প্ৰকৃত বন্ধু – গিতালী ভৰালী

Pc Medium

প্ৰকৃত বন্ধু

গিতালী ভৰালী
ডিব্ৰুগড়

বন্ধু বুলি কলেই সততে এটা কথাই মনলৈ আহে বিশ্বাস,অকৃত্ৰিম ভালপোৱা,বন্ধু হৈছে হৃদয়েৰে কোৱা ভাষা উকা কাগজত লিখা কোনো কবিতা নহয়।

মানুহৰ জীৱনৰ মূল্যবান উপহাৰ হল বন্ধুত্ব যত থাকে বিশ্বাস আন্তৰিকতা ,সহায় সহযোগিতাৰে ভৰা নিভাঁজ সম্পৰ্ক যাক আমি সকলো কথা কব পাৰো দুখ বোৰক আধা আধা কৈ ভগাই লব পাৰো , বন্ধুত্ব মনেই উৎসাহ প্ৰেৰণাৰ প্ৰতীক।

মন কৰিব চোন কিছুমান মানুহৰ বহুত বন্ধু থাকে আৰু কিছুমানৰ বন্ধুৰ সংখ্যা তেনেই কম।

কিন্তু যাৰ কাষত হেজাৰ বন্ধু থকাৰ পাছতো অসহায় সময়ত এজন বন্ধু নুলাই তেওঁ কোনো দিনেই প্ৰকৃত বন্ধু পোৱাৰ সক্ষম হোৱা নাই আৰু যদি সেই হেজাৰ বন্ধুৰ মাজত এজনেই আপোনাৰ ভাল বেয়া প্ৰ্তিটো দিনত আপোনাৰ কাষত আছে যাক আপুনি চকু মুদি বিশ্বাস কৰিব পাৰে তেওঁহে আপোনাৰ প্ৰকৃত বন্ধু।

আচলতে আপুনি তেওঁৰ লগত বন্ধুত কৰক যিয়ে আপোনাৰ প্ৰ্তিটো খোজত আপোনাক নিৰাশ নকৰে,আপোনাৰ সৰু সৰু কথা বোৰত উপহাস নকৰে।

আপুনি তেওঁৰ লগত হাত মিলাওক যিয়ে আপোনাৰ মূল্য বুজি পায় , আপোনাৰ উপস্থিতিত সুখী হয়।

এটা কথা মন কৰিব আপোনাৰ বিফলতাৰ যদি কোনো বন্ধুৱে কয় এ………হঃ তই বৰ দুৰ্বল ,অৰ্থহীন তই ,কি কৰিব পাৰিবি তই ,তই চোন এনেকুৱা ইত্যাদি ইত্যাদি, তেতিয়াহলে আপুনি বুজিব যে তেনে বন্ধু আপোনাৰ ভৱিষ্যত হব নোৱাৰে।

কিন্তু যি জনে আপোনাৰ বিফলতাত আপোনাৰ হাতত ধৰি দুখোজ আগুৱাই যাবলৈ প্ৰেৰণা দিব আৰু তেওঁ আপোনাক কব যে একো নাই বন্ধু এবাৰ হে বিফল হৈছে তই পাৰিবি বিফলতাই এদিন সফলতা নিশ্চয় আনিব।এনে এজন বন্ধুক কিন্তু জীৱনত কেতিয়াও নেহেৰুৱাব ।

এক কথাত কব গলে প্ৰকৃত বন্ধু সেইজন হে যি জনে আপোনাৰ অতীত পাহৰাই বৰ্তমান নতুনকৈ খোজ দিব শিকাই ।