নিৰ্মলতা আৰু সত্যৰ সন্ধান – দেৱানন কটকী

Pc HinduPad

নিৰ্মলতা আৰু সত্যৰ সন্ধান

দেৱানন কটকী, মাজুলী

আশ্ৰমখন বহুত পুৰণা। তথাপিও নতুন নতুন শিষ্য এতিয়াও আহি থাকে। কিন্তু পূৰ্বৰ দৰে মহান ত্যাগী পণ্ডিতসকল লাহে লাহে নাইকিয়া হৈ গৈছে। সময়ৰ পৰিৱৰ্তনৰ লগত সকলো যেন সলনি হৈছে। পুৰাতন নীতিশিক্ষা আৰু আদৰ্শসমূহ এৰি আধুনিকতাৰ প্ৰভাৱত মানুহে নতুন পথ বাছি লৈছে।

চন্দন আৰু তাৰ বন্ধু মহাবীৰে উজ্জয়নিলৈ যোৱাৰ পথত এই আশ্ৰমখন প্ৰত্যক্ষ কৰিলে। মাটিৰে সজা কোঠালীবোৰ ভাঙি- চিঙি গৈছে, বেৰৰ পৰা মাটি খহি পৰিছে। আগতে আশ্ৰমখন সমৃদ্ধ আছিল বুলি বহু চিন পোৱা যায়। মোগল আক্ৰমণৰ পাছত ই প্ৰায় নিঃশেষ হৈছিল যদিও পিছত পুনৰ নিৰ্মাণ কৰা হৈছিল। তথাপিও এতিয়াও ইয়াৰ অৱস্থা বিশেষ ভাল নহয়।

সিহঁতে আশ্ৰমখন চাৰিওফালে ঘূৰি চালে আৰু ইয়াৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হ’ল। কিছুদূৰ গৈ সিহঁতে এজন বয়সস্থ ব্যক্তিক দেখিলে। তেওঁ এজোপা গছৰ তলত বহি সৰু সৰুকৈ মন্ত্ৰ জপ কৰি আছিল। তেওঁৰ বয়স প্ৰায় সত্বৰ বছৰৰ ওপৰত হলেও মুখত এক অদ্ভুত উজ্জ্বলতা দেখা গৈছিল—যেন অদৃশ্য আধ্যাত্মিক শক্তিৰ প্ৰভাৱ। তেওঁক দেখি সিহঁতৰ মন হঠাৎ শান্ত আৰু আধ্যাত্মিক হৈ পৰিল।

সিহঁতে তেওঁৰ ওচৰলৈ গৈ কথা পাতিবলৈ চেষ্টা কৰিলে। ব্যক্তি জনে হাঁহি ক’লে— “কি বিচাৰিছা? মই জানো তোমালোকক কিবা পথ দেখুৱাব পাৰিম।”

প্ৰথমে অলপ ভয় ভাব আহিছিল যদিও সিহঁতৰ ভয় কমি গ’ল আৰু মুক্ত মনেৰে আশ্ৰমখনৰ লগতে তেওঁৰ বিষয়েও সুধিলে। ব্যক্তি জনে আশ্ৰমখনৰ পুৰণি ইতিহাস ক’লে আৰু লগতে বৰ্তমান সমাজৰ অৱক্ষয়ৰ কথাও বৰ্ণনা কৰিলে। তেওঁ ক’লে যে সনাতন পৰম্পৰাই মানুহক শুৱনি জীৱন যাপন শিকায়, কিন্তু আধুনিকতাৰ মোহত মানুহে সেইবোৰ এৰি নিজৰ কৰ্তব্য পাহৰি গৈছে। এই কথাবোৰে সিহঁতৰ অন্তৰ গভীৰভাৱে স্পৰ্শ কৰিলে।

তাৰ পিছত ব্যক্তি জন আঁতৰি গ’ল, কিন্তু তেওঁৰ কথাবোৰ সিহঁতৰ মনত গভীৰ প্ৰভাৱ পেলালে । সিহঁতে অনুভৱ কৰিলে যে অন্ধভাৱে পাশ্চাত্য সংস্কৃতি অনুসৰণ কৰি মানুহে নিজক ধ্বংসৰ দিশে লৈ গৈ আছে। নিজৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ সংকোচ কৰা সকলে ,অন্য উন্নতমানৰ সংস্কৃতিৰ নামত ব্যভিচাৰ,অন্যান্য অপ কৰ্মত লিপ্ত হৈছে।সিহঁত যেন লাহে লাহে এই পুৰাতন পৰম্পৰাৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।

সিহঁতে আশ্ৰমত কিছুদিন থাকি সেই সৰল জীৱন অনুভৱ কৰিবলৈ সিদ্ধান্ত ল’লে। কেইদিনমান পাছত সিহঁতে দেখিলে যে বহু লোক এক অচিন বেমাৰত আক্ৰান্ত হৈছে। সিহঁতেও সেই বেমাৰত পৰিল। কিন্তু একে সময়তে এজন পঁচিছ বছৰীয়া যুৱক একেবাৰে সুস্থ আছিল।

জানিব পৰা গ’ল যে সেই যুৱকজন জন্মৰে পৰা ব্ৰহ্মচাৰী(নৈষ্ঠিক ব্ৰহ্মচাৰী)আৰু কঠোৰ নিয়ম মানি চলে। আনসকলৰো যিসকলে লাহে লাহে ব্ৰহ্মচৰ্য পালন কৰিছিল, তেওঁলোকৰ বেমাৰ সোনকালে ভাল হৈছিল। কিন্তু চন্দন আৰু মহাবীৰৰ বেমাৰ ভাল হ’বলৈ বহুত সময় লাগিল।

এই অভিজ্ঞতাই সিহঁতক গভীৰভাৱে সলনি কৰিলে। সিহঁতে বুজি পালে যে আধুনিকতাৰ নামত জীৱনৰ মূল আদৰ্শ হেৰুৱাই পেলোৱাটো ভুল। পুৰাতন পৰম্পৰা, পবিত্ৰ চিন্তা, শুদ্ধ আহাৰ আৰু সৎ জীৱনশৈলীয়ে মানুহক সত্য, শান্তি আৰু সুস্থতা দিয়ে।