পৱিত্ৰ ৰমজান মাহ, ইয়াৰ তাৎপৰ্য আৰু বৈজ্ঞানিক দৃষ্টিভংগী – বেনজিন চুলতানা

Pc Muslim Aid

পৱিত্ৰ ৰমজান মাহ, ইয়াৰ তাৎপৰ্য আৰু বৈজ্ঞানিক দৃষ্টিভংগী

বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ

ইছলামিক বৰ্ষপঞ্জিকাৰ  নৱম মাহ “ৰমজান” এক পৱিত্ৰ মাহ । এই মাহত বিশ্বব্যাপী মুছলমান সকলে ৰোজা পালন‌ কৰে । আকাশত জোন দেখাৰ ওপৰত ভিত্তি কৰি ২৯-৩০ দিন পৰ্যন্ত ৰোজা ৰখা হয় । এই নিয়ম কোৰাণ আৰু হাদিছত সুন্দৰ ভাৱে উল্লেখ আছে। ৰমজান মাহত পালন‌ কৰা এই ৰোজা ইছলাম ধৰ্মৰ পঞ্চস্তম্তৰ তৃতীয়তম । ইছলাম ধৰ্মত ৰমজান মাহক‌ অতি পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই মাহত ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে ৰোজা পালন কৰাটো ফৰজ (বাধ্যতামূলক )। আনহাতে শিশু, অসুস্থ,‌ ৰোগী, গৰ্ভৱতী নাৰী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত ৰোজা শিথিল কৰা হৈছে। ৰোজা হ’ল সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে অন্ন, পানী পৰিহাৰ কৰা এক প্ৰক্ৰিয়া। সূৰ্যোদয়ৰ পূৰ্বে যি আহাৰ গ্ৰহণ কৰা হয়, তাক চেহেৰী‌ আৰু সূৰ্যাস্তয়ৰ পিছত গ্ৰহণ কৰা আহাৰক ইফতাৰ বোলা হয়। কিন্তু ৰোজাৰ প্ৰকৃত সংজ্ঞা এইখিনিতে সীমা‌বদ্ধ নহয়। প্ৰকৃততে ৰোজা হৈছে অন্ন , পানী ত্যাগ কৰাৰ উপৰিও মানৱ মনৰ মলিনতা সমূহ- হিংসা, বিদ্বেষ, খং, অসত্য, ক্ষোভ , লোভ, অহংকাৰ, নিষ্ঠুৰতা, উগ্ৰতা, কপটতা আদি‌ মনৰ পৰা ত্যাগ কৰা । মুঠতে, ৰমজান ত্যাগ আৰু মানৱ দেহ- মন-মগজুৰ শুদ্ধিকৰণৰ প্ৰক্ৰিয়া। ৬১০ খ্ৰীষ্টাব্দত এই পৱিত্ৰ ৰমজান মাহতে  ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ পৱিত্ৰ “কোৰাণ শ্বৰীফ” নাজিল (অৱতীৰ্ণ ) হৈছিল। এই মাহ হৈছে ইবাদত (উপাসনা)ৰ মাহ । এইয়া আল্লাহৰ ওচৰত দয়া, আশীৰ্বাদ আৰু ক্ষমা বিচাৰাৰ এক‌ পৱিত্ৰ মাহ । পৱিত্ৰ কোৰাণ আৰু হাদিছৰ মতে এই মাহত জান্নাত (স্বৰ্গ) ৰ দুৱাৰ খুলি দিয়া হয় আৰু জাহান্নাম (নৰক)ৰ‌ দুৱাৰ বন্ধ কৰি দিয়া হয় । ৰোজা ৰাখোঁতাসকলৰ বাবে ‘আৰ-ৰায়ান’ (Al-Rayyan) নামৰ বিশেষ দুৱাৰখন মুকলি কৰি দিয়া হয়। এই বিষয়ে হাদিছত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। ইছলামিক মান্যতা অনুসৰি ৰমজানত চয়তানক শিকলিৰে বন্দী কৰি ৰখা হয় । অৰ্থাৎ ৰমজান মাহত আল্লাহে চয়তানক বান্ধি ৰাখে; যাৰ ফলত মুছলমান সকলক পাপ কৰিবলৈ বা উপবাস ভংগ কৰিবলৈ চয়তানে প্ৰৰোচিত কৰিব নোৱাৰে। এই পৱিত্ৰ মাহত চয়তানী প্ৰভাৱ কমি যায় । অৰ্থাৎ লোভ, ক্ৰোধ, কাম, ঈৰ্ষা আদি কু-মনোভাৱৰ পৰা মানুহ মুক্ত হয় আৰু মানুহে পৱিত্ৰ মনেৰে ইবাদত কৰিব পাৰে। ৰমজান মাহত সৎকৰ্মৰ পুণ্য ১০ ৰ পৰা ৭০০ গুণলৈকে (বা তাতোধিক) বৃদ্ধি পায় । ইয়াৰ ৰ অৰ্থ হ’ল এই পৱিত্ৰ মাহত কৰা প্ৰতিটো ভাল কাম, দান-দক্ষিণা বা ইবাদতৰ বাবে আল্লাহৰ পৰা সাধাৰণ সময়তকৈ অলেখ গুণ বেছি চৰম পুণ্য বা ফল পোৱা যায়। ই এক অসীম আধ্যাত্মিক সুযোগ, য’ত কৰা সৰু কামৰ বাবেও প্ৰচুৰ প্ৰতিদান (Reward) পোৱা যায়। মাহৰ শেষৰ ১০ নিশাৰ ভিতৰৰ এনিশা- ‘লাইলাতুল কদৰ’ (Laylatul Qadr) ত কৰা কামৰ পুণ্য ৮৩ বছৰতকৈও অধিক সময় ইবাদত কৰাৰ সমতুল্য। ৰমজান মাহ হৈছে সৰ্বোচ্চ পুণ্য অৰ্জন কৰি আল্লাহৰ সন্তুষ্টি লাভ কৰাৰ বাবে এক মহান চৰম সময়।

