বিশ্ব জল দিৱস উপলক্ষে
পানীঃ এক অমূল্য সম্পদ
বন্দিতা শৰ্মা কন্দলি
‘পানীয়েই প্ৰাণ।’ জীৱনধাৰণৰ বাবে পানী অপৰিহাৰ্য। আমি আহাৰ গ্ৰহণ নকৰাকৈ কেইবাদিনো জীয়াই থাকিব পাৰিলেও পানী অবিহনে জীয়াই থাকিব পাৰিম নে বাৰু! নিশ্চয় নোৱাৰি! পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭১% ভাগ পানীৰে আৱৰি আছে যদিও ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ ১% ত কৈয়ো কম। জনসংখ্যাৰ বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন কাৰণত এই প্ৰাকৃতিক সম্পদ পানী ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।কিছু কিছু ঠাইত পানীৰ অতিশয় অভাৱে দেখা দিছে।সেয়ে ঘৰতেই হওঁক বা বিদ্যালয়তে হওঁক মা-দেউতা আৰু ছাৰ-বাইদেউ সকলে পানী অপচয় নকৰিবলৈ প্ৰায়ে উপদেশ দিয়ে নহয় নে বাৰু!
জনসাধাৰণৰ মাজত পানী সংৰক্ষণৰ বিষয়ে সজাগতা আনিবৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯২ চনত প্ৰতি বছৰে ২২ মাৰ্চ তাৰিখে ‘ বিশ্ব জল দিৱস ‘ পালন কৰিবৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেই মৰ্মেই ১৯৯৩ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। প্ৰতি বছৰে এটা বিশেষ বিষয় নিৰ্বাচিত কৰি সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ২০২৬ চনৰ বিশ্ব জল দিৱসৰ মূল বিষয়বস্তু হৈছে ‘ পানী আৰু লিংগ ‘ (Water and Gender) । এই বিষয়বস্তুৰ দ্বাৰা পানীৰ ব্যৱস্থাপনা আৰু সিদ্ধান্ত গ্ৰহণত নাৰীৰ সমান অধিকাৰ আৰু নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰৰ জল দিৱসৰ মূল মন্ত্ৰ হৈছে “য’ত পানী বয়, তাতেই সমতা গঢ়ি উঠে।” পানীৰ অভাৱত হোৱা বৈষম্য হ্ৰাস কৰি লিংগ বৈষম্যহীন সমৃদ্ধ ভৱিষ্যৎ গঢ়ি তোলাই হৈছে এই দিৱসৰ লক্ষ্য।
এই দিৱসৰ জৰিয়তে পানী সংৰক্ষণ আৰু ইয়াৰ সমতাপূৰ্ণ বিতৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশ্বজুৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। পানীৰ অধিকাৰক লৈ সাধাৰণ মানুহৰ উপৰিও দেশসমূহৰ মাজতো বিবাদ হোৱা দেখা যায়। ভাৰতবৰ্ষ আৰু চীনৰ মাজত ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হৈ আছে। অৰ্থাৎ যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্ৰদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয়,তেতিয়াই বিভিন্ন ৰাষ্ট্ৰ আৰু সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু সামাজিক অস্থিৰতাই দেখা দিয়ে।
জলসংৰক্ষণেই হৈছে একমাত্ৰ নিৰ্ভয়যোগ্য উপায় য’ত নিৰ্মল পানীক বহনক্ষম ভাবে ব্যৱহাৰ কৰা, জলমণ্ডলক সুৰক্ষিত কৰা আৰু বৰ্তমান আৰু ভৱিষ্যতৰ চাহিদা পূৰণৰ বাবে সকলো নীতি, আৰু কাৰ্যকলাপ অন্তৰ্ভুক্ত হৈ আছে। পানী সংৰক্ষণৰ মূল কাৰ্যকলাপ হৈছে পানী অপচয় ৰোধ কৰা, পানীৰ পুনৰ ব্যৱহাৰ কৰা, বৰষুণৰ পানী সংগ্ৰহ আৰু ব্যৱহাৰ কৰা আদি। যিহেতু পানী অবিহনে পৃথিৱীত জীৱ জীয়াই থকা সম্ভৱ নহয় গতিকে পানী বচাই ৰখাতো প্ৰতিজন ব্যক্তিৰে প্ৰধান কৰ্তব্য। সেয়ে আমি সৰুৰেপৰাই পানীৰ ব্যৱহাৰত সতৰ্ক হোৱা উচিত।
