অমিত শ্বাহক সাক্ষাৎ কৰি বিজেপিত যোগদান প্রদ্যুৎ বৰদলৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে। মঙলবাৰে কংগ্ৰেছ দলৰ প্ৰতি মুকলিকৈ ক্ষোভ উজাৰি পদত্যাগ কৰা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে বুধবাৰে নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক। এই সাক্ষাতৰ পাছতে নতুন দিল্লীস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত এক চমু অনুষ্ঠানত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় বস্ত্ৰৰে কংগ্ৰেছ সাংসদগৰাকীক বিজেপিলৈ আদৰণি জনায়। মন কৰিবলগীয়া যে প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপি গমনৰ পাছতে বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ এদিন পিছতে সাংসদ প্রদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে ব্যাপক চৰ্চাৰ। ইফালে সাংসদ প্রদ্যুৎ বৰদলৈক বিজেপিত যোগদান কৰোৱাই মুখ্যমন্ত্রী ড° শর্মাই কয়- প্রদ্যুৎ বৰদলৈ আমাৰ দলত কিবা এটা পাবলৈ অহা নাই। এজন সাংসদৰ পদটো যথেষ্ট সম্মানজনক। কাৰণ বিধায়ক এজনে এটা সমষ্টি চায় আৰু সাংসদ এজনে ১০টা সমষ্টি চায়। প্রদ্যুৎ বৰদলৈয়ে কিবা পোৱাৰ পৰিৱৰ্তে আমাৰ দললৈ যথেষ্ট ত্যাগ কৰি আহিছে। তেওঁ নগাঁও লোকসভাৰ বৰ্তমানৰ সাংসদ। এতিয়াও তেওঁৰ কাৰ্যকালৰ চাৰে তিনি বছৰ বাকী আছে। গতিকে সাংসদ বৰদলৈয়ে কিবা এটা ত্যাগ কৰি আজি বিজেপিত যোগদান কৰিছে। বিজেপিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবোঁ প্রদ্যুৎ বৰদলৈক বিজেপিৰ সকলো কার্যকর্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্রার্থিত্ব পালে তেওঁক বিজয় কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। এইক্ষেত্রত মই বাৰে বাৰে কৈ আহিছোঁ যে প্রদ্যুৎ বৰদলৈ বিজেপিত একো হ’বলৈ অহা নাই। আমি যেতিয়া বিজেপিলৈ আহিছিলোঁ, একো ত্যাগ কৰি অহা নাছিলোঁ। কাৰণ তেতিয়া বিধায়ক হিচাপে মোৰ কাৰ্যকাল দুমাহ-তিনি মাহ আছিল। গতিকে আমি কোনোধৰণৰ ত্যাগ কৰি অহা নাছিলোঁ। কিন্তু প্রদ্যুৎ বৰদলৈয়ে বিজেপিৰ ইতিহাসত প্রথমগৰাকী ব্যক্তি, যিয়ে কংগ্ৰেছৰ পৰা কিবা এটা ত্যাগ কৰি বিজেপিলৈ আহিছে। চাৰে তিনি বছৰ সাংসদৰ কাৰ্যকাল থকাৰ পিছতো কংগ্ৰেছ ত্যাগ কৰিছে। তেওঁ হয়তো অহা লোকসভা নিৰ্বাচনত নগাঁৱৰ পৰা পুনৰ জয়ী হ’ব পাৰিলেহেঁতেন। নগাঁৱৰ পৰা বিজেপিয়ে এতিয়াও জয়ী হোৱা নাই। গতিকে সাংসদ বৰদলৈয়ে ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি বিজেপিলৈ আহিছে। কোনোবাই যদি ভাবে তেওঁ কিবা ল’ব আহিছে, সেয়া ভুল কথা। আমি নিশ্চিতভাৱে বিজেপিত কিবা ল’ব আহিছিলোঁ, কিন্তু প্রদ্যুৎ বৰদলৈয়ে কিবা এটা এৰি আহিছে। সেয়েহে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব যে প্রদ্যুৎ বৰদলৈক দলৰ মজিয়ালৈ আদৰি আনিব লাগে আৰু যদি দলে তেওঁক বিধানসভা নির্বাচনত প্রার্থিত্ব প্রদান কৰে তেন্তে তেওঁক সকলোৱে জয় কৰাব লাগে।

