২৪ ফেব্ৰুৱাৰী :অসমৰ বাবে এক ক’লা অধ্যায় – নিবেদিতা  হাজৰিকা

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

২৪ ফেব্ৰুৱাৰী :অসমৰ বাবে এক ক’লা অধ্যায় 

নিবেদিতা  হাজৰিকা
 লখিমপুৰ

এখন ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছতো অসমৰ খিলঞ্জীয়া সকলৰ মাজত ক্ষোভ আৰু আশংকা জাগ্ৰত হোৱা বিষয়টো নিশ্চয়কৈ উলাই কৰিব নোৱাৰি।কিয়নো চুক্তি বা সন্ধি সমূহ কৰা হয় লাভালাভৰ বাবে।কিন্তু যেতিয়া সেই চুক্তি স্বাক্ষৰ কৰাৰ পাছতো ইয়াৰ পৰা বঞ্চিত হ’ব লগা হয় তেতিয়াই মনত বিৰূপ ধাৰনাৰ সৃষ্টি হয়।আৰু সেই পৰিৱেশেই সৃষ্টি হৈছিল ইয়াণ্ডাবু সন্ধিৰ ক্ষেত্ৰত।অসমৰ পৰা মানক খেদি পঠিওৱাত আচলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুদ্ধত লিপ্ত হৈছিল বৃটিছসকল । বৃটিছ শক্তিয়ে এই যুঁজত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজত শান্তি চুক্তি হৈছিল আৰু সেইমৰ্মেই ব্ৰিটিছ শক্তিয়ে আভাৰ ৰজাৰ মাজত শান্তি চুক্তি হয়, অৱশেষত ব্ৰিটিছ শক্তিয়ে আভাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে আজিৰ পৰা ১৯৪ বছৰ পূৰ্বে অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামেৰে ঠাইত কৰা দুইপক্ষীয় সন্ধিৰ পাছত অসম তথা ইয়াৰ অংগ ৰাজ্য কাছাৰ , জয়ন্তীয়াক নিজৰ হাতত লয়।

মানৰ বিৰুদ্ধে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বানমৰ্মে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে অসমৰ আভ্যন্তৰীণ ক্ষেত্ৰত কোনো হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে অসম দেশ অধিকাৰ কৰা কোনো অভিপ্ৰায় নাই বুলিও কৈছিল। কিন্তু মানক খেদাৰ পাছত ব্ৰিটিছ বাহিনীয়ে দেখিছিল যে তেওঁলোকে অসম ( কাছাৰ আৰু জয়ন্তীয়াকে ধৰি ) আৰু মণিপুৰৰ যুদ্ধত জয়লাভ কৰিছে। সেয়েহে ব্ৰিটিছে অসম ত্যাগ কৰাৰ কোনো লক্ষণ নেদেখুৱালে। ইয়াৰ পৰিৱৰ্তে ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছ সকলে ৰাজ্য নিজৰ অধীনলৈ আনিলে আৰু ঠিক তেতিয়াৰে পৰাই অসমে এখন স্বতন্ত্ৰ দেশ হিচাপে নিজৰ পৰিচয় হেৰুৱালে।

সমগ্ৰ ভাৰতক শাসন কৰা ব্ৰিটিছে অসমকো ভাৰতৰ সৈতে সংযুক্ত কৰি এই ভাৰততে অংগৰাজ্য হিচাপে ধৰি ল’লে আৰু ইয়াৰ ফলস্বৰূপে ১৯৪৭ চনত ঔপনিৱেশিকতাৰ পৰা মুক্ত হোৱাৰ পাছতে অসম ভাৰতৰ অধীন হৈ ৰʼল। প্ৰথম এংলো বৰ্মাৰ যুদ্ধ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল ইয়াণ্ডাবু সন্ধি। ইয়াণ্ডাবু সন্ধিৰ পাছত খিলঞ্জীয়া অসমীয়া যি জাতীয় বিপৰ্যয়ৰ অন্ত যেন পেলোৱা হৈছিল।

মোৱামৰীয়া বিদ্ৰোহ,মানৰ আক্ৰমণ আৰু ক্ষমতালোভী বিভিন্ন পক্ষ বোৰৰ মাজত চলি থকা আত্মকন্দল তথা গৃহ যুদ্ধই অসমত সেই সময়ত এটা সন্মিলিত আৰু ঐক্যবদ্ধ শক্তি গঢ়ি উঠাৰ পথ ৰুদ্ধ কৰি পেলাইছিল।

