মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আনুষ্ঠানিক উদ্বোধনৰ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ জ্যোতি-বিষুও আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যৰ যুৱশক্তিক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ এক নতুন দিগন্ত মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেইবাখনো অভিলাষী আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আৰু ‘জীৱন অনুপ্ৰেৰণা’ আঁচনিৰ অধীনত পোনপটীয়া লাভালাভ হস্তান্তৰৰ শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩১টা ‘উদ্যোগ ৪.০’ অত্যাধুনিক প্রযুক্তি কেন্দ্ৰৰ আভাসীয়ভাৱে শুভ উদ্বোধন কৰে। এই অনুষ্ঠানতে তেওঁ অভিলাষী ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু’ আঁচনিৰো আনুষ্ঠানিক উদ্বোধন কৰে। শিক্ষাৰ পৰা কৰ্মসংস্থাপনৰ যাত্ৰাটো সুগম কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভকৰা ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ অধীনত অসমৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা ৪৮,৩১৯ গৰাকী সদ্য স্নাতকক ১২ মাহৰ বাবে মাহিলি ২,৫০০ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হ’ব। এই সাহায্যই যুৱক-যুৱতীসকলক প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি বা উদ্যমিতাৰ পথত আগুৱাই যাবলৈ অর্থনৈতিক সকাহ দিব। সেইদৰে ৰাজ্যৰ বৌদ্ধিক উৎকৰ্ষতা বৃদ্ধিৰ লক্ষ্যৰে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ৰ জৰিয়তে ২,১১২গৰাকী গৱেষকক আর্থিক অনুদান আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত ১৩গৰাকী দিব্যাংগ গৱেষকো অন্তর্ভুক্ত আছে।

পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে ২,১০৯ গৰাকী সাধাৰণ গৱেষকক ২৫,০০০ টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক ৪০,০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ড্রপ আউট ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু’ আঁচনিখনো কাৰ্যকৰী কৰিছে। ৪ লাখতকৈ কম বার্ষিক আয়ৰ পৰিয়ালৰ স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ৪৭,৩৯৫ গৰাকী ছাত্ৰই ইয়াৰ জৰিয়তে সুবিধা লাভকৰিব। স্নাতক মহলাৰ ছাত্ৰসকলে মাহিলি ১,০০০ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে মাহিলি ২,০০০ টকাকৈ (শৈক্ষিক বৰ্ষৰ ১০ মাহৰ বাবে) লাভ কৰিব। উল্লেখ্য যে ইতিপূর্বে ‘নিযুত মইনা’ আঁচনিৰ জৰিয়তে ২.৫০ লাখৰো অধিক ছাত্রী উপকৃত হৈছে। যুৱপ্রজন্মক বিশ্বমানৰ দক্ষতা প্ৰদানৰ বাবে টাটা টেকন’লজিছ লিমিটেডৰ সহযোগত ১৭খন আই টি আই আৰু ১৪খন পলিটেকনিকত ৩১টা অত্যাধুনিক প্রযুক্তি কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই কেন্দ্রসমূহত উন্নত নির্মাণ প্রযুক্তি, স্বয়ংক্রিয়কৰণ (Automation) আৰু ডিজিটেল ডিজাইনৰ দৰে পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। অহা জুন মাহৰ ভিতৰত আৰু ২৪টা এনে কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ প্ৰায় ৩১খন আই টি আই আৰু পলিটেকনিকত আজি অত্যাধুনিক প্রযুক্তি কেন্দ্ৰ মুকলি কৰা হৈছে। এই বিশাল প্রকল্পটোৰ বাবে অসম চৰকাৰ আৰু টাটা টেকন ‘লজিছে সন্মিলিতভাৱে প্রায় ৩,০০০ কোটি টকা ব্যয় কৰিছে। এই অভিলাষী প্রকল্প তথা ইয়াৰ লগত হাতত লোৱা আন আন কাৰ্যসূচীসমূহ হৈছে অসমৰ গতানুগতিক শিক্ষা ব্যৱস্থাৰ পৰা যোগাত্মক পৰিৱৰ্তনৰ পথ প্রশস্ত কৰাৰ এক নিৰন্তৰ প্রয়াস।

