সম্পৰ্ক – সোণটি কলিতা

সম্পৰ্ক

সোণটি কলিতা,কামৰূপ,গ্ৰাম্য

সম্পৰ্ক এটা মধুৰ শব্দ, য’ত প্ৰেম, মৰম, ভালপোৱা, বিশ্বাস, আন্তৰিকতা সকলো সোমাই থাকে। যদি ইয়াত কেনেবাকৈ এটা শব্দৰো অভাৱ হয়, তেতিয়াই সম্পৰ্কটোত ফাট মেলিবলৈ আৰম্ভ হয়। লগে লগে আমি সম্পৰ্কটোৰ পৰা আঁতৰি আহিবলৈ ব্যস্ত হৈ পৰো, বহুত ব্যস্ত। সম্পৰ্ক এটাৰ পৰা আঁতৰি যাবলৈ ব্যস্ততা হৈছে প্ৰথম পথ। যদি আমি এটা সম্পৰ্কক সঁচা অৰ্থত জীয়াই ৰাখো বুলি ভাৱো, আমি যিমানেই ব্যস্ত নাথাকো কিয়, তাক পালনত কেতিয়াও ক্ৰতি নকৰোঁ। আৰু যদিহে ইয়াক হত্যা কৰো বুলি ভাবো, আমাৰ হাতত পৰ্যাপ্ত সময় থাকিলেও ব্যস্ততাৰ অভিনয় কৰোঁ। সকলোৱে এবাৰ নিজক প্ৰশ্ন কৰি চাবছোন – আপুনি ২৪ ঘণ্টাৰ ভিতৰত কিমান সময় ব্যস্ত? আৰু এই ব্যস্ততাৰ অজুহাত দেখুৱাই আপুনি কিমানটা ভাল সম্পৰ্কক হত্যা কৰিছে? হয়টো কোনোৱে বুকুত হাত থৈ শপত খাই ক’ব নোৱাৰিব ব্যস্ততাৰ অজুহাত দেখুৱাই আপুনি এটা হ’লেও ভাল সম্পৰ্ক হত্যা কৰা নাই। এই যে আপুনি ব্যস্ততাৰ অজুহাত দেখুৱাই কিছুমান সম্পৰ্কক হত্যা কৰিছে, এবাৰ আজৰি সময়ত তেওঁলোকক আপুনি এটা ফোনকল অথবা এটা মেছেজ দি চাবছোন, হয়টো সেই হেৰাই পেলোৱা ভাল সম্পৰ্কবোৰৰ মাজত কোনোবা এজনে আপোনাৰ বাবে আগ্ৰহেৰে ৰৈ থাকিবও পাৰে! আৰু জানিব, যিয়ে আপোনাৰ এটা ফোন অথবা মেছেজলৈ আগ্ৰহেৰে ৰৈ আছে, এটা সময়ত হয়টো আপুনি তেওঁৰ প্ৰিয় ব্যক্তি আছিল। গতিকে ভবিষ্যতলৈ তেওঁক আকৌ ব্যস্ততাৰ অজুহাত দেখুৱাই হেৰুৱাই নেপেলাব। নহ’লে যে এই সম্পৰ্ক শব্দটোৰ অস্তিত্বই নাথাকিব?