ঔপনিৱেশিক ভূমি নীতি প্ৰৱৰ্ত্তনৰ ফলত থলুৱা কৃষকৰ মুৰত মাধমাৰ শুধাইছিল। কেৱল সেয়ে নহয় , থলুৱা লোক তথা জনগোষ্ঠী সমূহৰ আৰ্থ সামাজিক বিকাশ আৰু– অতিৰিক্ত বাটো প্ৰায় ৰুদ্ধ কৰি পেলাইছিল।

ব্ৰিটিছ বণিক গোষ্ঠীৰ সহায়ক হোৱাকৈ অসমত ভূমি নীতি, ভূমি আইন,বন নীতি,বন আইন,ৰাজহ নীতি,ৰাজহ আইন আদি আইন প্ৰণয়ন কৰা হ’ল।

মধ্য আৰু উত্তৰ ভাৰতৰ পৰা আদিবাসী জনজাতি লোকক বলপূৰ্বক ভাৱে ধৰি আনি বাগিচাৰ শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছিল। থলুৱা/স্থানীয় নিবনুৱা সকলে যাতে কালক্ৰমত সংগঠিত হৈ বিদ্ৰোহৰ সূচনা কৰিব নোৱাৰে তাৰ বাবেই এনে ব্যৱস্থা কৰা হৈছিল। অসমত ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ সম্পূৰ্ণ সুকীয়া আছিল। কোনো অসুবিধা নোহোৱাকৈ ব্ৰিটিছে অসম দখল কৰিবলৈ সক্ষম হৈছিল। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সন্ধি আছিল।এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰায়ে সলনি কৰি দিছিল।এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকুলে আছিল।

মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন ভাৰ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে এই সন্ধি আগৰে পৰাই মান সকলক প্ৰতাৰিত আৰু বিজাৰিত কৰাৰ বাবে জাল বা পৰিকল্পনা ৰচনা কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ মই বুদ্ধি ৰচনা কৰিছিল, ইয়াৰ ভু সৰ্বসাধাৰণৰ ৰাইজে বুজি পোৱা নাছিল। সাম্ৰাজ্যবাদী ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ অসমৰ ৰাজনৈতিক কৰ্তৃত্ব  নিজৰ অধীনলৈ নিয়াৰ যি কু অভিসন্ধি কৰিছিল সেই অভিসন্ধি সাৰ্থক হৈছিল।

আভা ৰজা বা ব্ৰিটিছ জেনেৰেল কেম্পবেলে সেই সময়ত অসমক গুৰুত্ব দিব লগা এটা শক্তি বা ৰাজ্যখণ্ড বুলি গণ্যই কৰা নাছিল। অসমৰ এজনো প্ৰতিনিধি উপস্থিত নথকাৰ অসমৰ অধিকাৰ আৰু প্ৰাপ্যৰ বিষয়ে একোৱেই উল্লেখ নথকা এখন চুক্তিৰ বাবেই অসমে চিৰকাললৈ দুটা মুল বিষয়ত স্বাধীনতা হেৰুৱাব লগা হৈছিল।‌ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা হেৰুৱাই অসম সকলো ফালৰ পৰাই ‌লোকচানৰ পৰা বহু পৰিমাণে ক্ষতিৰ সন্মূখীন হ’ব লগাৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। অসমৰ জন-গণৰ অজ্ঞাতে,অসমৰ ৰাইজৰ মতামত অবিহনে কৰা চুক্তিখনে অসমৰ ৰাইজক কিমান পৰিমাণে আৰু কি ধৰণে সহায় কৰিব সি সহজে অনুমেয়। এফালৰ পৰা চাবলৈ গ’লে এই ঐতিহাসিক চুক্তি খনে অসমৰ খিলঞ্জীয়া সকলৰ যথেষ্ট উপকাৰ কৰিব লাগিছিল। কিন্তু ব্ৰিটিছ সকলৰ কু অভিসন্ধিৰ বাবে থলুৱা  খিলঞ্জীয়া সকল এই চুক্তি পত্ৰ খনৰ পৰা এক অংশও উপকৃত ন’হল। বৰঞ্চ বহু সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হ’ল ।কেৱল মাত্ৰ  এখন  চুক্তি পত্ৰ হিচাপে এইখন থাকি গ’ল।  ১৮২৬ চনৰ পৰা আজিলৈকে সুদীৰ্ঘ    বছৰে এই চুক্তি খনৰ কোনো সংশোধন নহ’ল। সেয়ে ২৪ ফেব্ৰুৱাৰীৰ দিনটো বহুতে অসমৰ থলুৱা খিলঞ্জীয়া সকলৰ বাবে এক ক’লা দিন বুলি অভিহিত কৰিব খোজে।