ক’ভিড ১৯ ৰ সময় চোৱাৰ কিছু পৰিৱৰ্তন – পপী বৰা 

PcCEPI

ক’ভিড ১৯ ৰ সময় চোৱাৰ কিছু পৰিৱৰ্তন

পপী বৰা 
মেলেং গ্ৰান্ট,যোৰহাট
কাকজান মহাবিদ্যালয়ৰ
দ্বিতীয় ষান্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী
২০২০ চনৰ মাৰ্চ মাহত ,বিশ্বজুৰি এক অজান আৰু অদৃশ্য শত্ৰুৱে দেখা দিছিল। ক’ভিড ১৯ নামৰ এই ভাইৰাছে আমাৰ সকলোকে গৃহবন্দী কৰি পেলাইছিল।লোক সকল নিজৰ ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছিল।

ক’ভিড ১৯ ৰ সময়চোৱা অতি ভয়ানক আৰু অনিশ্চিত সময় আছিল ,সকলো মানুহ ভয় আৰু উদ্বেগত আছিল।মাৰ্চ ৰ ২০২০ চনৰ শেষৰ ফালে এই ভাইৰাছ ভাৰতৰ প্ৰথম কেছ ধৰা পৰিছিল,লগে লগে এই ভাইৰাছ সকলো ঠাইতে বিয়পি পৰিছিল। ইয়াৰ পিছত সকলোতে দোকান-পোহাৰ ,স্কুল-কলেজ, অফিচ- কাছাৰী সকলো বন্ধু হৈ গৈছিল।ৰাস্তা ঘাট খালি হৈ পৰিছিল মেডিকেল কলেজ আৰু হাস্পিতালত ক’ভিড ১৯ ৰ ৰোগীয়ে ভৰি পৰিছিল, চাৰিও ফালে অকল কান্দোনেৰে ভৰা ক’ভিড ক লৈ যোজ দিয়া আৰু সকলোতে নিৰ্জন নিস্তব্ধ হৈ গৈছিল।যেন চাৰিও ফালে এক ভয়ানক দুৰ্বলতাৰ সৃষ্টি হৈছিল।

মানুহে মৃত্যুৰ ভয়ত নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লগা হৈছিল,কিন্তু মানুহে সেই সময় ত সহানুভূতি আৰু একতাৰ পৰিচয় দিছিল। ক’ভিড ১৯ ৰ সময় ত মানুহে নিজৰ জীৱনত কিছুমান নতুন অভ্যাস গঢ়ি তুলিছিল।মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল,মানুহে নিজৰ পৰিয়ালৰ আৰু বন্ধু বান্ধৱৰ লগত সময় কটাবলৈ শিকিছিল।ক’ভিড ১৯ ৰ সময় আছিল এক কঠিন,কিন্তু এই সময়তো মানুহে নিজৰ শক্তি আৰু একতাৰ পৰিচয় দিছিল , দিন গল, সপ্তাহ গল,মাহ,বছৰ যোৱা পিছত লাহে লাহে ক’ভিড ১৯ ৰ ভয় কমি আহিলে। লোক সকল পুনৰ ঘৰৰ বাহিৰলৈ ওলাবলৈ ধৰিলে।কিন্তু  ক’ভিড ১৯ ৰ পৰা মানুহে শিক্ষা

লাভ কৰিলে,সকলোৱে বুজি পালে যে,স্বাস্থ্য আৰু পৰিয়াল হৈছে সকলোতকৈ ডাঙৰ সম্পদ।