ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ফাষ্ট ট্ৰেক আদালতত চলিব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ । জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ বাবে ফাষ্ট ট্ৰেক নাইবা এক্সক্লুচিভ আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অসম চৰকাৰে অনুৰোধ জনাব । ৰাজ্য চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছতে এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে বৃহস্পতিবাৰে নিশামুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰী কৰে ।সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰতিদিনৰ শুনানিৰ বাবে এখন ফাষ্টট্রেক তথা বিশেষ আদালত গঠন কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰা হ’ব। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যবস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কয়- হত্যাৰ গোচৰত কোনোবা অভিযুক্ত হ’লেও আদালতত বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তক জামিন দিয়ে। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি চলি থকা বৰ্তমানৰ আদালতে এজনো অভিযুক্তক আজিলৈকে জামিন দিয়া নাই। সেয়েহে চৰকাৰৰ ধাৰণা আছিল- বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ’লহেঁতেন। কিন্তু পূর্বে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে চৰকাৰে তাকেই কৰিব। যিহেতু জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্টট্রেক আদালতৰ কথা কৈছে সেইকাৰণে চৰকাৰৰ মতামতক দূৰত ৰাখি এই বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ৰাজ্য চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা কৰিব। ইফালে ৰাজ্যিক কেবিনেটে শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। তিনিচুকীয়া জিলাত তৃতীয় বৰ্গৰ এটা চৰকাৰী পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে আজি গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- ২০২৫ চনৰ ১৩ জানুৱাৰীত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। কেবিনেটে তেওঁৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্রদান কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই উপাসনা বকলিয়াল গগৈক নিযুক্তি প্রদান কৰা হ’ব। উল্লেখ্য যে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত আর্থিকভারে সমস্যাত পৰা পৰিয়ালটোক সকাহ দিয়াৰ বাবে তেওঁৰ পত্নীক চৰকাৰী চাকৰি দিয়াৰ এক দাবী উত্থাপন হৈছিল। তিনিচুকীয়া জিলাৰ লগতে উজনি অসমত যথেষ্ট জনপ্ৰিয় ৰাজীৱ শদিয়াৰ সংগীতত আছিল মাটিৰ গোন্ধ। ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে তেওঁৰ পত্নীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে লোকনিৰ্মাণৰ অধীনত ৫৭গৰাকী কনিষ্ঠ অভিযন্তাক পুনৰ নিযুক্তিত অনুমোদন জনায়। এপিএছচিৰ জৰিয়তে এই অভিযন্তাসকলে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ২০১৯ চনৰ পৰা লোকনির্মাণ বিভাগত সেৱা আগবঢ়াই অহাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হয়। আনহাতে কেবিনেটে আজি মিছন বসুন্ধৰাৰ অধীনত ৩২৬গৰাকী হিতাধিকাৰীক ভূমি আবণ্টনৰ সিদ্ধান্ত লয়। কেবিনেটে শ্রীভূমি জিলাৰ পাথাৰকান্দিৰ ১২২ কোটি টকা ব্যয়সাপেক্ষে কৃষি মহাবিদ্যালয় নিৰ্মাণৰ প্রশাসনিক অনুমোদন জনায়। আনহাতে কেবিনেটে গুৱাহাটীৰ ধাৰাপুৰত চিপয়ার্ড আৰু কন্টেইনাৰ জাহাজ স্থাপনৰ বাবে মেচাৰ্ছ ভাৰত এ টু জেড প্রাইভেট লিমিটেডক অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ অধীনত ৪৭৫ কোটি টকা প্রদানৰ অনুমোদন জনায়। প্রকল্পটোরে প্রায় ৯০০জন যুৱক-যুৱতীৰ নিয়োগ সৃষ্টি কৰিব।
