নিউজিলেণ্ডক ১৯ ৰানত পৰাস্ত দক্ষিণ আফ্রিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বেলিংটনৰ স্কাই ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখন টি-২০ মেচৰ শৃংখলাৰ চতুৰ্থখন মেচত ঘৰুৱা দল নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯ ৰানত জয়ী হয় দক্ষিণ আফ্রিকা। মেচখনত জেৰাল কয়েটজী, বার্টমেন, সুব্রায়েন আৰু কেশৱ মহাৰাজৰ অনবদ্য প্রদর্শনেৰে শৃংখলাটোত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডৰ বিৰুদ্ধে ২-২ৰ সমতা স্থাপন কৰে। প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাই নির্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৬৪ ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড ১৮.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ১৪৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্রিকাই ইনিংছ আৰম্ভ কৰি প্ৰথম অভাৰৰ দ্বিতীয় বলতে অ’পেনাৰ উইয়ান মুদাৰৰ উইকেট হেৰুৱায়। অৱশ্যে এষ্টাৰ হুইজেন আৰু টনী ডি জর্জীয়ে দ্বিতীয় উইকেটত ৮১ ৰানৰ যুটি বান্ধি দলটোক শক্তিশালী স্থিতিত উপনীত কৰে। এষ্টাৰ হুইজেনে ৩৬টা বলত সর্বাধিক ৫৭ ৰান কৰে। জর্জীয়ে ২৩ ৰান আৰু হাৰ্মানে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ কাইল জেমিছনে সর্বাধিক দুটা উইকেট লাভ কৰে। ইফালে, নিউজিলেণ্ডে ১৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি অ’পেনাৰ কিম ৰবীনছনে সুন্দৰ আৰম্ভণি দিছিল যদিও বাকী বেটছমেনসকল ব্যর্থ হয়। দলটোৰ ডেন ক্লিভাৰৰ ২৬ ৰানৰ বাদে দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত কোনো এগৰাকী বেটাৰে অধিক সময় তিস্তি থাকিব নোৱাৰিলে। দক্ষিণ আফ্রিকাৰ বলাৰ কয়েটজিয়ে সর্বাধিক ৩টা উইকেট দখল কৰে। অর্ধশতক কৰা এষ্টাৰ হুইজেনক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ সন্মান প্রদান কৰে। উল্লেখ্য যে চূড়ান্ত তথা অন্তিমখন মেচ ২৫ মার্চত অনুষ্ঠিত হ’ব।