ৰোজা কেৱল আধ্যাত্মিকতাতে সীমাবদ্ধ নহয়।  বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ই এক অতি ফলপ্ৰসূ স্বাস্থ্যবিধি । ৰোজাক সাধাৰণতে ধৰ্মীয় অনুশীলন বুলি গণ্য কৰা হয় যদিও স্বাস্থ্যৰ দিশৰ পৰা চালে ই এক শক্তিশালী বিপাকীয় চিকিৎসা (Metabolic Therapy)। ধৰ্মীয় দিশে ই আত্মশুদ্ধি আৰু সংযমৰ শিক্ষা দিয়ে । ইয়াৰ আঁৰত শক্তিশালী বৈজ্ঞানিক দৃষ্টিভংগী আছে।  বিজ্ঞানী সকলৰ মতে,  দিনৰ ভাগত খাদ্য গ্ৰহণ কৰাৰ নিয়মৰ সলনি কৰি ৰাতিৰ ভাগত খাদ্য গ্ৰহণ কৰিলে শাৰীৰিক উৎকৰ্ষ সাধন হয় । ৰোজাৰ ওপৰত গৱেষণা কৰি বিস্ময়কৰ তথ্য দি ২০১৬ চনত জাপানী গৱেষক আৰু বিজ্ঞানী অছিনৰি অছুমীয়ে ন’বেল বঁটা লাভ কৰিছিল। তেওঁ কৈছিল- “মুছলমানসকলে যাক ৰোজা বুলি কয়, তাক মই কওঁ অটোফেজি (Autophagy ). আমি নিয়মীয়াকৈ দৈনিক খাদ্য সামগ্ৰী ভোগ কৰাৰ ফলত বেছিভাগ সময়ত খাদ্য সঠিকভাৱে হজম নহৈ কিছুমান অলাগতীয়াল ক্ষতিকাৰক পদাৰ্থ পেটৰ ভিতৰত জমা হয় । ইয়ে পিছলৈ নানা জটিল ৰোগত আক্ৰান্ত কৰা পৰিলক্ষিত হয়। গতিকে এমাহলৈ ৰোজা ৰখাৰ ফলত অনাকাংক্ষিত পদাৰ্থসমূহ হজম হৈ শৰীৰ ৰোগ-মুক্ত কৰি মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে।” তেওঁ কৈছিল যে যেতিয়া আমি অনাহাৰে থাকো তেতিয়া আমাৰ দেহৰ পুষ্টি দ্ৰব্য (Neutrient) শেষ হ’বলৈ ধৰে ৷ এই সময়ছোৱাত আমাৰ দেহৰ গলিত বেয়া অংশবিলাকক দেহে ভক্ষণ কৰিবলৈ আৰম্ভ কৰে । যেতিয়া দেহে নিজে নিজৰ এই বেয়া অংশবিলাক ভক্ষণ কৰে, তেতিয়া Cancer হোৱাৰ সম্ভৱনা হ্ৰাস পায় । তেখেতক প্ৰশ্ন কৰা হৈছিল যে এজন মানুহৰ দেহত (কৰ্কট ) Cancer নহ’বলৈ বছৰত কিমান দিন ভোকত থাকিব লাগে । তেখেতে উত্তৰত কৈছিল যে‌ কোনোৱাই বছৰত ২০-২৫ দিন প্ৰায় ৯-১০ ঘন্টা ভোকত থাকে তেতিয়া তাৰ দেহে নিজৰ বেয়া অংশখিনিক ভক্ষণ কৰি পেলাব আৰু তেখেতৰ কৰ্কট (Cancer) ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা হ্ৰাস পাব ।

