দেৱব্ৰত শইকীয়া ৰিপুণ বৰায়ো এৰিব কংগ্ৰেছঃমুখ্যমন্ত্ৰী

দেৱব্ৰত শইকীয়া ৰিপুণ বৰায়ো এৰিব কংগ্ৰেছঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   কংগ্রেছ এৰি সাংসদ প্রদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ পাছতে বিৰোধী দলটোক উদ্দেশ্যি তীব্র কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ পাছতে মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়- কংগ্রেছত এতিয়া কোনো আত্মসন্মান থকা লোক থকাৰ পৰিৱেশ নাই। বিধানসভা নিৰ্বাচনৰ পিছত দেখিব বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন সাংসদ ৰিপুণ বৰায়ো কংগ্ৰেছৰ পৰা আঁতৰি আহিব লাগিব। যিজনে গঁড় মাৰিছে তেওঁৰ লগত থাকিবনে, যিজনে গঁড় ৰক্ষা কৰিছে তেওঁৰ লগত থাকিব? কংগ্রেছীসকলে কোনজন লোকৰ সৈতে থাকিব, সেয়া সিদ্ধান্ত লোৱাৰ সময় হৈছে। দলটোত যিজনে পেৰাচুট লেণ্ডিং কৰি ৰাজনীতি কৰি আছে তেওঁৰ লগত থাকিবনে, সেইসকল মানুহৰ লগত থাকিব যিসকলে তৃণমূলত মূৰৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে। অসমৰ মানুহে এই বিষয়বোৰ ভালকৈ বুজি পায়। । মুখ্যমন্ত্রীয়ে কয়- কংগ্রেছত এতিয়াও ভাল মানুহ আছে আৰু এই ভাল মানুহবোৰ লাহে লাহে বিজেপিলৈ আহি থাকিব। আমি কোনো খৰধৰ কৰিব খোজা নাই। সকলো কাম সময়ৰ লগত হৈ থাকিব। মই বিচাৰোঁ কংগ্ৰেছৰ ভিতৰতো এনে এক পৰিৱেশ হওক- য’ত স্বাভিমান থাকে, মানুহে দলটোৰ ভিতৰত আত্মসন্মান লৈ থিয় হৈ থাকিব পাৰে। কংগ্ৰেছ আমি নিঃশেষ হৈ যোৱাটো নিবিচাৰোঁ। কিন্তু কংগ্ৰেছ দলটো এনেকুৱা হ’ব নালাগে, য’ত একমাত্র অসমবিৰোধী লোকসকলৰে এটা আড্ডা তৈয়াৰ হওক, তেনেকুৱা হ’ব নালাগে। মুখ্যমন্ত্ৰীৰ মন্তব্য-বিজেপিৰ লক্ষ্য হ’ল কংগ্ৰেছত যিসকল ভাল নেতা আছে, এই আটাইকে বিজেপিলৈ অনা। বিজেপি আৰু অসমৰ ভৱিষ্যৎ উজ্জ্বল কৰাৰ বাবে কংগ্ৰেছত যিসকল উচ্চ পৰ্যায়ৰ তথা আত্মসম্মান থকা নেতা আছে এই নেতাসকলক লাহে লাহে বিজেপিলৈ অনা হ’ব। এই কাম ২০১৬ চনত আৰম্ভ কৰা হৈছিল আৰু আজি প্রায় ৯৯ শতাংশ এইক্ষেত্রত বিজেপি সফল হৈছে।