প্ৰেমৰ কবিতা হিচাপে দেৱকান্ত বৰুৱাৰ ‘কলং পাৰত মাজনিশা’ – দৰ্শনা দত্ত

Pc Vecteezy

এটি আলোচনা

প্ৰেমৰ কবিতা হিচাপে দেৱকান্ত বৰুৱাৰ ‘কলং পাৰত মাজনিশা’

দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট 

 ‘প্ৰেম’ অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ মূল প্ৰাণকেন্দ্ৰস্বৰূপ।অসমীয়া ৰোমাণ্টিক কবিসকলে এই প্ৰেমক বিভিন্ন ভাৱেৰে তেওঁলোকৰ কবিতাসমূহত উপস্থাপন কৰা দেখা যায় ।

অসমীয়া কবিতাৰ ক্ষেত্ৰখনত প্রেমৰ এক নতুন ধাৰা বোৱাই অনা এগৰাকী কবি হ’ল দেৱকান্ত বৰুৱা(১৯১৪-১৯৯৬)। আধুনিক আৰু ৰোমাণ্টিক এই দুটা যুগৰ সন্ধিক্ষণত কবিতা ৰচনা কৰা বৰুৱাৰ কবিতাৰ সুৰ আৰু প্ৰকাশভঙ্গী অনন্য আৰু ব্যতিক্ৰম।আৱাহন আলোচনী(১৯২৯)ৰ পাতত কবিৰূপে আত্মপ্ৰকাশ কৰা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা সংকলনটো হৈছে ‘সাগৰ দেখিছা'(১৯৪৫)।একমাত্ৰ কবিতা সংকলন হ’লেও ইয়ে তেওঁৰ কাব্য জীৱনক সু সফল কৰি তুলিলে।’পৃথিৱী’,’অসাৰ্থক’,’ৰঙা এটি কৰবীৰ ফুল’ আদি বৰুৱাৰ উল্লেখযোগ্য কবিতা।

‘আমি দুৱাৰ মুকলি কৰোঁ’ কবিতাৰে আধুনিক কবিতাৰ আৰম্ভণি কৰা দেৱকান্ত বৰুৱাৰ কবিতাত ৰোমান্টিক কবিতাত থকা প্ৰেমৰ সুৰ ধ্বনিত হৈছে যদিও এই সুৰত অতীন্দ্ৰিয়বাদৰ পৰিৱৰ্তে বাস্তৱিকতাৰ পৰশ পৰিলক্ষিত হয়। নাৰীবাদী ইন্দ্ৰিয়গ্ৰাহ্য যি প্ৰেম সেই প্ৰেম তেওঁৰ কবিতাত প্ৰতিফলিত হয়। দেৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ সমান্তৰালভাৱে তেওঁৰ জন্মভূমি নগাঁৱত থকা কলং নদীখনিয়ে বিশেষ প্ৰাধান্য আৰু নান্দনিক অৱয়ব লাভ কৰিছে। কলংৰ নিৰ্জন পাৰত বহি প্ৰেমৰ পূজা কৰা দেৱকান্ত বৰুৱাৰ অন্যতম এটি প্ৰেমৰ কবিতা হ’ল ‘কলং পাৰত মাজনিশা।’