অনাগত কেইদিনমানৰ ভিতৰতে টাটা নেলক’ৰ (Tata NELCO) সৈতে আন এখন বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হ’ব, যাৰ জৰিয়তে এই প্রযুক্তি কেন্দ্রসমূহ পর্যায়ক্রমে অসমৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহতো স্থাপন কৰা হ’ব। তেওঁ সদৰী কৰা মতে, বিশ্ববিখ্যাত ‘দছল্ট এভিয়েচন’ (Dassault Aviation) কোম্পানীয়ে গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজত এটা বিশেষ কেন্দ্ৰ স্থাপন কৰিব, য’ত ৰাজ্যৰ শিক্ষাৰ্থীসকলে এৰ’নেটিক ইঞ্জিনীয়াৰিং তথা ৰাফেল বিমানৰ মেৰামতি আৰু পৰিচৰ্যাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব। তেওঁ কয় যে মঙলদৈত স্থাপন কৰা অসম দক্ষতা বিশ্ববিদ্যালয়ত পলিটেকনিক আৰু আই টি আইত লাভ কৰা দক্ষতা শিক্ষাক অধিক ব্যাপকভাবে প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ উপৰি কনকলতা বৰুৱা বিশ্ববিদ্যালয়, পলাশবাৰী-মির্জাৰ ভাৰতীয় তথ্য-প্রযুক্তি প্রতিষ্ঠান, পলাশবাৰীৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আৰু চাংসাৰিৰ নেচনেল ফৰেনছিক ছায়েঞ্চ ইউনিভাছিটীৰ দৰে প্ৰতিষ্ঠানে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক এক নতুন দিশ প্ৰদান কৰিব। বৰ্তমান সময়ত আর্টিফিচিয়েল ইন্টেলিজেঞ্চ বা কৃত্রিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাৰ প্ৰাসংগিকতাক নতুন ৰূপ দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে পূর্বে যিবোৰ কথা শিক্ষাগুৰুক সুধিবলগীয়া হৈছিল, এতিয়া তাক চ্যাট জি পি টি (Chat GPT) বা জেমিনিৰ (Gemini) জৰিয়তে অনায়াসে জানিব পাৰি। কৃষিৰ পৰা বন সংৰক্ষণলৈকে জীৱনৰ প্ৰতিটো দিশতে এতিয়া কৃত্রিম বুদ্ধিমত্তা সংযোজিত হৈছে। ইয়াৰ ফলস্বৰূপে হাস্পতালত চিকিৎসকৰ পৰিৱৰ্তে ৰবটে অপাৰেচন কৰিব আৰু ফেক্টৰীৰ শ্ৰমিকৰ কামো ৰবটে সম্পাদন কৰিব। জাপান ভ্ৰমণৰ অভিজ্ঞতা সোঁৱৰণ কৰি তেওঁ কয় যে তাত এক বৃহৎ ছেমিকণ্ডাক্টৰ উদ্যোগত প্রায় ১ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে, য’ত চিছ প্ৰস্তুতকৰণৰ সমগ্র প্ৰক্ৰিয়া শ্ৰমিকৰ পৰিৱৰ্তে ৰবটে পৰিচালনা কৰে। শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ সলনি এতিয়া প্রযুক্তি জ্ঞানসম্পন্ন দক্ষ যুৱক-যুৱতীৰ প্ৰয়োজন আৰু অনাগত ১০ বছৰৰ পাছত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈও শ্ৰমিকৰ পৰিৱৰ্তে ৰবট আৰু বৃহৎ যন্ত্ৰৰহে প্রয়োজন হ’ব। তেওঁ ভৱিষ্যদ্বাণী কৰি কয় যে ৪জি আৰু ৫জিৰ পৰা যেতিয়া প্রযুক্তি ৯জি বা ১০জি পাবগৈ, তেতিয়া আমেৰিকাৰ চিকিৎসকেও কম্পিউটাৰত নির্দেশ দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্রোপচাৰ কৰিব পাৰিব। বর্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰবটিক ছাৰ্জাৰীৰ সুবিধা আছে, য’ত চিকিৎসকজনে কম্পিউটাৰৰ সহায়ত ৰবটক নিৰ্দেশ দি শল্য চিকিৎসা সম্পন্ন কৰে। লেবৰেটৰীত খাদ্য নিৰ্মাণৰ প্ৰক্ৰিয়াৰে পৃথিৱীখন দ্রুতগতিত আগবঢ়াৰ পৰিপ্ৰেক্ষিতত কেৱল গতানুগতিক বিষয়ত ডিগ্রী লাভকৰিলেই এতিয়া নিযুক্তি নিশ্চিত নহ’বও পাৰে। সেয়েহে ২০ শতাংশ ছাত্রই মূল বিষয়সমূহ (Core Subjects) অধ্যয়ন কৰিলেও বাকী ৮০ শতাংশ ছাত্ৰই প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰা নতুন পৃথিৱীখনৰ বাবে প্ৰস্তুত হ’ব লাগিব। অসমৰ শিক্ষাৰ্থীসকল যাতে পৰিৱৰ্তিত বিশ্বত পিছপৰি নাথাকে, তাৰ বাবে আই টি আইসমূহত এডভাঞ্চ মেনুফেকচাৰিং টেকন ‘লজী আৰু অটোমেচনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে। তেওঁ কয় যে গেছ ক্ৰেকাৰ বা নুমলীগড় শোধনাগাৰৰ দৰে উদ্যোগত ব্যৱহৃত অটোমেচন নিয়ন্ত্রণ কৰিবলৈ দক্ষ যুৱকৰ প্ৰয়োজনীয়তা আছে। টাটা টেকন’লজীৰ সহযোগত ইতিমধ্যে বিভিন্ন শিক্ষানুষ্ঠানত ইণ্ডাষ্ট্রী ৪.