৪ খনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযানৰ সামৰণি পেলালে মুখ্যমন্ত্রীয়ে

৪ খনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযানৰ সামৰণি পেলালে মুখ্যমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নির্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত চাৰিখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযানৰ সামৰণি পেলালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ডিমৌ, টীয়ক, তিতাবৰ আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা- পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৯০-১০০খন আসন জয়লাভেৰে চৰকাৰ গঠন কৰিব বিজেপি-মিত্রজোঁটে। ডিমৌ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী সুশান্ত বৰগোহাঁই আৰু শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ সমৰ্থনত বালি খেলপথাৰত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই যোৱা তিনি মাহত অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিটো বিধানসভা সমষ্টি ভ্রমণ কৰাৰ কথা উল্লেখ কৰি কয়-এই সভাসমূহত মই লাখ লাখ লোকৰ সংগ লাভ কৰিছোঁ। মোৰ ২৫ বছৰৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে এইবাৰ বিধানসভা নির্বাচনত বিজেপি আৰু মিত্ৰজোঁটে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৯০-১০০খন আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। বিকাশ আৰু প্ৰগতিৰ এখন নতুন অসম গঢ়াৰ বাবে অসমৰ মানুহে এইবাৰ সিদ্ধান্ত লৈছে। বিগত ৫ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজক দিয়া নির্বাচনী প্রতিশ্রুতিসমূহ আখৰে আখৰে পূৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়- ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্রুতি দিয়া হৈছিল আৰু যোৱা ৫ বছৰত এক লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক নিকা আৰু স্বচ্ছতাৰে চাকৰি দিয়াৰ পিছত বিৰোধী স্তম্ভিত হৈ পৰিছে। এনডিএই এইবাৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব। মুখ্যমন্ত্রীয়ে কয়- আপোনালোকে সিদ্ধান্ত ল’ব, কোনখন চৰকাৰে নৱপ্ৰজন্মৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব পাৰে। আজি বিজেপিয়ে কংগ্ৰেছৰ সূতা-কম্বলৰ ৰাজনীতি সলনি কৰিছে। ৰাজ্যৰ চাৰিওফালে উন্নত বাট-পথ, দলং আদি নির্মাণেৰে আমি উন্নয়নৰ এক নৱজাগৰণ আনিবলৈ সক্ষম হৈছোঁ। প্রতিশ্রুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হৈছে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আত্মসহায়ক গোটৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্রুতি দিয়া হৈছিল। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰাজ্যৰ ৪০ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু অহাবাৰ ২৫ হাজাৰ টকাকৈ দিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিজেপি দল শাসনলৈ আহিলে দুখীয়া পৰিয়ালৰ বাবে চাউল-চেনি-দাইল আৰু নিমখৰ লগতে মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ’ব। ডিমৌ আৰু শিৱসাগৰ সমষ্টিত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ’ব। আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে এটা পৰিয়ালৰ শাহু আৰু বোৱাৰী উভয়ে যাতে অৰুণোদয় আঁচনিৰ সুবিধা লাভকৰিবলৈ সক্ষম হয়, তাৰ বাবে সুকীয়া ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। ভৱিষ্যতে ব’হাগ বিহু আৰু দুর্গাপূজাৰ সময়ত একোটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰো বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আজি মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি দিয়ে।

