দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্রিকেট দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ১৭ এপ্ৰিলৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে শক্তিশালী ১৫ জনীয়া স্কোৱাড। প্রত্যাশিতভাবে অভিজ্ঞ অলৰাউণ্ডাৰ হৰমনপ্রীত কৌৰে অধিনায়কত্বৰ গুৰু দায়িত্ব লাভ কৰাৰ বিপৰীতে উপ-অধিনায়ক হিচাপে তেওঁক সংগ দিব তাৰকা বেটাৰ স্মৃতি মান্ধানাই। বেটিঙৰ দায়িত্বত থাকিব শেফালী বার্মা, জেমিমা ৰড্রিগেজ আৰু ৰিচা ঘোষৰ দৰে বিস্ফোৰক খেলুৱৈ, যিয়ে মুহূৰ্তৰ ভিতৰতে খেলৰ গতিপথ সলনি কৰাৰ ক্ষমতা ৰাখে। বেট আৰু বল দুয়োটাতে সমানেই পাৰদৰ্শিতা দেখুৱাব পৰা অলৰাউণ্ডাৰ দীপ্তি শর্মাও দলটোৰ অন্যতম মূল অস্ত্র হিচাপে পৰিগণিত হ’ব। উইকেটৰক্ষকৰ বিকল্প হিচাপে ৰিচা ঘোষৰ লগতে অসমকন্যা উমা চেত্রীয়েও পুনৰ টি-২০ দলত স্থান লাভ কৰিছে। আনহাতে, দক্ষিণ আফ্ৰিকাৰ দ্রুত পিটচত পেচ বলাৰৰ নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিব ভাৰতীয় পেচ আক্ৰমণৰ মূল অস্ত্র ৰেণুকা সিং ঠাকুৰ আৰু অৰুন্ধতী ৰেড্ডীয়ে। আনহাতে, স্পিন বিভাগত শ্রেয়াংকা পাটিল আৰু কাশ্বভী গৌতমৰ দৰে উদীয়মান তাৰকাই নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে। ঘৰুৱা ক্রিকেটত কৰা দুর্দান্ত প্ৰদৰ্শনৰ ভিত্তিত দলত স্থান লাভ কৰা আন কেইগৰাকীমান প্রতিভাৱান খেলুৱৈ হৈছে ক্রান্তি গৌড়, শ্রী চৰণী, ভাৰতী ফুলমালী আৰু অনুষ্কা শর্মা। উল্লেখ্য যে মুঠ পাঁচখন মেচৰ এই শৃংখলাটোৰ প্ৰথম আৰু দ্বিতীয়খন মেচ ডাৰবানত অনুষ্ঠিত হ’ব। দক্ষিণ আফ্রিকা ভ্রমণৰ বাবে নিৰ্বাচিত সম্পূৰ্ণ ভাৰতীয় দলটো হৈছে: হৰমনপ্রীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শেফালী বার্মা, জেমিমা ৰড্রিগেজ, দীপ্তি শৰ্মা, ৰিচা ঘোষ, অৰুন্ধতী বেড্ডী, বেণুকা ঠাকুৰ, ক্রান্তি গৌড়, শ্রী চৰণী, শ্রেয়াংকা পাটিল, কাশ্বভী গৌতম, ভাৰতী ফুলমালী, উমা চেত্ৰী আৰু অনুষ্কা শর্মা।
