শিক্ষামন্ত্রী ৰণোজ পেগুৱে আনুষ্ঠানিকভাবে মুকলি কৰিলে গুৰু দক্ষিণা প’র্টেল
ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষাগুৰুসকলক সন্মান জনাই কাহিলিপাৰাৰ সমগ্ৰ শিক্ষা কার্যালয়ত আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ‘গুৰু দক্ষিণা’ শীর্ষক প’র্টেলটো আনুষ্ঠানিকভাবে উন্মোচন কৰে। প’ৰ্টেলটোৰ জৰিয়তে প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা শিক্ষাগুৰুসকলে আর্থিক সাহায্য লাভ কৰিবলৈ আবেদন জনাব পাৰিব। প’ৰ্টেলটো উন্মোচনৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে প’র্টেলটোত ২০১৩ আৰু ২০২১ চনত প্রাদেশিকীকৰণৰ পৰা ৰৈ যোৱা শিক্ষক-শিক্ষয়িত্রীসকলে আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰেও সমগ্ৰ শিক্ষাত বিভিন্ন সময়ত কৰ্মৰত শিক্ষামিত্র, সংযোগী শিক্ষক, এডুকেচন ভলেন্টিয়াৰ হিচাপে নিয়োজিত থকাসকলেও প’র্টেলটোত আবেদন কৰাৰ কোনো প্রয়োজন নাই। তেওঁলোকৰ সকলো তথ্য চৰকাৰৰ লগত আছে।

তেওঁ কয় যে পূর্বতে অনিয়মীয়া শিক্ষকসকলৰ বহু সমস্যা আছিল। এইবাৰ চৰকাৰে সকলো শিক্ষাগুৰুৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব। অৱশ্যে আবেদনৰ সময়ত নির্দিষ্ট শিক্ষক অথবা শিক্ষয়িত্ৰীসকলে কৰ্মৰত হৈ থকা বিদ্যালয়খনৰ ইউ ডাইচ অথবা ডাইচ ক’ডটো আবেদনত উল্লেখ কৰিব লাগিব। যদি কিবা কাৰণত বিদ্যালয়খন আন শিক্ষানুষ্ঠানৰ সৈতে একত্রীকৰণ হৈ গৈছে তেন্তে নতুন বিদ্যালয়খনৰ ইউ ডাইচ ক’ড হ’লেও উল্লেখ কৰিব লাগিব। চৰকাৰে আবেদন প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত নিৰ্দিষ্ট ক’ডটোৰ জৰিয়তে নির্দিষ্ট শিক্ষক অথবা শিক্ষয়িত্ৰীগৰাকীৰ যোগ্যতা সন্দৰ্ভত সকলো তথ্য সংগ্ৰহ কৰিব। কিবা কাৰণত যদিহে নির্দিষ্ট শিক্ষক অথবা শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যু হৈছে তেন্তে তেওঁৰ নিকটাত্মীয়ই হ’লেও প’র্টেলটোত আবেদন কৰি আৰ্থিক অনুদান লাভ কৰিব পাৰিব।
