ৰাঙলী মদাৰ – পপী বৰা

ৰাঙলী মদাৰ

 পপী বৰা
মেলেং গ্ৰান্ট,যোৰহাট

ফাগুনৰ ৰাঙলী মদাৰ জনীয়ে
কাণে কাণে কৈ গ’ল
কিবা কথা,
ফাগুনৰ পছোৱা জাকে
 হাঁহি হাঁহি ক’লে
ৰাঙলী মদাৰ জনী
ফাগুণৰে প্ৰেম ,
প্ৰেমৰ সুবাসত ৰাঙলী
মদাৰ জনীও ৰৈ যায়
বাটৰ কাষৰ মদাৰ জোপাত!!