সর্বাধিক দিন  চৰকাৰৰ মুৰব্বী ৰূপে কার্যনির্বাহ নৰেন্দ্ৰ মোদীৰ

Pc World Bank Live

সর্বাধিক দিন  চৰকাৰৰ মুৰব্বী ৰূপে কার্যনির্বাহ নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাজনীতিত এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে৷ দেশৰ যিকোনো নির্বাচিত চৰকাৰৰ (কেন্দ্ৰ আৰু ৰাজ্য) মুৰববী হিচাপে আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ গঢ়িছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রিত্ব আৰু তাৰ পূৰ্বৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আমোলকে ধৰি মুঠ ৮,৯৩১ দিন (২৪ বছৰ ১৭১ দিন) ধৰি চৰকাৰৰ মুৰব্বীৰ দায়িত্ব চম্ভালিছে তেওঁ।তেওঁৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা পালন কৰাৰো ২৫ বছৰ পূৰ্ণ হৈছে ৷  ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্রী পৱন কুমাৰ চামলিঙৰ দখলত। উল্লেখ্য যে ২০১৪ বৰ্ষৰ লোকসভা নির্বাচনত জয়লাভ কৰি প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় নৰেন্দ্ৰ মোদী। পৰৱৰ্তী সময়ত ২০১৯ আৰু ২০২৪ চনত গঠিত চৰকাৰৰ প্ৰধানমন্ত্ৰী হয় তেৱেঁই। প্রধানমন্ত্রী হিচাপে ১১ বছৰৰো অধিককাল কাম কৰিছে তেওঁ। দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদী আছিল গুজৰাটৰ মুখ্যমন্ত্রী। ১২ বছৰৰো অধিক সময় ধৰি গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেওঁ। পিছত ২০১৪ বৰ্ষৰ লোকসভা নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্ৰীৰ পদ এৰি প্রধানমন্ত্রী হয়। ইমান দীঘলীয়া সময় ধৰি দেশৰ আৰু কোনো ৰাজনীতিকে চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰা নাই। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্রী পৱন কুমাৰ চামলিঙে ৮,৯৩০ দিন ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদ চম্ভালিছিল। ১৯৯৪ বৰ্ষৰ পৰা ২০১৯ বর্ষ পর্যন্ত ছিকিমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ। এইবাৰ তেওঁৰ সেই অভিলেখক অতিক্ৰম কৰি নতুন নজিৰ গঢ়িলে মোদীয়ে। ইয়াৰ পূৰ্বে জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ মে’ মাহ পর্যন্ত প্রধানমন্ত্রী পদত অধিষ্ঠিত আছিল। ১৬ বছৰৰো বেছি সময় ধৰি তেওঁ দেশৰ চৰকাৰৰ মুৰব্বীৰ দায়িত্ব চম্ভালিছিল। তেওঁৰ জীয়ৰী ইন্দিৰা গান্ধীয়েও দুবাৰৰ কাৰ্যকাল মিলি ১৫ বছৰৰো অধিক কাল দেশৰ প্রধানমন্ত্রী হৈ আছিল। মোদীৰ পূৰ্বসূৰী মনমোহন সিঙেও একেৰাহে দুটা কার্যকালৰ বাবে প্রধানমন্ত্রী আছিল। তেবোঁ চৰকাৰৰ মুৰব্বী হিচাপে ১০ বছৰ কাম কৰিছিল। পশ্চিমবংগত সুদীর্ঘ ৩৪ বছৰ ধৰি চলা বাঁওপন্থী চৰকাৰৰ আমোলতো কোনো ৰাজনীতিকে মোদীৰ দৰে (মুখ্যমন্ত্রিত্ব আৰু প্রধানমন্ত্রিত্ব মিলি) ইমান দীঘল সময় ধৰি ক্ষমতা চম্ভালিব পৰা নাছিল। ২৩ বছৰৰ অধিক সময় ধৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল জ্যোতি বসু। বুদ্ধদেৱ ভট্টাচার্যয়ো ৰাজ্যখনৰ চৰকাৰৰ মুৰব্বী হিচাপে আছিল ১০ বছৰৰো অধিক সময়। এই সাফল্যৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বছৰত বিশেষকৈ ডিজিটেলখণ্ডত আন কেইবাটাও উল্লেখযোগ্য সাফল্যও অৰ্জন কৰিছে । চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীৰ ইউ টিউব চেনেলে ৩ কোটি গ্ৰাহকক অতিক্ৰম কৰি এই প্লেটফৰ্মত সৰ্বাধিক ফল’ৱাৰ্ছ থকা বিশ্বৰ অন্যতম নেতা হিচাপে তেওঁৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছিল । বিগত ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ্ছৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰাত এই প্লেটফৰ্মত মাইলৰ খুঁটি অৰ্জন কৰা প্ৰথমগৰাকী বিশ্ব নেতা আৰু ৰাজনীতিবিদত পৰিগণিত হৈছে । ২০১৪ চনত ইনষ্টাগ্ৰাম একাউণ্ট খোলাৰে পৰা প্ৰধানমন্ত্ৰীৰ উপস্থিতি ক্ৰমাগতভাৱে বিশ্বৰ অন্যান্য নেতাসকলৰ তুলনাত আটাইতকৈ সক্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা একাউণ্টত পৰিণত হৈছে ৷ যিয়ে ভাৰতৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এক স্থায়ী কৌশলক প্ৰতিফলিত কৰিছে । বৰ্তমান সামাজিক মাধ্যমৰ প্লেটফৰ্মত প্ৰধানমন্ত্ৰী মোদীৰ ১০ কোটি ১০ লাখ ফ’ল’ৱাৰ্ছ আছে । আনহাতে, এক্সত প্ৰধানমন্ত্ৰী মোদীৰ ১০৬.৪ মিলিয়ন ফ’ল’ৱাৰ্ছ আছে ।