‘কলং পাৰত মাজনিশা’ কবিতাটো এটা প্ৰেমৰ কবিতা। কিন্তু কবিতাটোত অতীন্দ্ৰিয় প্ৰেম অথবা কল্পনাৰ ৰহণ সনা কোনো প্ৰেমিকাৰ চৰিত্ৰ প্ৰকাশিত হোৱা নাই বৰং দেহ বাস্তৱতাৰ নাৰীয়েই কবিৰ প্ৰেমিকাৰূপে কবিতাটোত অংকিত হৈছে। তাৰোপৰি ইয়াত কবিয়ে প্ৰেমৰ স্পৰ্শাতীত ৰূপক দেহজ প্ৰেমলৈ ৰূপান্তৰিত কৰিছে। দেহজ প্ৰেমৰ মাজতেই যৌৱনৰ সাৰ্থকতা আছে বুলি কবিয়ে স্বীকাৰ কৰিছে। ‘কলং পাৰত মাজনিশা’ কবিতাটোৰ উৎস কোনো এগৰাকী দেহ বাস্তৱতাৰ গাভৰু আৰু সেই গাভৰু গৰাকী কবিৰ প্ৰেমিকা। এই প্ৰেমিকাক কবিয়ে কেতিয়াবা মনোৰমা, কেতিয়াবা সখি,কেতিয়াবা আকৌ লাহৰি হিচাপে সম্বোধন কৰিছে।

কবিৰ যৌৱনৰ ভালপোৱা সম্ভাৰ পাতি লৈ তেওঁৰ প্ৰেমিকা আন এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে। প্ৰেমিকাৰ বিয়ালৈ মাজত মাত্ৰ দহদিন বাকী আৰু কবিয়ে শেষ বাৰৰ বাবে তেওঁৰ প্ৰেয়সীক মাজনিশা কলঙৰ নিৰ্জন পাৰত লগ পাব বিচাৰি অপেক্ষা কৰিছে। কলঙৰ পাৰত লগ কৰিবলৈ অহা প্ৰেয়সীক উদ্দেশ্যি তেওঁ কৈছে –

 “অতপৰে আহিলা লাহৰি?বাট চাই তোমালৈ অথনিৰে পৰা ;
লুকাই আহিছা?ভয় নাই নেদেখে কোনেও,জোনবাই ডাৱৰে আৱৰা।
আহাঁ মোৰ ওচৰত বহা।
কিয়নো কৰিছা লাজ সোণ?
একো লাজ নাই,
কলঙৰ নিজান পাৰত তুমি আৰু মই আছোঁ…।”

‘কলং পাৰত মাজনিশা’ কবিতাটোত প্ৰেয়সীৰ সৈতে হোৱা চিৰবিদায়ৰ মূহুৰ্তটো কবিয়ে নিৰাশাবাদ আৰু ব্যৰ্থ হৃদয়ৰ পৰিৱৰ্তে প্ৰাপ্তিৰ গৌৰৱ আৰু স্ব-মৰ্য্যদাৰে তেওঁৰ প্ৰেয়সীক বিদায় দিছে। প্ৰেয়সীৰ বিয়ালৈ মাজত মাথোঁ দহদিন বাকী এনে সময়তো কবিয়ে দীপ্ত কণ্ঠেৰে কৈছে –

“তুমি-গোলাপৰ আজি লভিছোঁ পৰশ প্ৰিয়া।
কাঁইটৰ শঙ্কা মোৰ নাই…।”

“…তোমাৰ বিয়ালৈ আৰু কেইদিন বাকী?দহদিন?মাথোঁ দহদিন আছে?
এনে দহ নিশা,তুমি যাবা তোমাৰ বাটেদি,মই যাম মোৰ বাটে বাটে।”

কবিৰ জীৱনৰ প্ৰেম প্ৰকাশক ‘কলং পাৰত মাজনিশা’ কবিতাটোত প্ৰেমৰ মিলন নহয়,বিৰহৰ দিশটোহে কবিয়ে প্ৰতিফলিত কৰিছে। কিন্তু এই বিৰহ তথা বিচ্ছেদৰ কাৰুণ্যতাও কবিতাটোৰ মূল সুৰ নহয়,বৰঞ্চ এনে কাৰুণ্যতাক কবিয়ে সহজতে জয় কৰিবলৈ সক্ষম হৈছে। বিৰহ আৰু মিলন প্ৰেম নামৰ মুদ্ৰাৰ ইপিঠি সিপিঠি। মিলনৰ আনন্দতকৈ বিচ্ছেদৰ বেদনাইহে মানুহক সৃষ্টিশীল ৰূপেৰে সজাই তুলিব পাৰে আৰু এনে মনোভাৱৰ বাবেই কবিয়ে প্ৰেমত লাভ কৰা বিৰহক সত্য বুলি মানি লৈ তাক বাস্তৱতাৰ ভেটিত প্ৰতিষ্ঠা কৰিব খুজিছে।কবিৰ বৰুৱাৰ এনে ধাৰণাই তেওঁৰ কবিতাৰ বিশেষ সৌন্দৰ্যতা ।

