সংস্কৃতিবান গুৰু
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
কুৰ্তা-চুৰিয়া পিন্ধি ডিঙিত এখন গামোচা লৈ
সদায় অহা যোৱা কৰে
এখন চাইকেলেৰে
কান্ধত এটা মোনা লৈ
মানুহজনৰ মুখত সদায়
হাঁহি বিৰিঙি থাকে
মোক কেতিয়াবা মাত লগাই যায়,
এদিন বৰকৈ জানিবলৈ মন গ’ল
ব্যক্তিজন বাৰু সদায় ক’লৈ যায়
পোচাকত সকাম-নিকাম খাবলৈ
যোৱা যেনহে লাগে
সদায় সকাম থাকেনে?
তেনেকৈয়ে ভাবোঁ
প্ৰায়েই দেখা দেখি হওঁ
সুধিবলৈ অসহজ লাগে।
কিছুদিন ধৰি ব্যক্তিজন নেদেখা হ’লোঁ
কাৰোবাক সুধিলেও কোনোৱে নাজানে
এদিন ফুৰিবলৈ যাওঁতে
কেইবাজনো ছাত্ৰ-ছাত্ৰী একেলগ হৈ
প্ৰিয় শিক্ষকৰ কথা পাতি দুখ কৰি আছে
ওচৰতে ৰৈ সুধিলোঁ,
উত্তৰত ক’লে, আমাৰ ভাললগা ছাৰজন
বিদ্যালয়ৰ পৰা বিদায় ল’লে।
ছাৰজনে চুৰিয়া পিন্ধি আহিছিল নেকি?
হয়।
অতদিনে বিচাৰি ফুৰা উত্তৰটো আজি পালোঁ
তেখেত এজন শিক্ষক
২০ কি.মি. চাইকেল চলাই
অক্লান্ত নোহোৱা ছাৰজন
হাঁহিটোৱে সকলোকে মোহিত কৰিছিল।
