নলবাৰীত  দিগন্ত বৰ্মন- আশোক শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ 

নলবাৰীত  দিগন্ত বৰ্মন- আশোক শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্রান্তে প্রান্তে শাসক-বিৰোধীত দলত্যাগৰ জোৱাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে নলবাৰী ৰাজীৱ ভৱনত একাংশ বিদ্রোহী কংগ্ৰেছ কৰ্মীয়ে সৃষ্টি কৰে লংকাকাণ্ডৰ। জানিব পৰা মতে, নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ৰাজীৱ ভৱনত দিগন্ত বৰ্মন, অশোক শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে ৷ দেওবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত অশোক শৰ্মা মুৰ্দাবাদ, দিগন্ত বৰ্মন মুৰ্দাবাদ ধ্বনিৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে ৷ প্ৰতিবাদী কংগ্ৰেছ কর্মীসকলে আনকি নলবাৰী সমষ্টিৰ কংগ্রেছ প্রার্থী তথা প্রাক্তন বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী তথা বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজোতি হালৈৰ ৰাজীৱ ভৱনত অনির্দিষ্টকাললৈ প্রবেশ নিষিদ্ধ ঘোষণা কৰে। লগতে ৪০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে বিষয়বাবৰ পৰা পদত্যাগৰো হুংকাৰ দিয়ে। উল্লেখ্য যে শেহতীয়াভাৱে অসম প্রদেশ কংগ্ৰেছৰ সম্পাদক দিব্যজোতি হালৈক নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিয়াৰ পিছতে কংগ্রেছ কর্মীসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কার্যসূচী।  ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে অশোক শৰ্মা আৰু দিগন্ত বৰ্মন বিৰুদ্ধে ক্ষোভ উজাৰি কয় ,দিব্যজ্যোতি হালৈয়ে ৰাতি হলে বিজেপি নেতা জয়ন্ত মল্লৰ লগত থাকে ৷ দিনত কংগ্ৰেছ কৰে ৷ দিব্যজ্যোতি হালৈয়ে দিনত কংগ্ৰেছ কৰি ৰাতি হলে জয়ন্ত মল্ল বৰুৱাৰ ওচৰত ৰাজীৱ ভৱনৰ আভ্যন্তৰীণ খবৰ যোগান ধৰে ৷ সেয়ে দলীয় শীৰ্ষ নেতৃত্বই উচিত ব্যৱস্থা নলয় তেতিয়া হ’লে ৰাজীৱ ভৱনত তলা ওলমাম ৷ ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে কয়, দিব্যজ্যোতি হালৈতকৈ বহু গুণে সুদক্ষ কংগ্ৰেছৰ নেতা আছিল যি এনে দায়িত্ব পোৱাৰ যোগ্য ৷ সকলো কথা জনাৰ পাছতো কি কাৰণে দিব্যজ্যোতি হালৈক এই দায়িত্ব দিলে অশোক শৰ্মা, দিগন্ত বৰ্মনে সেয়া আমি বুজি নাপালো ৷ সেয়ে আমি সকলো দলীয় বিষয়বাব ত্যাগ কৰিবলৈ সাজু ৷ যদি শীঘ্ৰে আমাৰ দাবী নামানে তেতিয়া হলে অশোক শৰ্মা, দিগন্ত বৰ্মনক ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ কৰিম ৷ আমি কেতিয়াও কংগ্ৰেছক হাইজেক কৰিবলৈ নিদিও ৷