মুখ্যমন্ত্রীয়ে কয়- মই জানো যে ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে। মই দিয়া প্রতিটো প্রতিশ্রুতি পালন কৰি আপোনালোকক আকৌ এবাৰ আপোনালোকৰ ভোটৰ মূল্য দিবলৈ চেষ্টা কৰিম। শিৱসাগৰ আৰু ঢকুৱাখনাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে টীয়ক বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ সমৰ্থনত কাকজান ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। প্রতিকূল বতৰৰ পাছতো সহস্রাধিক সমর্থক আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাতে মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা- বিজেপি আৰু অগপ একেলগে থকালৈকে অসমত কেতিয়াও কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে। অসমত এতিয়ালৈকে কোনো চৰকাৰেই ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত এক লাখতকৈ অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব পৰাৰ উদাহৰণ নাই। কিন্তু বিজেপি চৰকাৰে নিজ কার্যকালৰ ভিতৰত এক লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে। পুনৰ চৰকাৰ গঠন কৰিলে অহা ৫ বছৰত দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব। ইয়াৰে ২৫ হাজাৰক আৰক্ষী পদত, ৭৫ হাজাৰক শিক্ষক পদত আৰু এক লাখক চিকিৎসক, অভিযন্তা, নাৰ্ছ, তৃতীয়বর্গ, চতুর্থবর্গ আদি বিভিন্ন পদত নিযুক্তি দিয়া হ’ব। বিগত ৫ বছৰত ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ স্থাপনৰ বাবে এক লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়া হ’ব বুলিও উল্লেখ কৰে। কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি তেওঁ কয়- দলটোৱে শাসনত থকাৰ সময়ত জনসাধাৰণক লুঙী, ধুতী, সূতা, কম্বল আৰু আঁঠুৱাহে প্রদান কৰিছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজৰ আৰ্থিক উন্নয়নৰ বাবে আঁচনি গ্রহণ কৰি আহিছে। সভাত মুখ্যমন্ত্রীয়ে টীয়ক সমষ্টিৰ জাঁজীমুখ পাৰঘাটত দলং নিৰ্মাণ, জনজাতি পঞ্চায়তত শুইচগেট নির্মাণ, টিংটিঙীয়া মজিয়াভেটিত দলং নির্মাণ, ৩৮ আৰু ৪০নং গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট-পথৰ উন্নীতকৰণ, ৪৭নং গাঁও পঞ্চায়তত এশখন বিছনাযুক্ত চিকিৎসালয় নির্মাণ, সমষ্টিটোত মথাউৰি নিৰ্মাণ, টীয়ক এফআৰইউৰ পুনৰ নিৰ্মাণকে ধৰি কেইবাটাও প্রতিশ্রুতি প্ৰদান কৰে। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই তিতাবৰত আয়োজিত আন এখন জনসভাত অংশগ্ৰহণ কৰি সমষ্টিটোৰ বিজেপি প্রার্থী ধীৰাজ গোৱালাৰ সমৰ্থনত ৰাজীৱ গান্ধী ক্রীড়া প্রকল্পত অনুষ্ঠিত সভাত ভাষণ দিয়ে। সেই সভাতে মুখ্যমন্ত্রীয়ে কয়-বিজেপি হৈছে প্রতিশ্রুতি প্রদান কৰি পূৰণ কৰা দল। সেইবাবে এইবাৰ বিধানসভা নির্বাচনত এনডিএই ৯০-১০০খন আসনত জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। তেওঁ কয়- বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত নৱপ্ৰজন্মই চৰকাৰী চাকৰিৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাই। বিগত ৫ বছৰত এক লাখ ৬৫ হাজাৰ যুৱক-যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। আজি সকলো শ্ৰেণীৰ জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। কাৰণ অসমৰ পৰিৱেশ সলনি হৈছে, অসমৰ আকাশৰ পৰা আন্ধাৰৰ ক’লা ডাৱৰ আঁতৰি গৈছে। এতিয়া যুৱপ্ৰজন্মই চৰকাৰৰ পৰা বহু আশা কৰে। তিতাবৰ সমষ্টিত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰাৰ প্রতিশ্রুতি দি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্রেছ দলে জয়ী হ’লে সূতা-লুঙী-ধুতী-আঠুৱা আৰু কম্বলৰ উপৰি গেঞ্জী-পায়জামা প্ৰদানৰহে প্রতিশ্রুতি দিয়ে। