প্ৰেমৰ অন্য এক নাম তুমি – যমুনা দুলু বৈশ্য

Pc StockCake

প্ৰেমৰ অন্য এক নাম তুমি

 যমুনা দুলু বৈশ্য,শুৱালকুছি

সুখৰ সংজ্ঞা বিচাৰি চলাথ নকৰিবা
মনৰ অনুভৱেৰে আঁজুৰি আনিবলৈ
অলপ সময়ৰ অপেক্ষা কৰা
হৃদয় খনতেই পাবা সেউজ সপোন ।

জোনাক বিচাৰি কলৈও নাযাবা তুমি
প্ৰতিশ্ৰুতিৰে নিদিবা আশা
সময় বৰ গতিশীল সঁচা মানৱতাতে পায়
মধুৰতাৰে গোন্ধৰে হেঁপাহৰ খৰিকাজাঁই ।

মুক্ত পখীৰ হৈ উৰিবলৈ
জীৱনৰ ঠিকনা বিচাৰি নহবা হতাশ
অতীতক পাহৰি নাযাওঁ বাবেই
প্ৰতিটো আবেলিক বান্ধিছো আঁচলৰ ঠিকনা ।

প্ৰেমৰ অন্য এক নাম তুমি
তৰাফুলৰ উজ্জ্বল জ্যোৎস্নাময়ী
ৰুণুজুন বাজে সন্ধ্যাৰাগত ন-ৰূপ
দিবলৈ ভাষা নাই উপলদ্ধি প্ৰত্যুত্তৰ ।

বৰ্তমানৰ তুলনাত সাৰ্থকতাৰ
গভীৰ,অবুজ ভাৱনাৰ সাথৰ বোৰৰ
সুদীৰ্ঘ দিগন্তৰ সন্ধানৰ আৰ্হিতে
কিছু জ্ঞান ,পোৱা নোপোৱাৰ অভিজ্ঞতা ।