মন কৰিবলগীয়া যে কংগ্ৰেছত ক্ৰমাৎ এলাগী হৈ পৰা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে শেহতীয়াকৈ ষড়যন্ত্র সৃষ্টি হোৱা বুলিও তেওঁ মুকলিকৈ অভিযোগ কৰিছিল। পঞ্চায়ত নির্বাচনত তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰা এমদাদুল হুছেইন নামৰ লোকজনক প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিশেষ গুৰুত্ব প্রদান কৰি সাংসদ বৰদলৈক অপমান কৰা বুলিও অভিযোগ উত্থাপন হৈছে। এনে অভিযোগক লৈ যথেষ্ট সৰৱ হোৱা প্ৰদ্যুৎ বৰদলৈয়ে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিত যোগদানক লৈ এক দীঘলীয়া বার্তালাপত মিলিত হয়। ইয়াৰ পূর্বেই মুখ্যমন্ত্রী ড° শৰ্মাই প্রদ্যুৎ বৰদলৈক বিজেপিত যোগদানৰ বাবে আহ্বান জনাইছিল আৰু ভূপেন বৰাৰ দৰে তেওঁকো দলত পূর্ণ সন্মান দিয়া হ’ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত লোৱা প্ৰদ্যুৎ বৰদলৈয়ে আজি গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি বিজেপি দলত তেওঁৰ স্থান কি হ’ব সেই সন্দর্ভতো বিস্তৃত আলোচনা কৰে। জানিব পৰা মতে, প্রদ্যুৎ বৰদলৈক দিছপুৰ অথবা মাকুম সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে। কংগ্ৰেছ এৰি বিজেপিলৈ অহা নগাঁৱৰ সাংসদগৰাকীক যে বিজেপিয়ে বিধানসভা নির্বাচনত প্রার্থিত্ব প্রদান কৰাটো নিশ্চিত সেই কথা প্ৰকাৰান্তৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড° শর্মাই। আনহাতে বিজেপিত যোগদানৰ প্রাকৃক্ষণত কংগ্ৰেছ ত্যাগৰ আঁৰৰ কাহিনী সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিলে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে। তেওঁ কয়, বিজেপিত যোগদানৰ মোৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিল। বহুত বেদনাসিক্ত দিন পাৰ কৰি অৱশেষত মই এই সিদ্ধান্ত লৈছোঁ। সাংসদজনে কয়- কংগ্রেছত মোক অপমানিত কৰা হৈছিল। সকলোধৰণৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মোক আঁতৰাই ৰখা হৈছিল, সঁচা কথা ক’বলৈ গ’লে দলত মই এলাগী হৈ আছিলোঁ। প্রতিটো ক্ষেত্রতে মোক অপমান কৰা হৈছিল। কিন্তু মই এতিয়া ভাওনাত যেনেকৈ বিলাপ কৰে, হায়ৈ-বিয়ে কৰে তেনেদৰে বিলাপ কৰিব খোজা নাই। সময়ৰ বাবেই সদায় কাম কৰি আহিছোঁ। আজি মই যথেষ্ট উগুল-থুগুল তথা মানসিক অন্তর্দ্বন্দ্বৰে এই সিদ্ধান্ত লৈছোঁ। অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই আগবাঢ়ি আহিছোঁ। ১৬ বছৰ বয়সতে কংগ্ৰেছ কৰিছিলোঁ। মোৰ জীৱন পৰিক্ৰমাত কংগ্ৰেছ দলৰ বহুতো অৰিহণা আছে। আনহাতে কংগ্ৰেছ দলত জনজাতিৰ প্ৰতি অকণো সন্মান নাই বুলি অভিযোগ তুলি আজি প্রদ্যুৎ বৰদলৈয়ে কয়- অসমত কংগ্ৰেছ দলৰ পৰা এতিয়া সকলো জনগোষ্ঠী আঁতৰি গৈছে। বড়োসকল কংগ্ৰেছৰ লগত নাই, মিচিংসকল নাই, কার্বিসকল নাই, ডিমাচাসকল নাই, ৰাভা-মৰাণ-মটক জনগোষ্ঠী কংগ্ৰেছৰ লগত এতিয়া নাই। আনকি মধ্য অসমৰ তিৱাসকলো কংগ্ৰেছৰ লগত নাই। তিৱাসকলকো কংগ্রেছে চূড়ান্তভাবে উপেক্ষা কৰিলে। নিৰ্বাচনত অসম জাতীয় পৰিষদক যি সমষ্টিসমূহ এৰি দিলে তাৰ ফলত কংগ্ৰেছ দুৰ্বল হৈ পৰিব। কিন্তু ইয়াৰ বাবে কংগ্ৰেছৰ কোনো ভ্রূক্ষেপ নাই, যাৰ বাবে দলটোৰ আজি এই অৱস্থা। আনহাতে প্রদ্যুৎ বৰদলৈয়ে আজি তেওঁৰ পুত্ৰৰ ৰাজনৈতিক জীৱন সন্দৰ্ভত কয়- মই মোৰ ল’ৰাক কৈছোঁ, তুমি প্রাপ্তবয়স্ক, তুমি তোমাৰ সিদ্ধান্ত নিজেই ল’বা। মই এটা সিদ্ধান্ত লৈছোঁ, মোৰ সিদ্ধান্তই যাতে তোমাক প্রভাৱান্বিত নকৰে। তুমি নিজৰ সিদ্ধান্ত ল’বা, তুমি যি সিদ্ধান্ত ল’বা সেইটোকেই মই সন্মান কৰিম।