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ ২৮০ টকাৰ পৰা বৃদ্ধি কৰি আগন্তুক ৫ বছৰত ৪৫০-৫০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিগত ৫ বছৰত ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ সুউচ্চ প্রতিমূর্তি স্থাপন কৰিলে। বিহু, ঝুমুইৰ আৰু বাগৰুম্বাক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিলে, শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি ভাবিব নোৱাৰা ধৰণে উন্নত কৰা হ’ল, উৰণ সেতুৰ উপৰি অসমমালাৰ অধীনত বহু পথ নিৰ্মাণ কৰা হ’ল। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই জনসাধাৰণক সংকীৰ্ণ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই কয়-কংগ্ৰেছ দলে সংকীৰ্ণ ৰাজনীতিৰে জাতিটোক দুৰ্বল কৰি ৰাখিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে দেখুৱাই যোৱা পথেৰে অসমীয়া সমাজখনে জাতিটোক নির্মাণ কৰাৰ দায়িত্ব ল’ব লাগিব। এই সভাতে মুখ্যমন্ত্ৰীয়ে তিতাবৰত উন্নত শিক্ষা প্রতিষ্ঠান স্থাপন, জনসাধাৰণৰ বাবে আছেনিকমুক্ত খোৱাপানীৰ ব্যৱস্থাৰ উপৰি বাট-পথ নিৰ্মাণৰ বাবে বিশেষভাৱে ২০০ কোটি টকা মঞ্জুৰ কৰাৰো প্রতিশ্রুতি প্রদান কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমখন সভা হিচাপে দেৰগাঁৱত অনুষ্ঠিত বিজয় সংকল্প সভাখনত অংশগ্ৰহণ কৰে। বৰজান বাগান খেলপথাৰত বিজেপিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ সমৰ্থনত অনুষ্ঠিত সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়- অসমমালা আঁচনিয়ে ৰাজ্যৰ বাট-পথৰ অৱস্থা অভাৱনীয়ভাৱে উন্নত কৰি তুলিছে। তেনেদৰে লাচিত বৰফুকন পুলিচ একাডেমী, বিভিন্ন স্থানত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আদিয়ে এখন আধুনিক অসমৰ পৰিচয় দাঙি ধৰিছে। জাগীৰোডত নির্মীয়মাণ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ স্বৰ্ণিল ভৱিষ্যতৰ কথা তুলি ধৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিগত ৫টা বছৰত আমি জাতিটোৰ বাবে সংগ্রাম কৰিলোঁ। আমি অসমীয়া জাতিক প্ৰাণৱম্ভ কৰি এক অনিৰুদ্ধ গতিৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা আৰু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি পালে। তদুপৰি বিহু, ঝুমুইৰ, বাগৰুম্বাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰিলে। লাচিত বৰফুকন পুলিচ একাডেমীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা মনত বান্ধি ৰখাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়- গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ হৈ উঠিলে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ সলনি হৈ পৰিব। দেৰগাঁৱত ৰাষ্ট্ৰীয় পর্যায়ত ক্রীড়া একাডেমী নিৰ্মাণৰ দিশতো ভৱিষ্যতে নিশ্চিতভাৱে ব্যৱস্থা গ্রহণ কৰা হ’ব। আমি অসমবাসীক এনে এখন চৰকাৰ উপহাৰ দিবলৈ চেষ্টা কৰিছিলোঁ, যিখন চৰকাৰ আস্থাৰ প্ৰতীক হ’ব, যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীক ৰাইজে অন্তৰেৰে আদৰি ল’ব। যোৱা ৫টা বছৰৰ ভিতৰত অসমৰ আকাশৰ পৰা ক’লীয়া ডাৱৰ আঁতৰি আলোকৰ সঞ্চাৰ হৈছে। ভাষণত মুখ্যমন্ত্রীয়ে যোৰহাটত লাচিত বৰফুকনৰ সুউচ্চ প্রতিমূৰ্তি নিৰ্মাণ, ৰাজ্যজুৰি উচ্ছেদ অভিযান চলাই ডেৰ লাখ বিঘা ভূমি বেদখলমুক্তকৰণ, কাজিৰঙাত গঁড় হত্যা ৰোধ আদিৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ২৫খনতকৈ অধিক বিশ্ববিদ্যালয়ৰে অসম আজি শিক্ষাৰ এক অগ্ৰণী কেন্দ্ৰ হৈ পৰিছে। তদুপৰি নিকা নিযুক্তিৰে ৰাজ্যখনে সমগ্র দেশক পথ দেখুৱাবলৈ সক্ষম হৈছে।