প্ৰেম – কাকলি কুমাৰী

Pc Wallpapers.com

প্ৰেম

 কাকলি কুমাৰী,   হাজো

চকুত তোমাৰ যেতিয়া হাঁহি উঠে,
মোৰ হৃদয়ত জোনাক পোহৰ নামে।
নিশাৰ স্তব্ধতাৰ মাজত তোমাৰ নাম,
এজাক মৃদু বতাহ হৈ মনত পৰে।
তোমাৰ ওচৰত থকাৰ অনুভৱটো,
পাহাৰৰ কোলাৰ দৰে নিশ্চিন্ত,
তুমি ক’লে “মই আছোঁ”—
মোৰ সকলো দু:খ হয় অদৃশ্য।
প্ৰেম মানে মাথোঁ ফুলৰ সুবাস নহয়,
তাৰ ভিতৰত আছে কাঁইটৰো ব্যথা,
তোমাৰ বাবে সেই ব্যথা মোৰ আনন্দ,
কাৰণ তাতে জীৱনৰ সঁচা কথা।
হাতে হাত ধৰি তুমি যেতিয়া হাঁহা,
মই পাহৰি যাওঁ সময়, দুখ আৰু ক্লান্তি।
প্ৰেম — এটা কবিতা, এটি সুৰ,
যি আমি দুয়ো গাই যাওঁ নিঃশব্দ সংগীতত।