০ৰ বাবে এডভাঞ্চ লেব নিৰ্মাণ কৰা হৈছে। আই আই টি গুৱাহাটীয়ে ডাটা ছায়েঞ্চৰ কোৰ্ছ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আর্টিফিচিয়েল ইন্টেলিজেঞ্চৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ লগতে শিক্ষকসকলকো প্রশিক্ষণ দিয়া হৈছে। জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ উপৰি গুৱাহাটী বিমানবন্দৰত ব’য়িং তথা এয়াৰবাছ বিমান মেৰামতিৰ কেন্দ্ৰ স্থাপনৰ দিশতো চৰকাৰ অগ্ৰসৰ হৈছে বুলি তেওঁ অৱগত কৰে। নগাঁৱৰ মিছাত হিন্দুস্তান এৰ’নেটিকছ লিমিটেডে এম আৰ অ’ কেন্দ্ৰ স্থাপন কৰিছে বুলি জানিবলৈ দি তেওঁ কয় যে ৰাজ্যখনত মাদাৰব’ৰ্ড, চিছ তথা ছ’লাৰ পেনেলৰ দৰে উদ্যোগ প্ৰতিষ্ঠাৰ বাবেও চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। শিক্ষার্থীসকলক কেৱল পটুৱালেই নহ’ব। তেওঁলোকক প্রাসংগিক শিক্ষাও প্রদান কৰিব লাগিব, যাতে ডিগ্রী লাভৰ পাছত সংস্থাপনৰ বাবে তেওঁলোকে অপেক্ষা কৰিবলগীয়া নহয়।

চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৰ্তমান এক বিশ্বাসযোগ্য বাতাৱৰণ সৃষ্টি কৰা হৈছে। যোৱা ৫ বছৰত ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। অহা ৫ বছৰতো ১.৫ৰ পৰা ২ লাখ যুৱকক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে ৫৫ হাজাৰ পদ কেৱল শিক্ষক আৰু অধ্যাপকৰ বাবে থাকিব। আই টি আইত উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে দেশৰ বিভিন্ন উৎপাদনকাৰী প্ৰতিষ্ঠানত উচ্চ দৰমহাৰ চাকৰি নিশ্চত কৰাৰ লগতে জাপানী আৰু কোৰিয়ান ভাষা শিকাৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত নিবনুৱা সমস্যা সমাধানৰ বাবে এক নিকা পৰিৱেশ গঢ়ি তোলাৰ লগতে আর্থিক অভাৱৰ বাবে যাতে কোনো ছাত্র-ছাত্রী ড্রপ আউট নহয়, তাৰ বাবে ‘নিযুত মইনা’ আঁচনি কাৰ্যকৰী কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে একেই ধৰণে ছাত্ৰসকলৰ বাবে আজি ‘নিযুত বাবু’ আঁচনি আৰম্ভকৰা হৈছে, য’ত স্নাতক শ্রেণীত নামভৰ্তি কৰা ছাত্ৰই বিনামূলীয়া নামভৰ্তিৰ লগতে ১০ মাহৰ বাবে মাহে ১,০০০ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰই মাহে ২,০০০ টকাকৈ লাভ কৰিব। আনহাতে, সংস্থাপনৰ প্ৰস্তুতি চলাই থকা ছাত্র-ছাত্ৰীসকলৰ বাবে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা’ আঁচনিৰ জৰিয়তে মাহে ২,৫০০ টকাকৈ জলপানি আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি সাধাৰণ গৱেষকসকলক এককালীন ২৫,০০০ টকা আৰু দিব্যাংগ গৱেষকসকলক ৪০,০০০ টকা প্ৰদান কৰা হৈছে। চৰকাৰে সীমিত সম্পদৰ মাজতো ৰাজ্যখনক এটা পৰিয়াল হিচাপে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ সকলোকে এই পৰিৱৰ্তিত পৃথিৱীখনত নিজক প্ৰাসংগিক কৰি তুলিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্রবর্তী, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠী, উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত-সচিব নাৰায়ণ কোঁৱৰ, ভাৰতীয় তথ্য-প্রযুক্তি প্রতিষ্ঠান, গুৱাহাটীৰ প্ৰফেছাৰ এমেৰিটাছ গৌতম বৰুৱা, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰ প্ৰফেছাৰ পৰমেশ্বৰ আয়াৰ, টাটা টেকন’লজিছ লিমিটেডৰ উপাধ্যক্ষ অতীন্দ্ৰ কুমাৰকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আটাইকেইখন আঁচনিৰ জৰিয়তে উপকৃত হোৱা প্রায় ৫ সহস্রাধিক ছাত্র-ছাত্রী, যুৱক-যুৱতী উপস্থিত থকাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও বহুসংখ্যক হিতাধিকাৰীয়ে আভাসীয়ভাবে অংশগ্রহণ কৰে।
