নি:সঙ্গতাৰ প্ৰশস্ত কোলাত
নীলমণি গগৈ
নি:সঙ্গতাৰ
প্ৰশস্ত কোলাত
নি:সঙ্গতাই তেওৰ সঙ্গী
নি:সঙ্গতাত সঙ্গী হয়
কাষৰ কিম্বা দূৰণিৰ
নীৰৱতাৰ বুকুত
গহীন কাননখনি
যদি হয় বিনিদ্ৰ ৰজনী,
বাটৰ কাষত থকা
তেওৰ গাও খনি
সকলোবোৰৰ মাজত
তেও থাকিও নি:সঙ্গ
নি:সঙ্গতাই সঙ্গী
তাতে কোৰ্হাল প্ৰিয়
পখীৰ ছন্দহীন চিঞৰ,
নিশাচৰ অঘৰী পখীৰ
তেও মাথো নি:সঙ্গ হৈ
নীৰৱতাৰ প্ৰশস্ত কোলাত
আওৰাই নি:শব্দে
নিৰলে নীৰৱে
নি:সঙ্গতা গীতৰ কলি
আশাইও পোখা মেলি
যায় আগবাঢ়ি
প্ৰভাতী ৰজনীৰ বুকুত
কিৰণৰ আলেখ লেখ
তমসা বিদূৰি অহাৰ সম্ভেদ
প্ৰভাতী পখীৰ সুৰধ্বনি
ছন্দোময় প্ৰভাতৰ
হয় আগমনী
হ’লেও নি:সঙ্গতাই
তেওৰ হয় সঙ্গী,
নি:সঙ্গৰ নি:সঙ্গতাৰো
নিজা সুৰ আছে
নি:সঙ্গতাত নি:শব্দে
নিৰলে উঠে বাজি।
