বৰপেটা মেডিকেলৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে ৭টা জনম ল’ব লাগিবঃমুখ্যমন্ত্ৰী 

বৰপেটা মেডিকেলৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে ৭টা জনম ল’ব লাগিবঃমুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- “তেওঁ সাতবাৰ জনম ল’ব লাগিব… ৷ বৰপেটা মেডিকেল কলেজৰ নাম, বৰপেটা লিখা হৈ গ’ল । ইয়াক চেঞ্জ কৰিবৰ কাৰণে গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল’ব লাগিব ।” ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰি বৰপেটা মেডিকেল কলেজ কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্যক এনেদৰে প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।  নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সৰ্থেবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক উভতি ধৰি কয়- বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে ৭ বাৰ জনম ল’ব লাগিব। উল্লেখ্য যে মন্দিয়াৰ এখন নির্বাচনী সভাত গৌৰৱ গগৈয়ে ঘোষণা কৰিছিল যে বৰপেটা চিকিৎসা মহাবিদ্যালয়খনৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত ফখৰুদ্দিন আলী আহমেদৰ নাম আঁতৰাই দিয়া হৈছে যদিও কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে পুনৰ চিকিৎসা মহাবিদ্যালয়খনৰ নাম পুনৰ ফখৰুদ্দিন আলী আহমেদৰ নামত দিয়া হ’ব। গৌৰৱ গগৈৰ এনে ঘোষণাক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বৰপেটা চিকিৎসা মহাবিদ্যালয় বুলি ইয়াৰ নাম লিখা হৈ গ’ল। এতিয়া ইয়াক সলনি কৰিবলৈ গৌৰৱ গগৈয়ে ৭ বাৰ জনম ল’ব লাগিব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে প্ৰতিখন জিলাত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহৰ নাম ঠাই অনুসৰি দিয়া হৈছে। গতিকে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নামো সেই ধৰণেই সলনি কৰা হৈছে। এইক্ষেত্ৰত ইয়াক বৰপেটাবাসীয়েও মানি লৈছে।  ইফালে মুখ্যমন্ত্রীয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো তীব্র সমালোচনা কৰে। শেহতীয়াকৈ লুৰিণজ্যোতি গগৈয়ে নির্বাচনৰ বাবে দাখিল কৰা মনোনয়নত বয়স হ্রাস কৰা বুলি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। এই প্রসংগতে মুখ্যমন্ত্রী ড° শর্মাই কয়- বর্তমান তেওঁৰ বয়স ২০২১ চনত ৪৩ বছৰ আছিল। সেই অনুসৰি এইবাৰ বয়স ৪৮ হ’ব লাগে। আমাৰ অসমীয়া ল’ৰাসকলে ৩০-৩২ বছৰত বিয়া পাতে। কিছুমানে বিয়া নাপাতে। এতিয়া বিয়া পাতিলেও ভাল, নাপাতিলেও ভাল, কিন্তু মাজত থকাটো বেয়া। লুৰিণজ্যোতি গগৈয়ে বয়স হ্রাস কৰাৰ কাৰণটো হ’ল বিয়াৰ বাবে তেওঁ কাৰোবাক উত্তৰ দিবলগীয়া আছে। এইবাৰ যদি তেওঁ নিজিকে, তেওঁৰ বিয়াখন নহ’ব। সেয়ে মই প্রস্তাৱ দিছোঁ, এই সংকল্পটো উঠাই ল’ব লাগে। কাৰণ তেওঁ জিকাৰ সম্ভাৱনা নাই। কোনোবাই বিয়া পতাৰ বাবে এমএলএ হ’ব খোজে নেকি? বিধায়ক নির্বাচনত প্রার্থীয়ে বিশ্ববিদ্যালয় নিৰ্মাণৰ প্রতিশ্রুতি দিয়ে, চিকিৎসালয় নিৰ্মাণৰ প্রতিশ্রুতি দিয়ে, কিন্তু মই প্রথম দেখিছোঁ লুৰিণজ্যোতি গগৈৰ বিয়া পাতিব লাগে, সেইবাবেই তেওঁলোকক ভোট দিব লাগে।