এজাক বৰষুণৰ কথাৰে
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
সিদিনা এচকল শুভ্ৰ মেঘৰ স’তে কথা পাতিছিলোঁ
জীৱন-যৌৱনৰ বহু কথা
এজাক বৰষুণে মোক হাঁহি হাঁহি ক’লে
তোমাৰ আৰু মোৰ ভিন্নতা ক’ত?
ময়ো ততাতৈয়াকৈ ক’লোঁ
বিষাক্ত বিষাদে মোৰ চকুলো সৰে
যন্ত্ৰনাৰ কোবাল সোঁতত নিগৰে অশ্ৰু
এটোপাল দুটোপাল আৰু বহুটোপাল
বৰষুণ জাকে টপৰাই ক’লে
ধৰিত্ৰী নিষ্কাষণ ব্যৱস্থাপনাৰ দায়িত্ব পালন কৰোঁ
কাৰোবাৰ হিতে-বিপৰীতে
সেয়া মই নাভাবো।
মই ক’লোঁ
সঁচাকৈয়ে ভাল পাওঁ তোমাক
তোমাৰ পৰশত জীপাল হয় বিৰিখ
হাঁহি হাঁহি গা ধুৱে জীৱ-জন্তুবোৰ
চোতালত লিখি যোৱা তোমাৰ নাম
সুৱাদ শুৱনি তোমাৰ কাম
পানীবোৰ নাচে
মাছবোৰে হাঁহে
ৰঞ্জিত হয় চৌপাশ
সাতোৰঙী ৰামধেনুৰ ৰঙে।
ৰাস্তা-ঘাটৰ কি যে মিচিক-মাচাক হাঁহি
চৌপাশে শুনা যায় বিহগীৰ বাঁহী
ৰিমঝিম শব্দত ৰচে
কবিৰ কবিতা, গীতিকাৰৰ গীত
প্ৰেমৰ মায়াজাল সাজি
বন্দী কৰা সৱকে।
ল’ৰালিৰ স্মৃতি
হতাশৰ বিস্মৃতি
কাগজৰ নাওসজা প্ৰতিটো ভাঁজ
আইতাৰ সাধুকথা
ধেমালিৰ সেই আড্ডাবোৰ
তৃপ্তিৰে ভৰপূৰ জীৱনৰ সেই দেওনা বোৰ
