যুগৰ অবসান – জ্যোতিষ্ণা বৰপূজাৰী

যুগৰ অবসান

জ্যোতিষ্ণা বৰপূজাৰী
জাঁজী জামুগুৰি, শিৱসাগৰ,
অষ্টম শ্রেণীৰ ছাত্রী

সংগীত জগতত যেন
শেষ হ’ল এটা যুগ।
কান্দোনৰ সাগৰ-মহাসাগৰত
উটি গ’ল মহান সংগীতজ্ঞ।
ৰৈ গ’ল মাথোঁ স্মৃতি,
মায়াবিনী ৰাতিৰ বুকুত।
থাকি গ’ল তেওঁ
অসমবাসীৰ হৃদয়ৰ
নিভৃত কোণত।
সাগৰৰ আন পাৰত যেন জুবিন,
এই পাৰত
অসমবাসীৰ অশ্ৰুৰ ঢৌ।
বেদনাৰে চিঞৰি উঠে
সমগ্ৰ অসম।
বাৰে বাৰে নিজকে
সান্ত্বনা দিয়ে মানুহে—
“নাই, এয়া সত্য নহয়!”
ভাঙি গ’ল সপোন,
হেৰাই গ’ল আশা—
অনুৰাগীৰ হৃদয়ত
জুবিন গাৰ্গক
মন ভৰি চোৱাৰ সপোন।
এতিয়া শুনা যায় মাথোঁ
সংগীতৰ সুৰভঙা ধ্বনি,
যেন কান্দোনেৰে ভৰা
এটা বেদনাৰ সুৰ।