শুৱালকুছি ক্রীড়া ক্ষেত্ৰ আৰু বংশৰত মিনি ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে কামৰূপ জিলাৰ শুৱালকুছি ক্রীড়া ক্ষেত্ৰ আৰু বংশৰ মিনি ষ্টেডিয়াম ৰাইজৰ বাবে উৎসর্গা কৰে। শুৱালকুছিত প্রায় ৬৭.৫১ কোটি টকাৰ অনুমোদিত ব্যয়সাপেক্ষে নির্মিত অত্যাধুনিক শুৱালকুছি ক্রীড়া ক্ষেত্র উদ্বোধন কৰি অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ পৰা ক্ৰীড়া জগতত শুৱালকুছিয়ে এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। তেওঁ কয় যে এই ক্রীড়া ক্ষেত্ৰখনত ফিফাৰ মানৰ এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলপথাৰ, ৮ লেনযুক্ত আধুনিক এথলেটিক ট্রেক, ৬ হাজাৰ আসন ক্ষমতাৰ গেলাৰীসহ পেভিলিয়ন, ডিছকাছ থ্র’, হামাৰ থ্র’, জেভেলিন, শ্বট পুট, ষ্টিপলেছ, হার্ডলিং, লং জাম্প, ট্রিপল জাম্প, প’ল ভল্ট আদি সকলো এথলেটিক ইভেন্টৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি, ভলীবল আৰু বাস্কেট বল কর্ট, ৭২০খন আসন ক্ষমতাৰ ইনণ্ড’ৰ ষ্টেডিয়াম, ২খন বেডমিন্টন কর্ট, ৪খন টেবুল টেনিছ কর্ট, জিমনাছিয়াম, মার্চিয়েল আৰ্টৰ সুবিধা, ড্রেছিং ৰুম, ডর্মিটৰী, বাহিৰৰ পৰা অহা ল’ৰা-ছোৱালীৰ সুবিধাৰ বাবে পৃথক ট্রেনজিট হোষ্টেল, হাই-মাষ্ট লাইট আৰু কেম্পাছ লাইট, প্রশাসনিক ভৱন, সু-সজ্জিত গেট, নিৰাপত্তাৰ ব্যৱস্থা আৰু চৌহদৰ দেৱালৰ সৈতে এই ক্রীড়া ক্ষেত্ৰখন অসমৰ উদীয়মান যুৱ শক্তিৰ সপোন পূৰণৰ এখন শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হ’ব বুলি তেওঁ কয়।

ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ প্ৰতিভাসমূহে আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধাৰ মাজেৰে নিজৰ দক্ষতা বিকাশৰ সুবর্ণ সুযোগ লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে। শুৱালকুছি ক্রীড়া ক্ষেত্ৰৰ লগতে অভিযান্ত্রিক মহাবিদ্যালয়খনৰো নিৰ্মাণৰ কাম প্রায় সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা-যোৱা পথটো নিৰ্মাণ হৈ উঠিলে নিৰ্বাচনৰ পিছত অহা বছৰ ইয়াত নামভৰ্তিৰ ব্যৱস্থা কৰিব পৰা যাব। তেওঁ কয় যে বর্তমান স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি আদি উন্নয়নৰ লগতে বিমানবন্দৰলৈ নিমিষতে যাব পৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ আদিয়ে শুৱালকুছিক কেন্দ্র কৰি এই অঞ্চলটোত বিকাশ আৰু উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিছে। তেওঁ কয় যে ১৯৯৩-৯৪ত এই স্থানলৈ অহাৰ সময়ত এই স্থানত যে এখন অত্যাধুনিক ষ্টেডিয়াম নির্মাণ হ’ব পাৰে সেই কথা তেওঁ সপোনতো ভবা নাছিল। কিন্তু ৰাইজৰ আশীৰ্বাদত আজি পৰিৱেশ সলনি হ’ল আৰু ৰাজ্যখন আগবাঢ়ি গৈ থাকিল বুলি তেওঁ কয়।

অনাগত দিনতো বিকাশৰ এই যাত্রা অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই ষ্টেডিয়ামখনৰ আন্তঃগাঁথনিৰ লগতে খেলুৱৈসকলক উন্নত মানৰ প্ৰশিক্ষণ দিয়াৰ বাবে প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰো ব্যৱস্থা কৰা হ’ব। এই অনুষ্ঠানত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ উপৰি কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়া আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ড° শর্মাই ইয়াৰ পিছত কামৰূপ জিলাৰ বংশৰত প্ৰায় ১১ কোটি ৯৭ লাখ টকাৰ অনুমোদিত ব্যয়েৰে নিৰ্মিত অত্যাধুনিক মিনি ষ্টেডিয়ামখন ৰাইজৰ বাবে উৎসর্গা কৰে। এই উপলক্ষে ষ্টেডিয়ামৰ প্ৰাংগণত আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি গন্ধমৌ তথা সমগ্র বংশৰৰ লগতে ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। তেওঁ কয় যে সদৌ বংশৰ ক্ৰীড়া সন্থাৰ খেলপথাৰখন আজি এখন পূর্ণাংগ ষ্টেডিয়ামলৈ ৰূপান্তৰিত হ’ল।

এই ষ্টেডিয়ামখনত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল খেলপথাৰ, দুখন ভলীবল কর্ট, ৫০০খন আসনবিশিষ্ট গেলাৰীসহ সু-সজ্জিত পেভিলিয়ন, হাই-মাষ্ট লাইট আৰু সমগ্ৰ চৌহদত কেম্পাছ লাইট, ২ মিটাৰ প্ৰস্থৰ খোজকঢ়া পথ, উন্নত পানী নিষ্কাশন ব্যৱস্থা, সু-সজ্জিত প্ৰৱেশ-প্রস্থান গেট আৰু নিৰাপত্তা কোঠা সন্নিৱিষ্ট কৰা হৈছে। তেওঁ কয় যে এই ষ্টেডিয়ামখন কেৱল ক্রীড়া আন্তঃগাঁথনিয়েই নহয়, যুৱ সমাজৰ স্বপ্ন, শক্তি আৰু সম্ভাৱনাৰ এখন নতুন মঞ্চ হিচাপে পৰিগণিত হ’ব। ষ্টেডিয়াম নির্মাণ হ’লেও যদি খেলুৱৈ সৃষ্টি নহয়, তেতিয়া ষ্টেডিয়াম নিৰ্মাণৰ উদ্দেশ্য সম্পূর্ণ নহ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ষ্টেডিয়ামখনৰ সৈতে এটা প্রশিক্ষণ একাডেমী গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰিব। এই মিনি স্টেডিয়ামখনৰ লগতে বেডমিন্টন আৰু টেবুল টেনিছ খেলৰ বাবে এখন ইনড’ৰ ষ্টেডিয়াম আৰু ক্রিকেট খেলৰ সুবিধা প্ৰদানৰ বাবেও চিন্তা-চৰ্চা কৰা হ’ব বুলি তেওঁ কয়। অনুষ্ঠানত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ উপৰি কামৰূপ জিলাৰ আযুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে উচ্চ পদস্থ বিষয়া আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