স্বাস্থ্য বিজ্ঞানী ডাঃ শ্বেলটনে কৈছে- “ৰোজাৰ মাধ্যমত শৰীৰত জমা হৈ থকা চৰ্বি, প্ৰ’টিন, শৰ্কৰা জাতীয় পদাৰ্থসমূহ স্বয়ং পাচিত হয় , ফলত গুৰুত্বপূৰ্ণ কোষ সমূহে পৰিপুষ্ট লাভ কৰে।

 ন’বেল বঁটা বিজয়ী মেডিচিন আৰু শল্য প্ৰখ্যাত চিকিৎসক ডাঃ অ্যালেকছিছে কৈছে যে ৰোজাৰ মাধ্যমত যকৃতৰ ৰক্ত সঞ্চালন দ্ৰুত হয়। ফলত শৰীৰত সঞ্চিত হৈ থকা চৰ্বি, পেশীৰ প্ৰ’টিন, গ্ৰন্থিসমূহ আৰু যকৃতৰ কোষবোৰ দ্ৰুত আন্দোলিত হয় । বৰ্দ্ধিত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয় । ৰোজাৰ ফলত আভ্যন্তৰীণ দেহৰ যন্ত্ৰৰ সংৰক্ষণ আৰু হৃদপিণ্ডৰ নিৰাপত্তাৰ বাবে অন্যান্য দেহাংশৰ বিক্ৰিয়া বন্ধ ৰাখে।  মুঠতে খাদ্যাভ্যাস বা আৰামদায়ক জীৱন যাপন কৰাৰ বাবে শৰীৰৰ যি ক্ষতি সাধন হয়, ৰোজা ৰখাৰ মাধ্যমত পূৰণ হয়।

দীৰ্ঘ সময় ধৰি আহাৰ গ্ৰহণৰ পৰা বিৰত থকাৰ ফলত পাচন তন্ত্ৰই জিৰণি পায়, যিয়ে হজম শক্তি উন্নত কৰে। ৰোজাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ (toxins) বাহিৰ হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। মগজুত সুখী হ’ৰমনৰ (Happy Hormone) নিঃসৰণ বৃদ্ধি পাবলৈ ধৰে আৰু সুন্দৰ টোপনিত সহায়ক হয় । শৰীৰক আভ‌্যন্তৰীণভাৱে  শক্তিশালী কৰি তোলে । অলাগতিয়াল চৰ্বি দাহ কৰাৰ ফলত শৰীৰৰ ওজন কমে আৰু মগজুৰ একাগ্ৰতা বৃদ্ধি পায় ।ৰোজাৰ সময়ত পিটুইটাৰী গ্ৰন্থিৰ (Pituitary gland) দ্বাৰা নিঃসৰিত বৃদ্ধি হ’ৰমন (Growth Hormone) ৰ পৰিমাণ বৃদ্ধি পায়। ই মানসিক স্বাস্থ্য সন্তুলিত কৰি ৰখাত সহায় কৰে। ৰোজাই অগ্ৰমস্তিষ্কৰ প্ৰাক-অঞ্চল (Prefrontal Cortex) ক সক্ৰিয় কৰি তোলে । যিয়ে  সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। ৰোজাৰ ফলত মগজুত BDNF (Brain-Derived Neurotrophic Factor) নামৰ প্ৰ’টিনৰ উৎপাদন বাঢ়ে, যিয়ে মানসিক চাপ কমায়, মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে । এচিড ৰিফ্লাক্স (Acid reflux) হ্ৰাস কৰে । পেট ফুলা (Bloating) আৰু অজীৰ্ণৰ সমস্যা হ‌্ৰাস কৰে ।আয়ুৰ্বেদৰ মতে, ই ‘অগ্নি’ প্ৰজ্বলিত কৰে আৰু ‘আম’ (অৰ্ধপাচ্য বিষাক্ত দ্ৰব্য) হ্ৰাস কৰে। মুঠতে ৰোজাই গোটেই মানৱ দেহক আভ্যন্তৰীণ ভাৱে মেৰামতি কৰি নতুনত্ব প্ৰদান কৰে।

