জাগুনত আৰক্ষীৰ কমাণ্ডো শিবিৰত আলফা (স্বাধীন)ৰ আক্ৰমণ

Pc- Hindustan Times

জাগুনত আৰক্ষীৰ কমাণ্ডো শিবিৰত আলফা (স্বাধীন)ৰ আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত চৌদিশে নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দেওবাৰে পুৱতিনিশা প্ৰায় দুই বজাত জাগুনৰ দহ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ এটা বৃহৎ দলে ভয়ংকৰ আক্ৰমণ কৰে ।  জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰক লক্ষ্য কৰি সশস্ত্র দুর্বৃত্তই চলোৱা এই অতর্কিত আক্ৰমণত চাৰিজন জোৱান আহত হৈছে। প্রাপ্ত তথ্য অনুসৰি পুৱতিনিশা প্রায় ২ বজাত উগ্ৰপন্থীৰ এটা সুসংগঠিত সশস্ত্র দলে কমাণ্ডো শিবিৰটোক লক্ষ্য কৰি অতর্কিতভাৱে পাঁচটাকৈ গ্রেনেড আৰু আৰপিজি (RPG- Rocket Propelled Grenade) নিক্ষেপ কৰে। মাজনিশাৰ নিস্তব্ধতা ভাঙি বিস্ফোৰণৰ প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তোলে। শিবিৰত থকা কমাণ্ডো জোৱানসকলে পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি তৎক্ষণাৎ সাহসিকতাৰে যোগ্য প্রত্যুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত প্রায় আধাঘণ্টা ধৰি চলে তুমুল সংঘৰ্ষ আৰু ধাৰাসাৰ গুলীবর্ষণ, যাৰ ফলত সমগ্ৰ অঞ্চলটো সাময়িকভাৱে ৰণক্ষেত্ৰলৈ পৰিণত হয়। জানিব পৰা মতে, সংঘৰ্ষৰ অন্তত উগ্রপন্থীৰ দলটোৱে সীমান্তৱৰ্তী ঘন অৰণ্যৰ আন্ধাৰ আৰু নিশাৰে পৰা দি থকা বৰষুণৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। এই আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ ধৰণে ঘটনাটো পূর্বপৰিকল্পিত বুলি নিৰাপত্তা বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। উক্ত ভয়াৱহ সংঘৰ্ষত অসম আৰক্ষীৰ চাৰিগৰাকী কমাণ্ডো জোৱান গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়। আহত জোৱানকেইগৰাকী ক্রমে- চিত্ৰৰঞ্জন মিলি (যোৰহাট), দেৱাশিস বৰা (যোৰহাট), ৰবি গড় (চাবুৱা) আৰু জমবুচ মাৰাক (গোৱালপাৰা)। সূত্ৰৰ মতে আহত জোৱানসকলৰ ভিতৰত এজনৰ শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰি নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা (স্বাধীন)-এ এক প্ৰেছ বিবৃতিৰ জৰিয়তে দায়িত্ব স্বীকাৰ কৰিছে। সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ প্ৰচাৰ সচিব মেজৰ নিৰ্ণয় অসমৰ স্বাক্ষৰিত বিবৃতিটোত এম্বুচ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে পুৱতি নিশা ২ বজাত আলফা (স্বা)ৰ দ্বাৰা তিনিচুকীয়া জিলাৰ জাগুনৰ দহ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰত ‘অপাৰেচন বুজনি’ এক সামৰিক অভিযান ৰূপায়ণ কৰা হয়। অসম চৰকাৰে ২০২১ চনৰ পৰা সংগঠনটোৰ ৱেষ্টার্ন কমাণ্ডাৰ পৰিচালক অমৰ মৃতক লেঃ কর্ণেল জিষ্ণু অসমকে ধৰি ১৫ গৰাকী সদস্যক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে হত্যা কৰা উপৰি আন বহুকেইজনক চিৰজীৱনলৈ ঘূণীয়া কৰে আৰু আন কেইবাজনো আজিও কাৰাবন্দী হৈ আছে। ইয়াৰ পিছতো জাতি আৰু স্বজাতিৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সংযম ৰক্ষা কৰি আছিলোঁ। কিন্তু আমাৰ সংগঠনৰ ওপৰত ড্র’ন আক্রমণকে ধৰি ধাৰাবাহিকভাৱেভাৱে বৰ্ব্বতা প্রদর্শন কৰিছে অসম চৰকাৰে। আমাৰ শান্তি বার্তাক আওকাণ কৰি বীৰত্ব প্ৰদৰ্শন কৰা অসম চৰকাৰৰ আৰক্ষীৰ ওচৰত ‘অপাৰেশ্যন বুজনি’ অভিযান চলাবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰিছে বিবৃতিটোত। আনহাতে জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো বাহিনীৰ শিবিৰত আলফা (স্বাধীন)-এ চলোৱা এই আক্রমণক তীব্র নিন্দা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।তেওঁ কয়, আৰক্ষীৰ শিবিৰত এনে আক্ৰমণৰ ঘটনা নিন্দনীয় । এই ঘটনা সংগঠিত হোৱাৰ পিছতে সেনাবাহিনী আৰু আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে তীব্ৰতৰ কৰিছে অভিযান ৷ শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িতসকলক সেনা আৰু আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব ৷