মাজুলী শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক অকণ চন্দ্ৰ শইকীয়াক বিদায় সম্বৰ্ধনা

মাজুলী শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক অকণ চন্দ্ৰ শইকীয়াক বিদায় সম্বৰ্ধনা 

মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী নকৰা  আক্ষেপ প্ৰকাশ অৱসৰী টিউটৰ শিক্ষকৰ 

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অধীনস্থ  উজনি মাজুলীৰ মূদৈবিল অঞ্চলৰ শ্ৰীশ্ৰী টকৌবাৰী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত  টিউটৰ শিক্ষক অকণ চন্দ্ৰ শইকীয়াক আজি অনুষ্ঠানিকভাবে  বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে বিপুল ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। সেই উপলক্ষে আজি বিদ্যালয় খনিৰ প্ৰাংগণত অনুষ্ঠিত হয় বিদায় সংক্ৰান্তীয় ৰাজহুৱা সভা।  বিদ্যালয় খনৰ শিক্ষক , অভিভাৱক, ছাত্র-ছাত্ৰী ,প্ৰাক্তন শিক্ষাৰ্থী , অঞ্চলটোৰ গণ্যমান্য ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে  ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা এলেঙ্গী শ্ৰী শ্ৰী টকৌবাৰী সত্ৰৰ সত্ৰাধিকাৰ ঋষভ চন্দ্ৰ মহন্তই । ৰাজহুৱা সভাখনিৰ আঁত ধৰে চিৰাম দেৱোত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল বৰুৱাই। সভাখনিত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে চিৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান  শিক্ষক দ্বীপেন কলিতাই।সভাত  নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি  শিক্ষক কলিতাই কয় আজি অঞ্চলটোৰ বাবে বৰ দুখৰ দিন সেয়ে এই অনুষ্ঠানটো ব্যতিক্ৰমী। যিহেতু অৱসৰ প্ৰাপ্ত আৰু বিদায়ী টিউটৰ অকণ চন্দ্ৰ শইকীয়াই ১৯৯৮ চনৰ পৰা সুদূৰ দক্ষিণপাট নাওশালী গাৱৰ পৰা প্ৰতিদিনে প্ৰায় ২৫ কিলোমিটাৰ পথ  এখন চাইকেল চলাই  বোকা পানী নেওচি সুদীৰ্ঘ ২৮ বছৰে এই বিদ্যালয়লৈ আহি শিক্ষাদানৰ জৰিয়তে  আমাৰ ছাত্র-ছাত্ৰী সকলক যি সেৱা আগবঢ়ালে সেয়া সঁচাকৈ  অতি প্ৰশংসনীয় । যিহেতু , তেখেতে গোটেই জীৱন কেৱল সেৱা আগবঢ়ালে আন আন শিক্ষকৰ সমানেই। কিন্তু তেখেত সকলক উচিত মূল্যৰ পৰা বঞ্চিত হৈ  শুদা মুখেৰে অৱসৰ গ্ৰহণ কৰিব লগীয়া হ’ল। এইয়া এজন শিক্ষকৰ বাবে কম কথা হ’ব নোৱাৰে। তেখেতৰ এই মহান ত্যাগৰ বাবে  আমি অঞ্চল বাসীয়ে সদায় কৃতজ্ঞ হৈ ৰ’ম।  অনুষ্ঠানত বিদায়ী টিউটৰ অকণ চন্দ্ৰ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় মোৰ পৰম জীৱনৰ থলীত মই লগ পোৱা প্ৰতিজন শিক্ষাগুৰু ছাত্ৰৰ ছাত্ৰী আৰু অঞ্চলবাসী ৰাইজৰ ওচৰত মই চিৰ কৃতজ্ঞ । এই অঞ্চলৰ ৰাইজৰ আদৰ মৰম মোৰ বাবে আশীৰ্বাদ হোৱাৰ বাবেই এখন চাইকেলৰ প্ৰতিকূল বতৰকো নেওচি কৰ্ম জীৱনৰ অন্তিম দিনলৈকে আহিবলৈ মোক প্ৰেৰণা যোগালে । বিদায়ী টিউটৰ গৰাকীয়ে অতি দুখেৰে চৰকাৰক আক্ষেপ কৰি কয় চৰকাৰে আমাৰ , পৰিয়ালৰ মৰ্ম বেদনা নুবুজিলে। আমাক আন শিক্ষকৰ দৰেই সম কামৰ সম মৰ্যদা প্ৰদান নকৰি চলিব নোৱাৰাকৈ সামান্য  পাৰিতোষিক প্ৰদান কৰি দিশহাৰা কৰি তুলিলে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টিউটৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ঘোষণা কৰা অনুসৰি টিউটৰ সকলক শিক্ষকৰ মৰ্যদা প্ৰদান পৰা হ’ব আৰু  অৱসৰ কালীন হওক বা মৃত্যুৱেই হওক তেখেত সকলক এককালীন ভাবে ১০ লাখ টকা প্ৰদান কৰা হ’ব আৰু সেই টকাৰে পিছৰ চোৱা জীৱন পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰিব পাৰিব। কিন্তু সেয়া আজি বাস্তৱত হোৱা নাই । যাৰ বাবে অৱসৰ গ্ৰহণ কৰি শুদা হাতেৰে অৱসৰ ল’বলগীয়া হ’ল। তেখেতে চৰকাৰলৈ আহ্বান জনায় যে তেখেতৰ যি দশা হৈছে সেয়া যেন আন টিউটৰ সকলৰ নহওঁক আৰু তেখেত সকলক  পৰিয়াল তৰিব পৰাকৈ এক কালীন দহ লাখ টকা  আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে।  এই অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত  শিক্ষক গণেশ ৰাজখোৱা ,শিক্ষক  ইন্দ্ৰেশ্বৰ বৰা , প্ৰসন্ন শইকীয়া, প্ৰদীপ শইকীয়া ,অতুল শইকীয়া, বিষ্ণু শইকীয়া দিপা বৰা, বৰ্ণালী শইকীয়া প্ৰমুখ্য বহুতো গণ্যমান্য ব্যক্তিৰ লগতে অঞ্চলবাসী ৰাইজ ।