‘কলং পাৰত মাজনিশা’ কবিতাটিত কবিয়ে শেষবাৰৰ বাবে প্ৰেয়সীক লগ কৰিবলৈ আহিছে যদিও আত্মমৰ্যদাৰেহে তেওঁক বিদায় জনাইছে। কবিৰ প্ৰেমেৰে ‘তন্দ্ৰালসা গাভৰুৰ’ হৃদয় প্ৰথম বাৰৰ বাবে স্পৰ্শ কৰিব পৰাটোৱেই তেওঁৰ বাবে গভীৰ প্ৰাপ্তি,নোপোৱাখিনিক লৈ তেওঁ ভাগি পৰা নাই। প্ৰেমিকাক বিদায় জনোৱাৰ পৰত কবিয়ে কৈছে যে বিয়াৰ পাছত নতুন ঘৰখনত তেওঁৰ প্ৰেমিকাই আন এজনৰ সৈতে জীৱনটোক নব্য ৰূপেৰে সজাই তোলাত ব্যস্ত হৈ পৰিব আৰু কবিৰ সৈতে কলঙৰ পাৰত কটোৱা এই সময়বোৰ মনৰ পৰা মচি পেলাব –

“…নতুন ঘৰত চেনেহৰ শলিতাৰে জ্বলাবা যি ন চাকি
তাৰ পোহৰত যাব জীয়ৰী কালৰ আশা, সুখ, দুখ দিনে দিনে মচি…”
“…পাহৰিবা তুমি সখি! আজি নিশাৰ স্মৃতি,পাহৰিবা তুমি মোৰ হোৱা।”

কবিৰ সৈতে কটোৱা সময়খিনি তেওঁৰ প্ৰেয়সীৰ মনত পৰক বা নপৰক তাত কবিৰ অলপো আক্ষেপ নাই। বিৰহৰ বিপৰীতে অহঙ্কাৰ মনোভাৱেৰে কবিয়ে কৈছে –

“…বকুলৰ সুগন্ধিয়ে তেতিয়া তোমাৰ বাৰু কিবা কিবি কৰিবনে মন?
হয়তো কৰিব পাৰে,হয়তো নকৰে, মোৰ খেদ নাই মোৰ অহঙ্কাৰ।”

অসমীয়া ৰোমাণ্টিক কবিতাৰ পৰিক্ৰমাত দেহজ প্ৰেম প্ৰকাশক কাব্য পাবলৈ নাই।প্ৰেম দৈহিক ৰূপত প্ৰকাশ পালেও সি অতীন্দ্ৰিয় প্ৰেমলৈ ৰূপান্তৰিত হোৱা দেখা যায়। এনে ক্ষেত্ৰত দেহজ প্ৰেমক কবিতাত প্ৰকাশ কৰাত দেৱকান্ত বৰুৱা অন্যতম।নিজৰ অন্তৰৰ কোনো কথাকে কবিতাত প্ৰাণখুলি ক’বলৈ তেওঁ সঙ্কোচবোধ কৰা নাই। প্ৰিয়জনৰ সৈতে দৈহিক মিলনতেই প্ৰেমৰ সাৰ্থকতা আছে বুলি তেওঁ অসঙ্কোচে স্বীকাৰ কৰিছে। ড° মহেশ্বৰ নেওগে দেৱকান্ত বৰুৱাৰ কবিতাৰ সম্পৰ্কে কৈছে – “কলং পাৰতে বহি যৌৱনৰ আৰতি শুনাবৰ অভিলাষত সৌন্দৰ্য লোলুপ কবিয়ে নাৰী শৰীৰৰ কামনাৰ জয়গান গাইছে…।”

