মই তাতেই থাকোঁ
গকুল চৌধুৰী
হাকামা, ধুবুৰী
হাকামা, ধুবুৰী
মই তাতেই থাকোঁ
জীৱন উদ্যাপনৰ আলিবাট য’ত প্ৰতিক্ষণত
ৰুদ্ধ হয়
জীয়াই থকাৰ মাদকতা য’ত প্ৰতিনিয়ত স্তব্ধ
হয় ৷
মই তাতেই থাকোঁ
মৃত চহৰৰ মৰিশালিৰ নিস্তব্ধতাত
প্ৰতিদিনে প্ৰতিপলে
য’ত অসংখ্য মানুহ
জী জী মৰে
মৰি মৰি জীয়ে ৷
মই তাতেই থাকোঁ
পদপথৰ বহল বুকুত
বিজুলীচাকিৰ তলত
য’ত এজাক মানুহ
ভোকে , পিয়াহে , লঘোনে
নিৰবে – নিশব্দে শুই থাকে ৷
মই তাতেই থাকোঁ
আনে নযোৱা এটা আলিবাটৰ কেঁকুৰিত
য’ত এপাল ভোকাতুৰ শিশুৱে বিচাৰি ফুৰে
আনে খাই পেলাই দিয়া আধাখোৱা খাদ্য ৷
মই তাতেই থাকোঁ
জাবৰৰে ঠাহ খাই থকা আনে নেদেখা
এটা আবৰ্জনা পাত্ৰৰ নিচেই কাষত
য’ত ৰাতিৰ এন্ধাৰত
কোনো হৃদয়হিনে পেলাই থৈ যায়
মানৱভ্ৰন কিম্বা দেৱশিশুক ৷
মই তাতেই থাকোঁ
নিশাৰ দীঘল ৰাজপথত
য’ত কোনো হৃদয়হিনে নিঠৰুৱা কৰি এৰি
থৈ যায় নিজৰে জন্মদাতা পিতৃ – মাতৃক ৷
মই তাতেই থাকোঁ
য’ত মই থাকোঁ
তাত আপোনালোক নাথাকে
য’ত মই থাকোঁ
তাত মোৰ ঈশ্বৰ নাথাকে ৷
তথাপি
মই তাতেই থাকোঁ
মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰি
ক্ৰমশ নিশেষ হ’ব ধৰা হেজাৰ মানুহৰ
আশা আৰু সপোনবোৰৰ মাজত ৷
