এটোপাল চকুলোৰ হিচাপ
অনিন্দিতা কলিতা,
সৃজনগ্ৰাম বঙাইগাঁও
তমসাৰ মাজেৰে বৈ
অহা নাৰীৰ আতুৰতা,
বুজে নে বুকুত বেদনাৰ সঞ্চাৰ কৰা লোকে,
বুজে নে নিশাৰ গাৰুটিৰ
চকুলোৰ স্নানৰ কাৰণ ?
নেদেখে নাৰীৰ মাহটোৰ
বিশেষ দিন তিনিটা,
নেদেখে নাৰীৰ উফন্দি অহা
উদাৰৰ মাজত পাৰ কৰা
উজাগৰী নিশা,
নেদেখে নাৰীৰ মনৰ
বলি থকা ধুমুহাজাক।
প্ৰতাৰণা,
মাথোঁ এটা শব্দ নহয়,
ই হৈছে বিশ্বাসৰ
নীৰৱ ভাঙন,
হৃদয়ৰ গভীৰতাত
অলপ অলপকৈ জমা হোৱা
অকোৱা বেদনাৰ পাহাৰ।
হাঁহিৰ আঁৰত লুকুৱাই থোৱা
অসংখ্য অশ্ৰুৰ কাহিনী,
নিজকে দৃঢ় বুলি দেখুৱাইও
অন্তৰত নিঃশব্দে
কান্দি থকা এখন পৃথিৱী।
কোনোৱেই নেদেখে
তাইৰ নীৰৱতাৰ ভাষা,
নুশুনে হাঁহিৰ আড়ালত
লুকাই থকা হাহাকাৰ।
তথাপিও নাৰী—
ভাঙি পৰি নাথাকে সদায়,
অশ্ৰুৰে ধুই লৈ
নিজৰ পথ নিজেই সাজে,
ধুমুহাৰ মাজতো
আকাশ বিচাৰি উৰি ফুৰে।
কাৰণ নাৰী
মাথোঁ বেদনাৰ নাম নহয়,
ধ্বংসৰ মাজতো
নতুন সপোন গঢ়ি তোলাৰ
অদম্য শক্তিৰ নাম।
