ছ’চিয়েল মিডিয়াত সাহিত্য-চৰ্চা বৰ্তমান আৰু ভৱিষ্যত লগতে কিমান গ্ৰহন যোগ্য
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা বৰপেটা
কোনো এখন সমাজ হওক , জাতি হওক কিংবা কোনো দেশ আগুৱাই লৈ যাবলৈ বা উন্নতিৰ শীৰ্ষত উপনীত কৰিবলৈ অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশৰ লগতে ভাষা-সংস্কৃতিৰ উন্নতিৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰাটো অত্যাৱশ্যক।
ইংৰাজ শাসন কালত যেতিয়া ভাৰতৰ বিদ্যালয়, কাৰ্যালয় ,অনুষ্ঠান আদি সকলো ঠাইতে বাংলা ভাষা প্ৰচলন কৰিছিল তেতিয়া এই বিষয়ৰ বিৰোধিতা কৰি ১৮৭৩ চনত আকৌ অসমীয়া ভাষা পুনৰ প্ৰচলন কৰা হয় যদিও উপযুক্ত ব্যাকৰণ, অভিধান আদিৰ দিশত দুৰ্বল হোৱাৰ বাবে ‘অসমীয়া ভাষা উন্নতি সাধিনী'(আ:ভা:উ:সা) গঠন কৰা হয় ১৮৮৮ চনত । আৰু সেই সময়তে অসমীয়া ভাষাৰ মৰ্যদা ৰক্ষা কৰাৰ উদ্দেশ্যে জোনাকী আলোচনী (১৮৮৯) প্ৰকাশ কৰা হয়। য’ত কলকাতাত উচ্চ শিক্ষা অৰ্জনৰ বাবে যোৱা অসমীয়া যুৱক সকলে সাহিত্য-চৰ্চা কৰি অসমীয়া ভাষা-সংস্কৃতি আৰু অধিক সাৱলীল কৰি তোলাৰ প্ৰচেষ্টা কৰিছিল। ইতিহাসৰ পাতত এই যুগ জোনাকী যুগ বুলি আজিও জিলিকি আছে।
মানু্হ আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ নথকা সময়তো যেনেকৈ অসমীয়া ভাষাৰ মৰ্যদা ৰক্ষাৰ্থে কাম কৰিছিল আজিৰ বৰ্তমান আধুনিক প্ৰযুক্তিৰবিদ্যাৰ প্ৰয়োগ হোৱা সময়তো সেই ধাৰা ,সেই চিন্তা,আৰু সেই উদ্যম অক্ষুণ্ণ থকা পৰিলক্ষিত হয়। আৰু ইয়াক সহায় কৰি আৰু এখোজ আগুৱাই লৈ যায় প্ৰযুক্তিবিদ্যাৰ দ্বাৰা সৃষ্টি সামাজিক মাধ্যমে।
আধুনিকতাৰ স্পৰ্শত বিশ্ব এটা গোলকীয় গাঁৱত ৰূপান্তৰিত হৈছে। যাক আমি হাতৰ মুঠিতে লৈ ফুৰিব পাৰোঁ। মানুহৰ কষ্ট লাঘৱ হৈছে সেয়া লাগিলে সাহিত্য-চৰ্চাই হওক বা আপোনজনলৈ বাৰ্তা প্ৰেৰণ কৰাই হওক কিম্বা হওক নিজা কাৰ্যালয়ৰ কোনো কাম। আৰু এনে সময়ত সামাজিক মাধ্যমে সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
যি সময়ত অসম সাহিত্য সভাৰ দৰে মুখ্য আৰু কৰ্তব্যপৰায়ন কাৰ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত বিতৰ্কিত এটা পৰিবেশ সৃষ্টি হৈ সভাৰ শোভা নষ্ট হয়। তেনে সময়ত সামাজিক মাধ্যমৰ জৰিয়তে হোৱা সাহিত্য-চৰ্চাৰ শান্তিপূৰ্ণ অনুষ্ঠান বহগুণে শ্ৰেষ্ঠ বুলি কোৱাটো বঢ়াই কোৱা নহ’ব।
সামাজিক মাধ্যমে নতুন প্ৰজন্মক এক সুকীয়া মঞ্চ প্ৰদান কৰে য’ত নিজৰ নিজৰ প্ৰতিভাৰে,নিজৰ কলাৰে নিজৰ লগতে অসমীয়া ভাষা সংস্কৃতিক আৰু সাৱলীল কৰি তুলিব পাৰিব।
কাকত, আলোচনী আদি পঢ়াৰ ধৈৰ্য্য অজিৰ নতুন প্ৰজন্মৰ নাই বুলিয়েই ক’ব পাৰি কাৰণ বৰ্তমান সময়ত বিভিন্ন কাকত পাঠকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে।কিন্তু সেই তুলনাত অনলাইন মাধ্যমত লেখক আৰু পাঠক কোনো এটাৰো অভাৱ হোৱা নাই, সময়ৰ সোঁতত যেন বাঢ়ি আছে । সেই হিচাপতো ক’ব পাৰি সামাজিক মাধ্যমত সাহিত্য-চৰ্চা কৰিও নিজৰ ভাষা ,নিজৰ কৃষ্টি ,নিজৰ সংস্কৃতিৰ মৰ্যদা সুৰক্ষিত কৰা সম্ভৱ।
