পিতাইয়ে প্ৰেম কৰিব জানিছিল
পংকজ দাস ,গহপুৰ
বিশ্বনাথ
এদিন পিতাইয়ে নজনাকৈয়ে
প্ৰেমত পৰিছিল
নাঙলৰ শিৰলোত ওলমি ৰৈছিল
পিতাই সপোন।
ক্ৰমশঃ সপোনবোৰ বাঢ়ি গৈছিল
আৰু এদিন পিতাই সপোনে গজালি মেলি
প্ৰেমৰ নামত বীজ অংকুৰিত হৈছিল।
ক্ৰমশঃ সপোনবোৰ বাঢ়ি গৈছিল
আৰু এদিন পিতাই সপোনে গজালি মেলি
প্ৰেমৰ নামত বীজ অংকুৰিত হৈছিল।
পিতাই প্ৰেম আছিল স্বাধীন ।
মাটি চহাই সিঁচিছিল বীজ
বীজ পৰাই শইচ
শইচ পৰাই গুচাইছিল পিতাই
লঘুণীয়া পেটৰ ভোক
শ্ৰমৰ বিনিময় উদযাপন কৰিছিল প্ৰেম
ভোকত এমুঠি অন্ন
পিয়াহত এটুপি পানী
লজ্জাৰ নিবাৰণ বাবে এযোৰ পোছাক ।
পিতাই প্ৰেম আছিল।প্ৰেম কৰিছিল।
ভাল পাইছিল পথাৰ শইচ পানী আৰু মাটিৰ।
পিতাই প্ৰেম আছিল আজন্ম।
সেয়ে পিতাইয়ে প্ৰেম কৰিব জানিছিল।
