বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা অসম জাতীয় পৰিষদৰ

বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত আজি অসম বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে ৮ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৮জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে দলটোৰ নেতৃত্বই ৷  সংবাদমেলত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। সংবাদমেলত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ নেতা ড° বসন্ত ডেকা, জগদীশ ভূঞা, ৰাজেন গোহাঁই, চিত্ত বসুমতাৰীকে ধৰি কেইবাজনো শীৰ্ষ বিষয়ববীয়া ৷ ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি খোৱাং সমষ্টিত লুৰীণজ্যোতি গগৈ, বঢ়মপুৰত ৰাজেন গোঁহাই, সৰুপথাৰত জীৱন চুতীয়া, ডিব্ৰুগড়ত মৈনাক পাত্র, বজালীত দিলীপ বৰুৱা, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, পলাশবাৰীত পংকজলোচন গোস্বামীক প্ৰৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ ইফালে মধ্য গুৱাহাটী আৰু শদিয়া সমষ্টিৰ বাবে প্রার্থিত্ব ঘোষণা আজি কৰা নহল।