সংগোপনে
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
লুইতৰ পাৰে পাৰে
দুভৰি চোঁচৰাই নাহিবিচোন তই
সপোনবোৰে উচপখাই উঠে৷
আকাশৰ নীলাভ আৱৰণ ফালি
নাহিবিচোন পুৱতিনিশা
দুচকুত টোপনিবোৰে
চকুলো টুকে৷
আবেলি আবেলি মোৰ পদূলিলৈ
টিলিঙা বজাই নাহিবিচোন তই
হেঁপাহৰ তাঁতশালখনৰ
নাচনীজৰী চিঙে৷
ৰিং মাৰি বাৰে বাৰে
মোলৈ নাচাবিচোন তই
মনৰ চিলাখনৰ কপাহীসূতা ডালে
জোঁট মাৰি ধৰে৷
নাহিবি দেই সংগোপনে
লাজে বেৰিকুৰি ধৰে!