বুজন সংখ্যক মানুহে সামাজিক মাধ্যমক প্ৰথমে মনোৰঞ্জনৰ এটা মাধ্যম হিচাপে গণ্য কৰিছিল। কিন্তু এতিয়া নিজৰ প্ৰতিভাৰে নিজৰ মনৰ অনুভৱৰ পৰশ বোলাই কবিতা, গল্প, উপন্যাস প্ৰবন্ধ, নিৱন্ধ, স্তৱক, লিমৰিক আদি লিখি থকা দেখা যায়। এয়াও সাহিত্য-চৰ্চাৰ ভিতৰতেই পৰে।
নিজৰ কিতাপ এখন প্ৰকাশ কৰিবলৈ পৰিমাণৰ মূলধন নথকাৰ বাবেই কিছুমান যোগ্য ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব পৰা নাছিল । কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে বিনামূল্যে নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰিব পাৰিছে। আৰু মূলধন নাথাকিলে যে নিজৰ প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰিব ,নৱ প্ৰজন্মৰ মনৰ এই ভাৱটোও আঁতৰিছে লাহে লাহে।
আধুনিকতাৰ পৰশত মানুহৰ ধ্যান-ধাৰণা, বিচাৰ-বুদ্ধি সকলো আধুনিক হৈ আছে । আৰু এনে সময়ত সামাজিক মাধ্যমত নিজৰ প্ৰতিভাৰে সাহিত্য-চৰ্চা কৰাটো বেয়া একো নহয় উত্তম বুলিয়েই ক’ব পাৰি লগতে উঠি অহা প্ৰজন্মৰ বাবেও এটা সুযোগ কঢ়িয়াই আনে বৰ্তমানৰ লগতে ভৱিষ্যতো সফল কৰি তুলিব পৰাকৈ।
ছচিয়েল মেডিয়াত সাহিত্য চৰ্চাৰ গ্ৰহণযোগ্যতাক লৈ কিছু প্ৰশ্ন উত্থাপনো নোহোৱা নহয়। যিহেতু ইয়াত কোনো কঠিন সম্পাদনাৰ ব্যৱস্থা নাই, সেয়েহে বহু সময়ত ভাষাৰ অশুদ্ধি আৰু নিম্নমানৰ সৃষ্টিৰ পয়োভৰো দেখা যায়। লাইক বা কমেন্টৰ প্ৰতিযোগীতাত কেতিয়াবা সাহিত্যৰ প্ৰকৃত গাম্ভীৰ্য হেৰাই যোৱাৰ উপক্ৰমো ঘটে।
ইয়াৰ উপৰিও আনৰ সৃষ্টি নিজৰ নামত চলাই দিয়া বা সাহিত্য চুৰিৰ দৰে সমস্যাই ইয়াৰ বিশ্বাসযোগ্যতাত আঘাত সানে। ছ’চিয়েল মিডিয়াৰ সাহিত্যই যি এক বৃহৎ পাঠক সমাজ গঢ়ি তুলিছে, তাক অস্বীকাৰ কৰিব নোৱাৰি। বিশেষকৈ যিসকল লোকে কিতাপ কিনি পঢ়িবলৈ সময় বা সুযোগ নাপায়, তেওঁলোকৰ বাবে এই ডিজিটেল সাহিত্যই এক নতুন পথৰ সন্ধান দিছে জ্ঞান অন্বেষণ কৰাৰ।
ভৱিষ্যতৰ দিশলৈ চালে দেখা যায় যে সাহিত্য-চৰ্চা অডিঅ’ বা ভিডিঅ’ মাধ্যমৰ সৈতেও একীভূত হোৱাৰ সম্ভাৱনা অধিক। পডকাষ্ট বা চুটি ভিডিঅ’ আদিৰ জৰিয়তে কবিতা আবৃত্তি আৰু গল্পৰ নাট্যৰূপ অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে। ডিজিটেল সংৰক্ষণ ব্যৱস্থাই আমাৰ সাহিত্যক বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা পঢ়িব পৰাকৈ সহজলভ্য কৰি তুলিব।
ছ’চিয়েল মিডিয়াৰ সাহিত্য-চৰ্চা বৰ্তমানৰ আধুনিক চিন্তাধাৰাৰ নতুন ৰূপ। যদিহে লেখকসকলে শব্দৰ শুদ্ধতা আৰু মৌলিকতাৰ প্ৰতি সচেতন থাকে, তেন্তে সামাজিক মাধ্যমৰ জৰিয়তে ভৱিষ্যতে অসমীয়া সাহিত্যক এক গোলকীয় পৰিচয় প্ৰদান কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব।
