যান্ত্ৰিক নে বজাৰ? – নিৰঞ্জন ঠেঙাল‌ 

Pc Peakpx

যান্ত্ৰিক নে বজাৰ?

নিৰঞ্জন ঠেঙাল‌ 

ধূসৰময় সৌ দূৰ বাকৰিত
এজাক যৌৱন পীপাসুৰ কোলাহল;
ই যান্ত্ৰিক,,,,
আধ্যাত্মিক চেতনা, বোধগম্যৰ মাজত থকা এখন হাকোঁ,
আৰু
অত্যাধুনিকতাৰে ভৰা চাহিদাৰ বেহা।
তাত দৰ-দাম চলি আছিল,,,,
ঘন্টাৰ লেখত,,,,
সেয়া হেনো মৰমৰ দৰ-দাম আছিল।
বাৰু ময়ো ভাৱিলোঁ,
নীলা আকাশত চাগে ক’লা ডাৱৰে আৱৰি ধৰিছে
হয়তো বৰষুণ দিব।