লিমাৰিক
ইভা গন্ধীয়া ফুকন
১/
দ পথাৰৰ মাজতে জুলুকি বাওঁতে
ধৰিলে চেলাপেটী জোকে বাওঁ ভৰিতে
মাৰিলোঁ দীঘল জাঁপ
ভাবিলোঁ দীঘল সাপ
জুলুকি এৰি বহি ললোঁ সৰু আলিতে ।
২/
তুঁহ গোবৰেৰে লাডু দিবা পথাৰত
বাঁহৰ কাঠী গুজি দি দিবা কচুপাত
মাছে খুঁটিব যেতিয়া
লাহেকৈ যাবা তেতিয়া
মাছ ধৰি ভাল পাবা ভৰাবা খালৈত।
৩/
ডাক্তৰ চাহাবে কয় ৰোগ গুৰুতৰ
ভাল হ’ব সোনকালে পথ্য খালে মোৰ
ৰোগীৰ মনত ভয়
ক্ষণে প্ৰতি সংশয়
নকৰিবা ভয় পথ্য খোৱা নিয়মৰ।
৪/
ৰহিমলাই পাতিব বহাগত বিয়া
সেয়েহে গামোচা বৈছে ভমকাফুলীয়া
তাইৰ মনত সুখ
মাকৰ মনত দুখ
কেনেকৈ হ’ব তাই আনৰ তলতীয়া।
৫/
মহিধৰে হেনো খেলিব ইলেকচন
কেনেকৈ জিকিব হিচাব কৰে সঘন
সকলোকে দিব টকা
নাই মনত শংকা
সময়ত ঘূৰাব লাগিব মূলধন।
