাৰ কৰি দিয়ে বহু সময়। সিদিনা আছিল বৰ্ষাসিক্ত এটি মধুময় সন্ধিয়া। মধুৰ সন্ধিয়াটো জীপাল কৰি তুলিবৰ বাবেই ম’বাইলটো খুচৰি গৌৰী বুলি চেভ কৰি থোৱা ফোন নাম্বাৰটো ডায়েল কৰিলে প্ৰিয়মে। ৰিং কৰা মাত্ৰেই ফোনটো ৰিচিভ কৰিলে গৌৰীয়ে।

: হেল্ল’! কোনে ক’লে!

: মই প্ৰিয়ম ফুকনে কৈছোঁ। হোটেল বিশালত যে লগ পাইছিলোঁ শনিবাৰে ৰাতি!

: প্ৰিয়ম ফুকন! ঠিক ধৰিব পৰা নাই।

: চিগাৰেটতো জ্বলাই যে মোৰ বুকুত গুজি দিছিলা। পাহৰিলা নেকি!

: অ’ প্ৰিময় বাবু! কি মনত পৰিল আজি গৌৰীলৈ।

: মনত সদায় পৰে গৌৰী। কিন্তু কি কৰিম ব্যস্ত থাকোঁ মই। এতিয়া আহিব পাৰিবা নেকি!

: এতিয়া মই ডিউটিত আছোঁ বাবু। আগতে ফোন নকৰিলে কিয়!

: ফোন কৰিছিলো তোমাৰ নেটৱৰ্ক নাছিল। প্লীজ!আহিব পাৰিবা নেকি এতিয়া!

: এঘন্টাৰ পাছত জনাই আছোঁ।

: ঠিক আছে। মই ল’কেচনটো পঠিয়াই দিম তোমাক।

: অ’কে। ফোনটো কাটি দিলে গৌৰীয়ে। ম’বাইলটো শিতানতে থৈ অপেক্ষা কৰিলে প্ৰিয়মে। টিক টিক শব্দ কৰি সময়বোৰ উৰি গৈ আছে। বুকুত একুৰা কামনাৰ জুই লৈ চটফটাই আছে প্ৰিয়ম। সময় তেতিয়া নিশা ন-মান বাজিছিল। হঠাৎ কলিং বে’লটো বাজি উঠাত উধাতু খাই বিছনাৰ পৰা নামি গৈ দুৱাৰখন খুলি দিলে প্ৰিয়মে। বাহিৰত চিপচিপিয়া বৰষুণ। এজাক চেঁচা বতাহ। এক ৰোমান্টিক পৰিৱেশ। দুৱাৰ মুখত গৌৰীক দেখি প্ৰিয়মৰ অন্তৰত জ্বলি থকা কামনাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল। দুৱাৰখন লাহেকৈ বন্ধ কৰি বেডৰূম পালেহি প্ৰিয়ম। ৰঙীণ লাইটতো অন কৰি অলসভাৱে বিছনাত পৰি দিলে প্ৰিয়ম।

 …গৌৰী!

: উম!

: কি চাইছা এনেকৈ!

: আপোনাক! সৰুকৈ উত্তৰ দিলে গৌৰীয়ে।

: কিয়! অচিনাকি যেন লাগিছে নেকি আজি!

: নহয় বাবু! আপোনাৰ দৰে মানুহ এজন লগ পাই মই সঁচাকৈয়ে সুখী। আপুনি মোৰ বাবে ভগৱান বাবু!

: ধেৎ! কি কথা কৈছা। মানুহ ভগৱান হ’ব পাৰে নেকি!

: মোৰ বাবে আপুনি ভগৱান। সেইদিনা আপুনি সহায় নকৰা হলে মাক মই চিৰদিনৰ বাবে হেৰুৱালো হেতেঁন। মা এতিয়া আগতকৈ সুস্থ হৈছে বাবু।

: মা সুস্থ হৈ উঠিলে তুমি এইবোৰ কাম বাদ দিবা গৌৰী। কম সময়ত অবাটে গৈ টকা ঘটাতো সহজ। কিন্তু ই তোমাৰ বাবে ক্ষতিকাৰক।

: কিয় বাবু! উৎসুকতাৰে সুধিলে গৌৰীয়ে।

: অসুৰক্ষিত এই সম্পৰ্কই তোমাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। সেয়ে তুমি এই পথৰ পৰা উভতি অহাটো বিচাৰিছোঁ!

: কিন্তু বাবু!

: কোনো কিন্তু নাই। মই আছোঁ তোমাৰ লগত।

: নহয় বাবু। আপুনি বহুত ভাল মানুহ। মই আপোনাৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ।

: মই তোমাৰ অৱস্থাটো বুজি পাইছোঁ। পৰিস্থিতিয়ে মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰায়। পৰিস্থিতি সলনি হৈছে যিহেতু তুমিয়ো সলনি হোৱা গৌৰী।

: অসম্ভৱ বাবু। মাৰ ঔষধৰ খৰচ কেনেকৈ যোগাৰ কৰিম মই।

: তুমি যদি কথা দিয়া। মাৰ সমস্ত দায়িত্ব মই ল’ব বিচাৰোঁ।

: কথা! কি কথা বাবু!

: তুমি সদায় মোৰ হৈ থাকিম বুলি কথা দিব লাগিব।

: ধেমালি কৰিব নালাগে বাবু। মোৰ হাতত সময় বহুত কম। হাঁহি মাৰি ক’লে গৌৰীয়ে।

: ধেমালি কৰা নাই মই। সঁচাকৈয়ে কৈছোঁ গৌৰী।

: বাবু!

শোৱাৰ পৰা লাহেকৈ উঠি গৌৰীক বুকুত সাৱতি ললে প্ৰিয়মে। “অনিচ্ছা স্বত্বেও কেতিয়াবা মানুহে আন্ধাৰত খোজ দিব লগা হয়। মই তোমাক আন্ধাৰ পৃথিৱীখনৰ পৰা পোহৰলৈ উলিয়াই আনিব বিচাৰিছোঁ। ” কথাষাৰ কৈ গৌৰীৰ কপালত চুমা এটা আঁকি দি বুকুৰ মাজত জোৰকৈ সাৱতি ললে। প্ৰিয়মৰ বহল বুকুখনত মূৰ গুজি গৌৰীয়েও হেঁপাহৰ এটি কাঁচিজোন দেখা পালে। গৌৰীৰ গৰম নিশ্বাসত প্ৰিয়মৰ কামনাৰ জুইকুৰা লাহে লাহে নুমাবলৈ ধৰিলে।