খবৰবোৰ বিয়পি পৰিল – জুনুকা পাঠক

Pc Vecteezy

খবৰবোৰ বিয়পি পৰিল

জুনুকা পাঠক, বৰপেটা

উষ্ম ধোৱাত আধাপোৰা কপৌ
আকৌ প্ৰগলভা হ’ল …
পুলক পুলক  দুবৰী বন-
মথাউৰি চিঙিল উচাহৰ….
যৌৱনৰ কুমলীয়া ডেউকাত
মেঘৰ কাঞ্চন-
লৰা-লৰিকৈ সাগৰো আহিল –
ফাগুনৰ প্ৰথমা বৰষুণত…
ৰ’দে উৰুলি দিলে
তধা লাগিল মাটিৰ
পকা-চপৰা –
লাকি বাম্ব’ চিক-চিকাই গাভৰু হ’ল…..