সামাজিক বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ৰোজাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।‌ গোটেই দিনটো অনাহাৰে থাকি সমাজৰ দুখীয়া-দৰিদ্ৰ লোকসকলৰ পেটৰ তাড়নাৰ যন্ত্ৰণা ৰমজান মাহত বাৰুকৈয়ে উপলব্ধি কৰিব পাৰি। এইয়া যেন তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ এক সুন্দৰ প্ৰয়াস।  ৰমজান  মাহত জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সমাজৰ সকলো দুখীয়া লোকক ইফতাৰ আৰু চেহেৰীৰ অংশীদাৰ কৰাৰ উপৰিও তেওঁলোকক অন্ন, বস্ত্ৰ আৰু চিকিৎসাৰ বাবেও সকলো সা-সুবিধা দান কৰা হয়। তদুপৰি  দুখীয়া মানুহক ইছলামিক নিয়ম অনুসৰি ফিৎৰা আৰু উপাৰ্জিত ধনৰ কিয়দংশ জাকাত আদায় কৰাটো‌ ফৰজ (বাধ্যতামূলক) গণ্য কৰা হয়। ৰমজান সমাজৰ দুখীয়া – দৰিদ্ৰ শ্ৰেণীৰ বাবে আশীৰ্বাদস্বৰূপ।

ৰমজানৰ সময়ছোৱাত বিভিন্ন ঠাইত বিভিন্ন বজাৰ ব্যৱস্থা গঢ়ি উঠা দেখা যায়। বিশেষকৈ, ফল-মূল, মাছ-মাংস, অন্যান্য খাদ্য- সামগ্ৰীৰ দোকান আৰু দান-দক্ষিণাৰ বিভিন্ন সামগ্ৰীৰ দোকান-পহাৰ দেখা যায়। এই বজাৰসমূহৰ দ্বাৰা কেৱল ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলেই নহয় সমাজৰ বিভিন্ন শ্ৰেণীৰ, বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলো আৰ্থিকভাৱে উপকৃত হোৱা দেখা যায়।  তদুপৰি ৰমজানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা বজাৰসমূহক সমন্বয়ৰ মিলনভূমি আখ্যা দিব পাৰি। কিয়নো , এই বজাৰ সমূহলৈ কেৱল ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলৰে নহয় সমাজৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলৰো আগমন ঘটা দেখা যায়। এই বজাৰতে ইটোৱে সিটোৰ লগত কথা পাতি মনৰ ভাৱ ব্যক্ত কৰে। ইজনে আনজনক ৰমজানৰ শুভেচ্ছা বাৰ্তা প্ৰদান কৰে। ইয়ে ঐক্যতাৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে।

ৰমজান মাহ আধ্যাত্মিক প্ৰতিফলন, আত্মাশুদ্ধি আৰু ভক্তিৰ সময় । ৰমজানে মানুহৰ মনত আন্মিক শান্তি , সহানুভূতি , উদাৰতাৰ মনোভাৱ জাগ্ৰত কৰি তোলে। এই মাহত আল্লাহৰ লগত এক সুন্দৰ সংযোগেৰে মানুহ একাত্ম হৈ পৰে। আত্মাই সন্তুষ্টি লাভ কৰে। আল্লাহৰ প্ৰতি থকা প্ৰেম, আধ্যাত্মিকাৰ শ্ৰেষ্ঠ নিদৰ্শন স্বৰূপে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে ৰমজান মাহত ৰোজাৰ সময়ছোৱাত হালাল খাদ্য (বৈধ খাদ্য) গ্ৰহণৰ পৰাও বিৰত থাকে। ই ধৈৰ্য্য আৰু ত্যাগৰ প্ৰতীক। ৰমজান কেৱল ভোক, উপবাস, চেহেৰী, ইফতাৰতে সীমাবদ্ধ নহয়, ই এনে এক পৱিত্ৰ মাহ য’ত অসত্য, পৰচৰ্চা, পৰনিন্দা, তাচ্ছিল্য, ঠাট্টা -মস্কৰা, কাজিয়া, কু-কৰ্ম আদিৰ পৰা নিজকে বিৰত ৰখা হয় । ইয়ে, ৰোজাক প্ৰকৃতাৰ্থত সাৰ্থক কৰি তোলে। ৰোজা এনে এক আধ্যাত্মিক শক্তি যিয়ে মানুহক ভোক, পিয়াহ সকলো পাহৰাই তোলে। সমাজত শান্তি প্ৰতিষ্ঠা কৰাত ৰমজানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰোজাৰ অন্তত উলহ-মালহেৰে পালন কৰা পৱিত্ৰ ঈদ-উল-ফিতৰে ধৈৰ্য্যৰ অন্তৰ আনন্দৰ এক অনন্য নিদৰ্শন দাঙি ধৰে ।