দেৱকান্ত বৰুৱাৰ কবিতাত ক’তোৱেই অস্পষ্টতা দেখা নাযায়।তেওঁৰ কবিতাত আধ্যাত্মিক ধাৰণা আৰু দাৰ্শনিক চিন্তাধাৰাৰ প্ৰভাৱো কম।বৰুৱাৰ কবিতাত প্ৰকৃতি,বাস্তৱিক ৰূপত মানৱীয় আৱেগ আদি প্ৰধানকৈ দেখা যায়। কবিতাসমুহৰ ভাষা-শৈলী পোনপটীয়া,সৰল আৰু স্পষ্ট।তেওঁৰ প্ৰেমৰ কবিতাৰ সুৰ-ভাৱনাৰ মাজেৰে নাৰীৰ সৌন্দৰ্য,প্ৰেয়সীৰ প্রতি প্ৰত্যাহবান,কবিৰ উগ্ৰ ভাৱনা আদি প্ৰতিফলিত হৈছে। তাৰোপৰি তেওঁ কবিতাত বিভিন্ন প্ৰশ্ন উপস্থাপন কৰি প্ৰেমক বিদ্ৰোহীৰ ধাৰণাৰে মূল্যায়ন কৰা দেখা যায়। ‘কলং পাৰত মাজনিশা’ কবিতাতো তেওঁৰ এনে দৃষ্টি প্ৰকাশিত হৈছে –

১.”লুকাই আহিছা? ভয় নাই নেদেখে কোনেও, জোনবাই ডাৱৰে আৱৰা ।”

২.”এতিয়াই যাবা ঘৰলই? কিয় কেনেবাকে’ কোনোবাই যদি সাৰ পায়?”

৩.”তোমাৰ বিয়ালৈ আৰু কেইদিন বাকী?দহদিন, মাথোঁ দহদিন আছে?

৪.”বকুলৰ সুগন্ধিয়ে তোমাৰ বাৰু কিবা কিবি কৰিবনে মন ?হয়তো কৰিব পাৰে, হয়তো নকৰে মোৰ খেদ নাই, মোৰ অহঙ্কাৰ।”

প্ৰেম যিদৰে সত্য;প্ৰেমৰ বিপৰীতে থকা বিৰহো যে সত্য;তাক কবি বৰুৱাই সহজতে মানি ল’ব পাৰিছে আৰু এনে মনোভাৱৰ বাবে দেৱকান্ত বৰুৱাৰ কবিতাসমুহ বিশেষ ব্যতিক্ৰম।

শেষত ক’ব পাৰি প্ৰেমৰ কবিতা হিচাপে দেৱকান্ত বৰুৱাৰ ‘কলং পাৰত মাজনিশা’ কবিতাটো এটা উৎকৃষ্ট কবিতা। আবাহন যুগৰ উল্লেখযোগ্য কবি বৰুৱাই অসমীয়া কাব্য সাহিত্যত পোনপ্ৰথমে অতীন্দ্ৰিয়বাদৰ সুৰৰ পৰিৱৰ্তে ৰোমাণ্টিক ভাৱধাৰাক অন্য এটি ৰূপ আৰু আয়তন প্ৰদান কৰে। ৰোমাণ্টিক আৰু আধুনিক এই দুই যুগৰ সন্ধিক্ষণত কবিতা ৰচনা কৰাৰ বাবে তেওঁক ‘দোমোজাৰ কবি’ আৰু কলং নদীখনিক তেওঁৰ কবিতাত বিশেষ প্ৰাধান্য দিয়াৰ বাবে কবি বৰুৱাক ‘কলং পাৰৰ কবি’ বুলিও আখ্যা দিয়া হয় ।