ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ ডাসুন ছ’নাকা

Pc NDTV Sports

ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ ডাসুন ছ’নাকা

ৰঙিলী বাৰ্ত্তাসেৱা- আঘাতৰ বাবে ৰাজস্থানৰ অলৰাউণ্ডাৰ ছেম কোৰানে আইপিএলত খেলাতো অনিশ্চিত হৈ পৰাৰ পাছত তেওঁৰ স্থানত টি-২০ বিশ্বকাপত শ্রীলংকাক নেতৃত্ব দিয়া ডাসুন ছ’নাকাক ৰাজস্থানে চুক্তিবদ্ধ কৰে।জিম্বাব’ৱেৰ ক্রিকেটাৰ মুজাৰাবানিৰ পিছত শ্ৰীলংকাৰ অধিনায়ক ডাসুন ছ’নাকাই ত্যাগ কৰিলে পাকিস্তান ছুপাৰ লীগ। পাকিস্তান ক্রিকেট ব’ৰ্ডৰ আইনী ভাবুকিক আওকাণ কৰি এইবাৰ শ্ৰীলংকাৰ অধিনায়ক ডাসুন ছ’নাকাই পিএছএল বাদ দি ইণ্ডিয়ান প্রিমিয়াৰ লীগত খেলাৰ বাবে ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হৈছে। উল্লেখ্য যে আইপিএলৰ নিলামত বিক্ৰী হোৱা নাছিল ছ’নাকা। ফলত, পাকিস্তান ছুপাৰ লীগৰ লাহোৰ কালাণ্ডাৰ্ছৰ সৈতে চুক্তিবদ্ধ হৈছিল শ্রীলংকাৰ ক্রিকেটাৰগৰাকী। শেহতীয়াভাবে তেওঁ পাকিস্তান ছুপাৰ লীগ বাদ দিয়াত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে পাকিস্তান ক্রিকেট ব’র্ড।